আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস; ১৮ শতাংশ শুল্ক ধাৰ্যৰে ট্ৰাম্প-মোদীৰ ঐতিহাসিক চুক্তি

ভাৰতৰ ওপৰত পূৰ্বৰ ২৫ শতাংশ শুল্ক এতিয়া ১৮ শতাংশলৈ হ্ৰাস কৰিছে আমেৰিকাই। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপৰ পাছতে শুল্ক কৰ্তনৰ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ইয়াৰ লগে লগে বিশ্বৰ দুই বৃহৎ গণতান্ত্ৰিক দেশৰ বাণিজ্যিক সম্পৰ্কই এক নতুন আৰু শক্তিশালী মাত্ৰা লাভ কৰিছে।

এই ঘোষণাত উৎফুল্লিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “মেড ইন ইণ্ডিয়া সামগ্ৰীৰ ওপৰত এতিয়াৰে পৰা ১৮ শতাংশ শুল্ক হ্ৰাস পাব বুলি জানি মই আনন্দিত হৈছোঁ।” তেওঁ লগতে কয়, “যেতিয়া দুখন বৃহৎ অৰ্থনীতি আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰই একেলগে কাম কৰে, তেতিয়া ই আমাৰ জনসাধাৰণক উপকৃত কৰে।”

ইফালে, ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ অনুৰোধ আৰু তেওঁৰ সৈতে থকা বন্ধুত্বৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে। ট্ৰাম্পে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আমাৰ সম্পৰ্ক ভৱিষ্যতে অধিক শক্তিশালী হ’ব।” তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী মোদী আৰু মই এনে দুজন ব্যক্তি যিয়ে কাম কৰি দেখুৱাব পাৰোঁ।”

বিশেষকৈ চীন বা ভিয়েটনামৰ দৰে প্ৰতিযোগী দেশসমূহৰ তুলনাত ভাৰতে এতিয়া আমেৰিকাৰ বজাৰত অধিক সুবিধা লাভ কৰিব। ইয়াৰ বিনিময়ত ভাৰতেও আমেৰিকাৰ পৰা ৫০০ বিলিয়ন ডলাৰৰ শক্তি, প্ৰযুক্তি আৰু কৃষি সামগ্ৰী ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *