02
Oct
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত চলি থকা 'নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা' শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত সামৰণি পৰে। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা এই অভিযানত শ শ ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক, এনচিচি (NCC) আৰু এন এছ এছ (NSS) কেডেট, প্ৰাক্তন সৈনিক আৰু বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাই কাছাৰ, শ্ৰীভূমি, ডিব্ৰুগড়, তিনিচুকীয়া, ধুবুৰী, বৰপেটা, ডিফু, হোজাই, কামৰূপ আৰু কামৰূপ (মহানগৰ) আদিকে ধৰি ১০খন জিলা সামৰি লয়। এই যাত্ৰাৰ মূল উদ্দেশ্য আছিল নিচাযুক্ত দ্ৰব্যৰ কু-প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে যুঁজত এক সামূহিক দায়িত্ববোধ গঢ়ি তোলা। গুৱাহাটীৰ জিলা পুথিভঁৰালত আয়োজিত এক অনুষ্ঠানত ভাষণ দি…
