Sonakshi Sarkar

1909 Posts
অসমত অবৈধ বাংলাদেশী মুছলমানৰ সংখ্যা ১,০০০ তকৈ অধিক নহয়ঃ আমিনুল ইছলাম

অসমত অবৈধ বাংলাদেশী মুছলমানৰ সংখ্যা ১,০০০ তকৈ অধিক নহয়ঃ আমিনুল ইছলাম

অসমত বসবাস কৰা অবৈধ বাংলাদেশী মুছলমানৰ সংখ্যা সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে এতিয়া এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে এক চাঞ্চল্য্যকৰ দাবী উত্থাপন কৰিছে। সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিধায়কগৰাকীয়ে স্পষ্টকৈ কয় যে যদিহে ঘৰে ঘৰে গৈ এটা সঠিক জৰীপ চলোৱা হয়, তেন্তে ৰাজ্যখনত এহেজাৰতকৈ অধিক অবৈধ বিদেশী নোলাব। বছৰ বছৰ ধৰি বিভিন্ন চৰকাৰী প্ৰক্ৰিয়াৰ জৰিয়তে মুছলমান লোকসকলৰ নাগৰিকত্ব ইতিমধ্যে বাৰে বাৰে পৰীক্ষা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ইছলামৰ মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ সময়ত মুছলমান সম্প্ৰদায়ৰ লোকসকলে আটাইতকৈ বেছি হাৰাশাস্তি আৰু পৰীক্ষাৰ সন্মুখীন হৈছে। এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভিতৰত প্ৰায় ১২ লাখেই অ-মুছলমান আছিল আৰু…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ছুপ্ৰিম ক’ৰ্টত আবেদন জমিয়ত ওলেমাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ছুপ্ৰিম ক’ৰ্টত আবেদন জমিয়ত ওলেমাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আগবঢ়োৱা সাম্প্ৰদায়িক আৰু বিভাজনমুখী মন্তব্যৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত ওলেমা-ই-হিন্দ। সংস্থাটোৰ অধ্যক্ষ মৌলানা মাহমুদ মাদানিয়ে দাখিল কৰা এক আবেদনত সাংবিধানিক পদবীত থকা ব্যক্তিসকলৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ আদালতক আহ্বান জনোৱা হৈছে। ৰাজহুৱা কাৰ্যালয়ৰ অপব্যৱহাৰ কৰি কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত বাধা দিবলৈ জমিয়তে এই আইনী যুঁজ আৰম্ভ কৰিছে। বিগত ২৭ জানুৱাৰীত এটা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে মিঞা ভোটাৰক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা সম্পৰ্কীয় যি বিতৰ্কিত মন্তব্য কৰিছিল, তাক লৈ জমিয়তে তীব্ৰ আপত্তি ব্যক্ত কৰে। আবেদনখনত উল্লেখ কৰা হৈছে যে এয়া কেৱল এক ৰাজনৈতিক বক্তব্য নহয়, বৰঞ্চ এক সমগ্ৰ গোটক কলংকিত কৰাৰ…
Read More
টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ ভয়ংকৰ দুৰ্ঘটনাত শেষ হৈ গ’ল এটি সম্ভাৱনা!

টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ ভয়ংকৰ দুৰ্ঘটনাত শেষ হৈ গ’ল এটি সম্ভাৱনা!

মহানগৰীৰ মাজমজিয়াত মাজনিশা সংঘটিত এক পথ দুৰ্ঘটনাই থিতাতে কাঢ়ি নিলে এগৰাকী উদীয়মান ছাত্ৰীৰ জীৱন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী অল্ট’ বাহনে পথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত ফটাশিল আমবাৰীৰ নিহা দাস নামৰ ২৪ বছৰীয়া যুৱতীগৰাকীৰ থিতাতে মৃত্যু ঘটে। টিউচন শেষ কৰি বন্ধুৰ সৈতে ফুৰিবলৈ ওলাই যোৱা ৰাধাগোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ এনে আকস্মিক বিয়োগে এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, নিহা দাসে দুজন বন্ধুৰ সৈতে এখন ভাড়া কৰা বাহনেৰে ফুৰিবলৈ ওলাই গৈছিল। সন্ধিয়া ঘৰৰ পৰা নিজৰ স্কুটীখন লৈ ওলাই গৈছিল যদিও পৰৱৰ্তী সময়ত স্কুটীখন এক নিৰাপদ স্থানত থৈ তেওঁ বন্ধুৰ সৈতে বাহনখনত উঠিছিল। দুৰ্ঘটনাটো…
Read More
বাংলাদেশী মাছৰ বিৰুদ্ধে মেঘালয়ত কঠোৰ নিষেধাজ্ঞাঃ দুখন জিলাত নিৰ্দেশনা জাৰি

বাংলাদেশী মাছৰ বিৰুদ্ধে মেঘালয়ত কঠোৰ নিষেধাজ্ঞাঃ দুখন জিলাত নিৰ্দেশনা জাৰি

বাংলাদেশৰ পৰা অবৈধভাৱে আমদানি কৰা মাছে মেঘালয়ৰ জনস্বাস্থ্য আৰু জৈৱ-সুৰক্ষাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ দুখনকৈ জিলাত তেনে মাছৰ বিক্ৰী আৰু পৰিবহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সীমান্তৰ উন্মুক্ত পথেৰে অনিয়ন্ত্ৰিতভাৱে সোমাই অহা মাছৰ চালানে স্থানীয় বজাৰ দখল কৰাৰ পাছতে সোমবাৰে পূব খাচী পাহাৰ আৰু দক্ষিণ-পশ্চিম খাচী পাহাৰ জিলা প্ৰশাসনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। কোনো ধৰণৰ বৈধ নথি-পত্ৰ নোহোৱাকৈ চুবুৰীয়া দেশখনৰ পৰা অহা এই মাছসমূহে জনস্বাস্থ্যৰ বাবে মাৰাত্মক বিপদ মাতি আনিব পাৰে বুলি প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে। পূব খাচী পাহাৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশে এক নিষেধাজ্ঞা জাৰি কৰি কয়, “বৈধ নথি অবিহনে বাংলাদেশৰ পৰা অবৈধভাৱে আমদানি কৰা মাছৰ…
Read More
চিকেন নেকত ৪০ কিঃমিঃ ভূগৰ্ভস্থ ৰেলপথঃ উত্তৰ-পূবৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ মেগা প্লেন

চিকেন নেকত ৪০ কিঃমিঃ ভূগৰ্ভস্থ ৰেলপথঃ উত্তৰ-পূবৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ মেগা প্লেন

দেশৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰা অতি স্পৰ্শকাতৰ চিকেন নেক কৰিডৰৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া হাতত লৈছে মাটিৰ তলেৰে ৰেলপথ নিৰ্মাণৰ এক বৃহৎ পৰিকল্পনা। পশ্চিমবংগৰ শিলিগুৰি অঞ্চলৰ এই ঠেক ভূ-খণ্ডক লৈ চুবুৰীয়া দেশৰ বিতৰ্কিত মন্তব্য আৰু কৌশলগত ভাবুকিৰ মাজতে সোমবাৰে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঐতিহাসিক প্ৰকল্পৰ কথা ঘোষণা কৰে। ৰাজ্যখনৰ প্ৰতিৰক্ষা আৰু যাতায়াত ব্যৱস্থাক অভেদ্য কৰি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিয়ে ভৱিষ্যতে যিকোনো জৰুৰী পৰিস্থিতিত যোগাযোগ ব্যৱস্থা অক্ষুণ্ণ ৰাখিব। সংবাদ মেল সম্বোধন কৰি ৰেল মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবৰ সৈতে দেশৰ সংযোগ সুৰক্ষিত কৰিবলৈ এই ৪০ কিলোমিটাৰ কৌশলগত কৰিডৰত বিশেষ গুৰুত্ব দিয়া হৈছে। পৰিকল্পনা অনুসৰি, পশ্চিমবংগৰ…
Read More
হিমন্তৰ ‘মিঞামুক্ত অসম’ৰ হুংকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছঃ ৰাজ্যৰ ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ ৰণদীপ সুৰজেৱালাৰ

হিমন্তৰ ‘মিঞামুক্ত অসম’ৰ হুংকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছঃ ৰাজ্যৰ ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ ৰণদীপ সুৰজেৱালাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আগবঢ়োৱা মিঞামুক্ত অসমৰ ঘোষণাই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে এক তীব্ৰ বিতৰ্কৰ। সোমবাৰে গুৱাহাটীত উপস্থিত হৈ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ণণদীপ সুৰজেৱালাই মুখ্যমন্ত্ৰীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰি ইয়াক অসমীয়া পৰিচয়ৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰে। বিজেপি চৰকাৰে ষষ্ঠ অনুসূচীৰ সাংবিধানিক সুৰক্ষা উলংঘা কৰি একাংশ পুঁজিপতি গোষ্ঠীক ৰাজ্যৰ মাটি উপহাৰ দিয়া বুলিও তেওঁ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সুৰজেৱালাই মুখ্যমন্ত্ৰীৰ দাবীক মুঙেৰীলালৰ স্বপ্ন বুলি অভিহিত কৰি প্ৰশ্ন কৰে যে যোৱা ১১ বছৰ ধৰি শাসনত থকাৰ পাছত এতিয়াহে কিয় এনে ঘোষণা কৰিবলগীয়া হৈছে। তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা, সংস্কৃতি আৰু…
Read More
শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

শ্ৰীলংকাৰ বিৰুদ্ধে বৰষুণৰ ফলত প্ৰভাৱিত হোৱা দ্বিতীয়খন টি-২০ত ইংলেণ্ডে ডাকৱৰ্থ-লুইছ পদ্ধতিত ৬ উইকেটত জয়লাভ কৰে। খেলখনত টম বেনটনে ৩৩টা বলত অপৰাজিত ৫৪ ৰান সংগ্ৰহ কৰে, যাৰ সহায়ত ইংলেণ্ডে শৃংখলাটো দখল কৰে। তিনিখন মেচৰ শৃংখলাত ইংলেণ্ডে ২-০ ত অগ্ৰগতি লাভ কৰিছে। বেনটনে নিজৰ ইনিংছত তিনিটা ছয় আৰু চাৰিটা চাৰি ৰান সংগ্ৰহ কৰি ১৭ অভাৰত ১৬৮ ৰানৰ সংশোধিত লক্ষ্যৰ প্ৰতি সঁহাৰি জনাই ইংলেণ্ডক ১৬.৪ অভাৰত ৪ উইকেটত ১৭৩ ৰান সংগ্ৰহ কৰাত সহায় কৰে। জোছ বাটলাৰে ২৯টা বলত ৩৯ ৰান সংযোজন কৰে। ইয়াৰ পূৰ্বে শ্ৰীলংকাই ৫ উইকেটত ১৮৯ ৰান সংগ্ৰহ কৰিছিল। পৱন ৰত্নায়কে ২২টা বলত ৪০ ৰান সংগ্ৰহ কৰে। বৰষুণ প্ৰভাৱিত প্ৰথমখন খেলত…
Read More
ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে

ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে

বাংলাদেশক সমৰ্থন জনাই ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে। পাকিস্তান চৰকাৰে দেওবাৰে ঘোষণা কৰে যে পাকিস্তান ক্ৰিকেট দলে টি-২০ বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰিব যদিও প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰিব। অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া আছিল টি-২০ বিশ্বকাপৰ খেলখন।  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশে ভাৰতত নিৰাপত্তাৰ কথা দোহাই দি ভাৰতত বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত লৈছিল। বাংলাদেশৰ এই সিদ্ধান্তক সমৰ্থন কৰিলে পাকিস্তানে। পাকিস্তানেও বিশ্বকাপৰ পৰা আঁতৰি যাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সেয়া নহ’ল, পাকিস্তান চৰকাৰে বৰ্জন ভাৰত-পাকিস্তানৰ মেচতে সীমাবদ্ধ কৰি ৰাখিলে। পাকিস্তান চৰকাৰে…
Read More
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰণহুংকাৰঃ মহাত্মা গান্ধীৰ নাম বিলোপৰ চক্ৰান্তৰ বিৰোধিতাৰে ডিগবৈত উত্তাল প্ৰতিবাদ

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰণহুংকাৰঃ মহাত্মা গান্ধীৰ নাম বিলোপৰ চক্ৰান্তৰ বিৰোধিতাৰে ডিগবৈত উত্তাল প্ৰতিবাদ

গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন চমুকৈ এমজিএনৰেগাৰ নাম সলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে শ শ কংগ্ৰেছ কৰ্মী। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে ডিগবৈৰ টিংৰাই বজাৰত ডিগবৈ ব্লক কংগ্ৰেছে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ‘মনৰেগা বচাওঁ সংগ্ৰাম’ শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে চৰকাৰী আঁচনিসমূহৰ সুৰক্ষাৰ দাবী জনায়। টিঙৰাই বজাৰৰ পূজা মণ্ডপত সমবেত হোৱা কংগ্ৰেছ কৰ্মীসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি বিভিন্ন শ্ল’গান দিয়ে। প্ৰতিবাদকাৰীসকলৰ মতে, কংগ্ৰেছ চৰকাৰৰ দিনৰ এই জনহিতকৰ আঁচনিখনৰ নাম সলনি কৰাৰ আঁৰত ইয়াৰ আইনী মৰ্যাদা হ্ৰাস কৰাৰ এক গভীৰ চক্ৰান্ত…
Read More
বুৰঞ্জীৰ তথ্য সংশোধন: শিক্ষা বিভাগক পাঠ্যপুথি আপডেটৰ নিৰ্দেশ

বুৰঞ্জীৰ তথ্য সংশোধন: শিক্ষা বিভাগক পাঠ্যপুথি আপডেটৰ নিৰ্দেশ

অসমৰ ইতিহাসৰ শাৰাইঘাটৰ যুদ্ধৰ বিষয়ে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, লাচিত বৰফুকনৰ সহযোগী বাঘ হাজৰিকা নামৰ কোনো যোদ্ধা তাৰ যুদ্ধে অংশ নোনিছিল। ইয়াৰ বিপৰীতে, মিচিং নেতা মিৰি সন্দিকৈহে সেই সময়ত মোগলৰ বিৰুদ্ধে যুঁজিছিল। শিক্ষা বিভাগক এই ঐতিহাসিক সত্য সঠিকভাবে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ নির্দেশনা দিয়া হৈছে। মুখ্যমন্ত্রীৰ দাবী অনুসাৰে, বাঘ হাজৰিকা এজন অসমীয়া মুছলমান যোদ্ধা আছিল যিয়ে মোগলৰ বিৰুদ্ধে সাহসেৰে যুঁজ কৰিছিল। তেওঁৰ জন্মস্থান বুজাবলৈ গড়গাঁৱৰ অত্যৱৰ্তী ঢেকৰীগাঁৱৰ চাৰিওফালে বিশ্লেষণ কৰা হৈছে। এই সিদ্ধান্তে বৌদ্ধিক মহলত তীব্ৰ বিতাৰ্কৰ সৃষ্টি কৰিছে। ইতিহাসবিদ ৰমিলা থাপাৰৰ মতে, পাঠ্যপুথিৰ পৰা নিৰ্দিষ্ট সময়কাল বা বংশৰ ইতিহাস আঁতৰোৱা…
Read More