04
Feb
পুনৰ এবাৰ পোহৰলৈ আহিল মহানগৰীৰ আভিজাত্যৰ আঁৰত লুকাই থকা এক অমানৱীয় আৰু নিষ্ঠুৰ নিৰ্যাতনৰ কৰুণ ছবি। সংগীতা-ৱালিউল কাণ্ডৰ দৰেই অনুৰূপ শিশু নিৰ্যাতনৰ কাণ্ড পুনৰ সংঘটিত মহানগৰীত। এইবাৰৰ স্থান পাঞ্জাবাৰীৰ জুৰিপাৰ। এগৰাকী কিশোৰীক বক্স পালেঙৰ ভিতৰত আৱদ্ধ কৰি ৰাখি চলোৱা পাশৱিক অত্যাচাৰে এতিয়া সভ্য সমাজৰ বিবেকক জোকাৰি গৈছে। চুবুৰীয়াৰ ধাৰাবাহিক অভিযোগৰ পাছত দিছপুৰ আৰক্ষীয়ে চলোৱা এক অতি গোপনীয় অভিযানে পোহৰলৈ আনিছে এগৰাকী শিক্ষিত মহিলাৰ ঘৰত চলি থকা শৈশৱৰ এক যন্ত্ৰণাদায়ক অধ্যায়। ঘটনাৰ বিৱৰণ অনুসৰি, পাঞ্জাবাৰীৰ জুৰিপাৰৰ এটা বাসগৃহত এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি আৱদ্ধ কৰি ৰখা হৈছিল। অৰিনা লস্কৰ খাতুন নামৰ এগৰাকী অভিযন্তাৰ ঘৰত ঘৰুৱা বনকৰা হিচাপে থকা এই কিশোৰীগৰাকীক বিচনাৰ বক্সৰ…
