31
Jan
অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, প্ৰকৃতিপ্ৰেমী ব্যক্তি হিচাপে বিশেষ সুনাম থকা মহেন্দ্ৰ দাসৰ চিকিৎসাধীন অৱস্থাত আজি পুৱতি নিশা গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। ১৯৪৫ চনৰ ২৬ মে'ত শোণিতপুৰ জিলাৰ ৰাঙলিয়ান গাঁৱত জন্মগ্ৰহণ কৰা মহেন্দ্ৰ দাসে চাকৰি জীৱনৰ লগতে অৱসৰ গ্ৰহণ কৰাৰ পাছতো "এক বৃক্ষ দশ পুত্ৰ সম" নীতিৰ আধাৰত নিজৰ জন্মগাওঁ ৰাঙলিয়ান গাঁৱত পতিত মাটি, খালী হৈ থকা চৰকাৰী মাটি , পথৰ দাঁতিত ব্যাপক হাৰত গছপুলি ৰোপণ কৰি সাধাৰণ ৰাইজৰ লগতে বন বিভাগৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। একেদৰে জীৱ জন্তুৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে মৃত্যুৰ সময়ত…
