Blog

সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু

সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু

পশ্চিম-মধ্য আফ্রিকান প্রজাতন্ত্রত মঙলবাৰে সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো শ্ৰমিকৰ আবদ্ধ হৈ পৰে ৷ বহু শ্ৰমিক সোণৰ খনিটোৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু তেওঁলোকৰ সন্ধানত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে ৷মঙলবাৰে পুৱা নানা-মাম্বে প্ৰিফেকচাৰৰ আব্বা অঞ্চলত আওপুৰণি প্ৰযুক্তিৰে চলা, গতানুগতিকভাৱে পৰিচালিত খনিটো ভাঙি পৰে ৷
Read More
কলকাতাৰ হোটেলত অগ্নিকাণ্ড

কলকাতাৰ হোটেলত অগ্নিকাণ্ড

পশ্চিমবংগৰ কলকাতাৰ এখন হোটেলত বুধবাৰৰ পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয় ।কলকাতাৰ মিৰ্জা গালিব ষ্ট্ৰীটত অৱস্থিত হোটেলখন এই অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ লগে লগে ৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে ।অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই হোটেলখনৰ ভিতৰৰ পৰা অচেতন অৱস্থাত ৯জন লোকক উদ্ধাৰ কৰে । তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আটাইকেইজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে তেওঁলোকৰ মৃত্যুৰ খবৰ এতিয়াও আনুষ্ঠানিকভাৱে চিকিৎসালয় বা প্ৰশাসনে নিশ্চিত কৰা নাই ।
Read More
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ ডাঙৰ সকাহ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ ডাঙৰ সকাহ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ ডাঙৰ সকাহ ৷ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰান খানক এই সকাহ প্ৰদান কৰিছে । কাৰণ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে মঙলবাৰে দাবী কৰে যে কাৰাগাৰত বন্দী ইমৰাণ খানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । খানৰ হৃদস্পন্দন বৃদ্ধি আৰু উচ্চ ৰক্তচাপক লৈ আৰিফ আলভিয়ে উদ্বেগ প্ৰকাশ কৰে ।স্বাস্থ্যজনিত কাৰণৰ বাবে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক জেলৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।
Read More
৪ জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

৪ জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

প্ৰচণ্ড বৰষুণে ধুৱাই নিছে প্ৰকৃতিৰ ৰাণী, ভাৰতৰ ভূ- স্বৰ্গ হিমাচল প্ৰদেশক। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাটাও ব্যস্ত এলেকাৰ বাট-পথত পানী জমা হৈছে।যাৰ বাবে জনজীৱনতো ব্যাপক প্ৰভাৱ পৰিছে। ৰাজ্যখনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি এই বৰষুণ অনাগত কেইবাদিন ধৰি চলি থাকিব। সেয়ে ৰাজ্যখনৰ ৪খন জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।সতৰ্কবাণী জাৰি কৰা জিলা ৪খন হৈছে ক্ৰমে - বিলাসপুৰ, কাংগ্ৰা, মান্দি আৰু ছাৰমউৰ। এই সতৰ্কবাণী জাৰি কৰা জিলাকেইখনত ধাৰাসাৰ বৰষুণ, বিজুলী ঢেৰেকণিৰ লগতে মৃদু বতাহো বলিব পাৰে।
Read More
প্ৰিমিয়াম আৰু বীমা বৃদ্ধিয়ে সূচাইছে সুৰক্ষিত ভৱিষ্যতৰ দিশ

প্ৰিমিয়াম আৰু বীমা বৃদ্ধিয়ে সূচাইছে সুৰক্ষিত ভৱিষ্যতৰ দিশ

বৰ্তমান সময়ত জীৱনৰ দায়িত্বসমূহ সলনিৰ লগে লগে ভাৰতীয় গ্ৰাহকসকলে অধিক সুৰক্ষা আৱৰণযুক্ত জীৱন বীমা পলিচী বাছনি কৰিবলৈ আৰম্ভ কৰিছে। ইঞ্চুৰেন্স ইনফৰ্মেচন ব্যুৰ' অৱ ইণ্ডিয়া(আইআইবি)ই সংকলন কৰা ২০২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ব্যৱসায়িক তথ্যৰ এক বিশ্লেষণত এই কথা প্ৰকাশ পাইছে। এই ৫ বছৰীয়া সময়ছোৱাৰ বিশ্লেষণে দেখুৱাইছে যে গ্ৰাহকসকলে কম মূল্যৰ পলিচীৰ পৰিৱৰ্তে ডাঙৰ মূল্য বা অংকৰ জীৱন বীমাৰ ফালে ঢাপলি মেলিছে। তথ্য অনুসৰি, ২ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত বীমাকৃত পলিচীৰ অংশ ৫.৬ শতাংশ বৃদ্ধি পাইছে। একেদৰে, ১০ লাখৰ পৰা ২৫ লাখ টকাৰ শ্ৰেণীটোৰ পলিচী ২ শতাংশ বৃদ্ধি পাইছে। আটাইতকৈ লক্ষণীয়ভাৱে, ৫০ লাখ টকাতকৈ অধিক বীমাকৃত পলিচীৰ সংখ্যা…
Read More
অধিক দ্ৰুত গতিত উষ্ম হৈছে পশ্চিম হিমালয়, ২১০০ চনৰ ভিতৰত আটাইতকৈ বেছি বৰফ হ্ৰাস হোৱাৰ সম্ভাৱনা: অধ্যয়ন

অধিক দ্ৰুত গতিত উষ্ম হৈছে পশ্চিম হিমালয়, ২১০০ চনৰ ভিতৰত আটাইতকৈ বেছি বৰফ হ্ৰাস হোৱাৰ সম্ভাৱনা: অধ্যয়ন

'জাৰ্নেল অৱ আৰ্থ চিষ্টেম চাইন্স'ত প্ৰকাশিত এক নতুন অধ্যয়ন অনুসৰি, পশ্চিম হিমালয় অঞ্চলটো পৰ্বতমালাৰ কেন্দ্ৰীয় আৰু পূব অংশতকৈ অধিক দ্ৰুত গতিত উষ্ম হৈ উঠিছে আৰু এই শতিকাৰ শেষৰ ফালে সৰ্বাধিক ঋতুভিত্তিক বৰফ হ্ৰাসৰ সম্ভাৱনা আছে।বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি, মেছৰাৰ ৰিম’ট চেন্সিং এণ্ড জিঅ’ইনফৰ্মেটিক্স বিভাগৰ নেতৃত্বত পুনেৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিয়েল মেটিঅ’ৰ’লজি আৰু অশোকা বিশ্ববিদ্যালয়ৰ সহযোগত কৰা এই অধ্যয়নত ১৯০১ চনৰ পৰা ২০২০ চনলৈকে ১২০ বছৰৰ তাপমাত্ৰাৰ অভিলেখ আৰু পাঁচটা নিৰ্গমন পথৰ অধীনত ৮টা গোলকীয় জলবায়ু আৰ্হিৰ বিভিন্ন দিশৰ সন্দৰ্ভত বিশ্লেষণ কৰা হৈছে।লাডাখ, জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশক সামৰি লোৱা পশ্চিম হিমালয় ইতিমধ্যে প্ৰায় ১° চেলচিয়াছ পৰ্যন্ত উষ্ম হৈ পৰিছে। উচ্চ-নিৰ্গমনৰ পৰিস্থিতিত…
Read More
উত্তৰ-পূৱলৈ প্ৰতিদিনে ১ লাখ SCM গেছ: খোৰাঘাটৰ পৰা NEGG লৈ সংযোগ কৰিলে ONGC এ

উত্তৰ-পূৱলৈ প্ৰতিদিনে ১ লাখ SCM গেছ: খোৰাঘাটৰ পৰা NEGG লৈ সংযোগ কৰিলে ONGC এ

মঙলবাৰে অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন লিমিটেড (ONGC) এ অসমৰ গোলাঘাট জিলাৰ খোৰাঘাট GGS-1 ত গেছ নিষ্কাষণৰ সুবিধা আৰম্ভ কৰিছে। ইয়াৰ ফলত উত্তৰ-পূৱৰ প্ৰাকৃতিক গেছৰ উপলব্ধতা বৃদ্ধি আৰু অঞ্চলটোৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ল। নতুনকৈ আৰম্ভ হোৱা এই সুবিধাৰ জৰিয়তে আপাৰ অসম শ্বেল্ফৰ পৰা উৎপাদিত উদ্বৃত্ত সহযোগী প্ৰাকৃতিক গেছ প্ৰক্ৰিয়াকৰণ কৰি ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড (IGGL) এ নিৰ্মাণ কৰা উত্তৰ-পূৱ গেছ গ্ৰীড (NEGG) ৰ জৰিয়তে নিষ্কাষণ কৰিব পৰা যাব। ইয়াৰ লগতে ডেৰগাঁও-ডিমাপুৰ পাইপলাইনো আৰম্ভ কৰা হৈছে, যাৰ ফলত নাগালেণ্ড উত্তৰ-পূৱ গেছ গ্ৰীডৰ লগতে ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতেও সংযুক্ত হৈছে। ONGC ৰ মতে, এই নতুন…
Read More
২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিব লাগিব বাংলাদেশী মহম্মদ মাছুদক: জিলা উপায়ুক্তৰ আদেশ

২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিব লাগিব বাংলাদেশী মহম্মদ মাছুদক: জিলা উপায়ুক্তৰ আদেশ

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এজন বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা উপায়ুক্তই। ১৯৫০ চনৰ ইমিগ্ৰেণ্টচ্ (এক্সপালচন ফ্ৰম অসম) আইনৰ ২(খ) ধাৰাৰ অধীনত ১৪ আগষ্টত এই বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰা হয়। নিৰ্দেশত প্ৰায় ২৪ বছৰীয়া মহম্মদ মাছুদ ওৰফে মিষ্টাৰক নিৰ্দেশ প্ৰাপ্তিৰ ২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰি দক্ষিণ শালমাৰা-মানকাচৰ/ধুবুৰী পথেৰে সক্ষম কৰ্তৃপক্ষৰ জৰিয়তে বাংলাদেশলৈ আইনসন্মতভাৱে বিতাড়ন বা প্ৰত্যাৱৰ্তনৰ বাবে যাবলৈ কোৱা হৈছে। বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰ গাঁৱৰ বাসিন্দা মাছুদক ২০২৬ চনৰ ১৩ জানুৱাৰীত জৰ্ডাংগা বিঅ’পি অঞ্চলত বিএছএফ জোৱানে অবৈধভাৱে ভাৰত প্ৰৱেশ কৰাৰ অভিযোগত আটক কৰে। পাছত তেওঁক মানকাচৰ…
Read More
হকী তাৰকা লালৰেমছিয়ামি সহ ১৭ জন ক্ৰীড়াবিদে পাব অৰ্জুন বঁটা

হকী তাৰকা লালৰেমছিয়ামি সহ ১৭ জন ক্ৰীড়াবিদে পাব অৰ্জুন বঁটা

ভাৰতীয় হকী তাৰকা লালৰেমছিয়ামি ক্ৰীড়া আৰু খেলত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হোৱা ১৭ জন ক্ৰীড়াবিদৰ ভিতৰত অন্যতম। লালৰেমছিয়ামি ভাৰতৰ আটাইতকৈ সফল মহিলা হকী খেলুৱৈসকলৰ এগৰাকী। মিজোৰামৰ কোলাছিবত জন্মগ্ৰহণ কৰা তেওঁ সৰুতে স্থানীয় একাডেমীলৈ নিৰ্বাচিত হোৱাৰ পাছত হকী খেলিবলৈ আৰম্ভ কৰে। বছৰ পিছত বছৰ ধৰি তেওঁৰ প্ৰতিভা আৰু দৃঢ়তাই তেওঁক ভাৰতীয় মহিলা হকী দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হিচাপে আগবঢ়াই নিয়ে। তেওঁ এছিয়ান গেমছৰ পদক জয় কৰা মিজোৰামৰ প্ৰথমগৰাকী খেলুৱৈ হয় আৰু পাছত অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা খেলুৱৈও হয়। দলৰ খেলুৱৈসকলে মৰমেৰে "চিয়ামি" বুলি মাতে। তেওঁ শতাধিক আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু দেশজুৰি…
Read More
১২৯% বৃদ্ধিৰে এছিয়ান এনার্জি ছাৰ্ভিচেছৰ প্ৰথম তিনিমাহৰ লাভ হ’ল ১২.৮ কোটি টকা

১২৯% বৃদ্ধিৰে এছিয়ান এনার্জি ছাৰ্ভিচেছৰ প্ৰথম তিনিমাহৰ লাভ হ’ল ১২.৮ কোটি টকা

এছিয়ান এনার্জি ছাৰ্ভিচেছ লিমিটেডে ২০২৭ বিত্তীয় বৰ্ষত এক শক্তিশালী আৰম্ভণিৰ কথা সদৰি কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত কোম্পানীটোৰ একত্ৰিত মুঠ লাভ যোৱা বছৰৰ তুলনাত ১২৯% বৃদ্ধি হৈ ১২.৮ কোটি টকা হৈছেগৈ। সমান্তৰালভাৱে কোম্পানীটোৰ ৰাজহ ১৩৫% বৃদ্ধি হৈ ২৭১.২ কোটি টকা স্পৰ্শ কৰিছে।কোম্পানীৰ শক্তিশালী কাৰ্যক্ষমতা, পৰিচালন অনুশাসন আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় পৰিচালনৰ ধাৰাবাহিক গতিৰ ফলত এবিটডা বাৰ্ষিক ভিত্তিত ৮১% বৃদ্ধি হৈ ২১.৯ কোটি টকা হৈছে। কোম্পানীটোৱে জনোৱা অনুসৰি এছিয়ান এনার্জি ছাৰ্ভিচেছ আৰু কুইপাৰ দুয়োটাৰে বাবে ২০২৭ বিত্তীয় বৰ্ষৰ পূৰ্বানুমান অপৰিৱৰ্তিত হৈছে।২০২৬ৰ ৩০ জুনলৈকে কেৱল এছিয়ান এনার্জিৰ অৰ্ডাৰ বুকৰ পৰিমাণ আছিল ১,৭৫৪ কোটি টকা। ইয়াৰে প্ৰায় ৬০% তেল আৰু গেছ…
Read More