Blog

৫বাংলাদেশীক পুনৰ আটক

৫বাংলাদেশীক পুনৰ আটক

অসমৰ সীমান্তত পুনৰ আটক ৫ বাংলাদেশী নাগৰিক।ভাৰতত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰোতেই অসম আৰক্ষীয়ে আটক কৰি আটাইকেইজনক বাংলাদেশলৈ ঘূৰাই পঠিয়ায়। উল্লেখ্য যে, প্ৰায় প্ৰতিদিনেই ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী নাগৰিক আটক হৈছে।পুনৰ আটক হোৱা ৫ বাংলাদেশী ক্ৰমে- হান্সি আখতাৰ, শ্ৰাবনি, শোহাগী খান, চুমি খান আৰু নীলা আখতাৰ । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰিছে।
Read More
অসম আৰক্ষীৰ সফল অভিযান

অসম আৰক্ষীৰ সফল অভিযান

গাঞ্জাৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ সফল অভিযান। অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ নগদ ধন জব্দ। গড়েমাটিখোৱাৰ ৰফিকুল ইছলাম নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই ৭.৮০৫ কিলোগ্ৰাম গাঞ্জাসহ ৩৪১১০ নগদ টকা জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত ৰফিকুল ইছলামক।
Read More
স্প্ৰিণ্টাৰ হিমা দাসক নাডাৰ নিলম্বনে সৃষ্টি কৰিছে বিভ্ৰান্তি

স্প্ৰিণ্টাৰ হিমা দাসক নাডাৰ নিলম্বনে সৃষ্টি কৰিছে বিভ্ৰান্তি

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী স্প্ৰিণ্টাৰ হিমা দাসক ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ ঘটনাত দোষমুক্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি-ড'পিং এজেন্সিয়ে (নাডা) তেওঁক পুনৰ পূৰ্বাৱৰ্তী নিলম্বন কৰিছে। ষোল্ল মাহৰ নিলম্বনৰ ম্যাদ আছিল ২২ জুলাই ২০২৩ ৰ পৰা ২১ নৱেম্বৰ ২০২৪ লৈ আৰু খেলুৱৈগৰাকী এতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মুক্ত কিন্তু আশ্চৰ্যজনকভাৱে, তেওঁ এই বছৰৰ জুনত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। নাডাই শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁ ঠিকনা প্ৰকাশ নকৰাৰ বাবে তেঁওলোকৰ এণ্টি-ড'পিং পেনেলে তেওঁক নিলম্বিত কৰে। নাডা ৱেবছাইট অনুসৰি, 'ধিং এক্সপ্ৰেছ' বুলি খ্যাত হিমাক ৰিজলিউশ্বন চুক্তিৰ অংশ হিচাপে নিলম্বনৰ অধীনত ৰখা হৈছে। তেওঁ বৰ্তমান তিৰুৱন্তপুৰমত প্ৰশিক্ষণ লৈ আছে। তেওঁৰ নিলম্বনৰ ম্যাদে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে…
Read More
২৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত ১২ দিনীয়া অসম গ্ৰন্থমেলা

২৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত ১২ দিনীয়া অসম গ্ৰন্থমেলা

২৭ ডিচেম্বৰৰ পৰা অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা 'অসম গ্ৰন্থমেলা, গুৱাহাটী' ৷  এইবেলি চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাত আয়োজন কৰা 'অসম গ্ৰন্থমেলা, গুৱাহাটী'ৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে এইবেলি দুলীয়াজান, যোৰহাট আৰু নলবাৰীত সফল সামৰণিৰ পাছত গুৱাহাটীত আয়োজন কৰা হৈছে বহু প্ৰতীক্ষিত 'অসম গ্ৰন্থমেলা'৷ এই গ্ৰন্থমেলাত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১১৮  প্ৰকাশন গোষ্ঠী তথা বিপণীয়ে যোগদান কৰিব৷ ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১৬…
Read More
আজি পৱিত্ৰ বৰদিন

আজি পৱিত্ৰ বৰদিন

আজিৰ এই পৱিত্ৰ দিনটোতে ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । ৰাতি ১২ বজাৰ পৰাই ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছিল কেৰ’লৰ ধ্বনি ।খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বিশ্বাস কৰে যে, আজিৰ দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । যীশুখ্ৰীষ্টক সেৱা জনাই তেখেতৰ জন্মদিনটোৰ উপলক্ষে আজিৰ দিনটোত পালন কৰা অহা হৈছে বৰদিন ।ৰঙীন লাইটেৰে সজাই তোলা হৈছে চহৰসমূহো । এক কথাত মঙলবাৰে নিশা সমগ্ৰ ভাৰতৰ চহৰসমূহ ৰঙীন লাইটৰ পোহৰেৰে জিলিকি উঠে, যাৰ ফলত বৰদিন উদযাপনৰ বাবে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।কেৱল অসমতে নহয় উত্তৰ-পূব ভাৰতৰ আন ৰাজ্য কেইখনৰ লগতে ভাৰতৰ প্ৰতিটো প্ৰান্ততে অতি অনন্দৰে উদযাপন কৰা হৈছে খ্ৰীষ্টমাছ ।
Read More
বৰদিনৰ মাজতে ভয়ংকৰ ঘটনা

বৰদিনৰ মাজতে ভয়ংকৰ ঘটনা

আজি পবিত্ৰ বৰদিন। ইয়াৰ মাজতে গুৱাহাটী সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন শ্ৰমিক।গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ শ্ৰমিক হিচাপে নিয়োজিত ঘোষ। নিৰ্মিয়মান উত্তৰ গুৱাহাটী দলঙত বাঘৰ আতংকই বিৰাজ কৰিছে। দলঙৰ ৪নং খুটাত বাঘ দেখি আতংকিত হৈ পৰে শ্ৰমিকসকল। কাম কৰি থকাৰ পুৱা ৫ বজাত সংঘটিত হৈছিল এই ঘটনা। ব্ৰহ্মপুত্ৰৰে সাঁতুৰি অহা প্ৰত্যক্ষ কৰিছিল নাহৰফুটুকীটো। আহত শ্ৰমিক পশ্চিমবংগৰ উদয় ঘোষক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া বাঘৰ সন্ত্ৰাসত আতংকিত শ্ৰমিকে বন্ধ ৰাখিছে নিৰ্মাণকাৰ্য।
Read More
বুজাবুজিৰ চুক্তিত স্বাক্ষৰ নিছান, হোণ্ডা আৰু মিতছুবিচি মটৰ্ছৰ

বুজাবুজিৰ চুক্তিত স্বাক্ষৰ নিছান, হোণ্ডা আৰু মিতছুবিচি মটৰ্ছৰ

নিছান মটৰ কোম্পানী লিমিটেড(“নিছান”), হোণ্ডা মটৰ কোম্পানী লিমিটেড (“হোণ্ডা”) আৰু মিতছুবিচি মটৰ্ছ কৰ্পৰেচন(“মিতছুবিচি মটৰ্ছ”)-এ নিছান আৰু হোণ্ডাৰ মাজত স্বাক্ষৰিত এক বুজাবুজি চুক্তিত উল্লেখ কৰা এক যুটীয়া হোল্ডিং কোম্পানী স্থাপনৰ জৰিয়তে ব্যৱসায়িক একত্ৰিকৰণ সন্দৰ্ভত মিতছুবিচি মটৰ্ছৰ অংশগ্ৰহণ, অন্তৰ্ভুক্তি আৰু সমন্বয় ভাগ-বতৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই ফ্ৰেমৱৰ্কত মিতছুবিচি মটৰ্ছে অংশগ্ৰহণ কৰি আহিছে আৰু তিনিওটা কোম্পানীয়ে আলোচনাৰ সৈতে আগবাঢ়িছে। এই চুক্তিৰ কথা সদৰি কৰি নিছানৰ সঞ্চালক, অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিনিধি কাৰ্যবাহী বিষয়া মাকোটো উচিদাই কয় যে: “আমি আশা কৰোঁ যে যদি এই একত্ৰিকৰণ সফল হয়, তেন্তে আমি এক বিস্তৃত গ্ৰাহক আধাৰৰ কাষ চাপিবলৈ আৰু অধিক মূল্য প্ৰদান…
Read More
দালাই লামাৰ উত্তৰাধিকাৰীৰ বিষয়ে আলোচনা তীব্ৰতৰ

দালাই লামাৰ উত্তৰাধিকাৰীৰ বিষয়ে আলোচনা তীব্ৰতৰ

তিব্বতীয় ধৰ্মীয় নেতা দালাই লামাৰ বৰ্ধিত বয়সৰ বাবে, তেওঁৰ উত্তৰাধিকাৰী কোন হ'ব সেই বিষয়ে আলোচনা তীব্ৰতৰ হৈছে। এই আলোচনাৰ মাজত, দালাই লামাই কৈছে যে তেওঁ ১১০ বছৰ জীয়াই থাকিব। এই বছৰৰ জুন মাহত ৮৯ বছৰীয়া হোৱা দালাই লামাক আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে নিউয়ৰ্কলৈ লৈ যোৱা হৈছিল। একে সময়তে, দালাই লামা অবিহনে তিব্বতী বৌদ্ধসকলৰ ভৱিষ্যতৰ বিষয়ে আলোচনা হৈছিল। অৱশ্যে, এতিয়া দালাই লামাই কৈছে যে তেওঁৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰাৰ একো নাই। এক সাক্ষাৎকাৰত দালাই লামাক তেওঁৰ স্বাস্থ্যৰ বিষয়ে কয় যে মোৰ সপোনতো মই সম্ভৱতঃ ১১০ বছৰ জীয়াই থাকিম। তেওঁ এইটোও কৈছিল যে তেওঁৰ আঁঠু বিষৰ পৰা সুস্থ হৈ আছে। অৱশ্যে, তেওঁ তেওঁৰ…
Read More
নিছান আৰু হোণ্ডাৰ অংশীদাৰে বহনক্ষম গতিশীলতাৰ বাবে যৌথ হোল্ডিং কোম্পানী গঠন কৰিব

নিছান আৰু হোণ্ডাৰ অংশীদাৰে বহনক্ষম গতিশীলতাৰ বাবে যৌথ হোল্ডিং কোম্পানী গঠন কৰিব

নিছান মটৰ কোম্পানী লিমিটেড ("নিছান") আৰু হোণ্ডা মটৰ কোম্পানী লিমিটেডে ("হোণ্ডা") যৌথ হোল্ডিং স্থাপনৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানৰ মাজত ব্যৱসায়িক সংহতিৰ দিশত আলোচনা আৰু বিবেচনা আৰম্ভ কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। কাৰ্বন নিৰপেক্ষ সমাজ আৰু শূন্য-যান-বাহন-মৃত্যু সমাজ লাভৰ দিশত নিজৰ প্ৰচেষ্টা আৰু অধিক ত্বৰান্বিত কৰিবলৈ নিছান আৰু হোণ্ডাই ১৫ মাৰ্চত বাহনৰ বুদ্ধিমত্তা আৰু বৈদ্যুতিকৰণ যুগৰ বাবে কৌশলগত অংশীদাৰিত্বৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। চুক্তি স্বাক্ষৰৰ পিছৰে পৰাই কোম্পানী দুটাৰ মাজত বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে আলোচনা অনুষ্ঠিত হৈ আহিছে। ১ আগষ্টত দুয়োটা প্ৰতিষ্ঠানে কৌশলগত অংশীদাৰিত্বৰ পৰিকাঠামো গভীৰ কৰিবলৈ আৰু এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই অগ্ৰগতিৰ বিষয়ে নিছানৰ অধ্যক্ষ, চিইঅ' আৰু…
Read More
অৰ্গেনিক ইণ্ডিয়াই কিষাণ দিৱস উদযাপন কৰে কৃষকসকলৰ প্ৰকৃতিৰ প্ৰতি সমৰ্পণক সন্মান জনায়

অৰ্গেনিক ইণ্ডিয়াই কিষাণ দিৱস উদযাপন কৰে কৃষকসকলৰ প্ৰকৃতিৰ প্ৰতি সমৰ্পণক সন্মান জনায়

টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ অধীনৰ অৰ্গেনিক ইণ্ডিয়া হৈছে জৈৱিক খাদ্য উদ্যোগৰ এক অগ্ৰণী প্ৰতিষ্ঠান। অৰ্গেনিক ইণ্ডিয়াই শস্যৰ খেতি-উৎপাদন কৰা খেতিয়কসকলক বিশ্বাস আৰু বিশুদ্ধতাৰ সাৰাংশৰে সৰ্বশ্ৰেষ্ঠ প্ৰকৃতিক প্ৰতিপালন কৰাসকলৰ অটল নিষ্ঠা আৰু পৰিৱৰ্তনশীল অৱদানক সন্মান জনাই কৃষক দিৱস উদযাপন কৰিছে। এই বৰ্ষত অৰ্গেনিক ইণ্ডিয়াই কৃষকসকলক শক্তিশালী কৰা আৰু প্ৰকৃতি, সুস্থতা আৰু জীৱিকাৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি নিজৰ শ্ৰদ্ধা প্ৰকাশ কৰিছে। ৮,৫০০ একৰতকৈ অধিক কৃষিভূমি আৰু ২০০০+ কৃষকৰ সৈতে অংশীদাৰিত্বৰে এই অভিযানে প্ৰকৃতি আৰু জৈৱিক ভাৰতৰ মাজৰ বান্ধোনক উজ্বল কৰি তুলিছে, যাৰ শিখৰত উপনীত হৈছে “কুদৰত কি সুদ্ধতা, আপকে হাথো ম্যে” টেগলাইন। এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি টাটা কনজিউমাৰ…
Read More