06
Oct
অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঐতিহ্যমণ্ডিত বস্ত্ৰনগৰী শুৱালকুছিৰ বাথান ভাটিচুবা ৰাজহুৱা খেলপথাৰত আয়োজিত এক বিশেষ সমাৰোহত শিপিনীসকলৰ মাজত উন্নতমানৰ উৰামাকোঁ তাঁতশাল আৰু আধুনিক হস্ততাঁত সঁজুলি আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত আৰু 'ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচী'ৰ (NHDP) অধীনত ৰূপায়িত 'মেগা হেণ্ডলুম ক্লাষ্টাৰ' প্ৰকল্পৰ অংশ হিচাপে এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শুৱালকুছিৰ শিপিনীসকলৰ দক্ষতা আৰু প্ৰযুক্তিৰ মাজত আধুনিক সংযোগ ঘটাই হস্ততাঁত খণ্ডক সম্পূৰ্ণ আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে এই মেগা প্ৰকল্প হাতত লোৱা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত প্ৰায় ৩২.৪১ কোটি টকাৰ বিশাল…
