Sonakshi Sarkar

1909 Posts
এনে দানৱ দুই-তিনিটাহে জন্ম হয়ঃ গৰিমা, ৩ অভিযুক্তৰ জামিন নাকচ

এনে দানৱ দুই-তিনিটাহে জন্ম হয়ঃ গৰিমা, ৩ অভিযুক্তৰ জামিন নাকচ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তই এতিয়া লাভ কৰিছে এক নতুন মোৰ। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এই চাঞ্চল্য্যকৰ গোচৰৰ তিনিগৰাকী অভিযুক্ত অমৃতাপ্ৰভা মহন্তৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন খাৰিজ কৰে। অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধনৰ আত্মসাতৰ দৰে গুৰুতৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, বিশেষ তদন্তকাৰী দল আৰু গৰিমা শইকীয়া গাৰ্গে অভিযুক্তকেইজনক জামিন প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামাৰে আদালতত যুক্তি দৰ্শায় যে জুবিন গাৰ্গৰ যত্ন আৰু নিৰাপত্তাৰ বাবে দুই দেহৰক্ষীক যি ধন অৰ্পণ কৰা হৈছিল, তেওঁলোকে সেই বিশ্বাস ভঙ্গ কৰি নিজৰ…
Read More
কৰ্তব্যৰত অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনৰক্ষী দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ ; পৰিয়ালক উপযুক্ত আর্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী

কৰ্তব্যৰত অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনৰক্ষী দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ ; পৰিয়ালক উপযুক্ত আর্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাজে সময়ে বনৰীয়া হাতী বা আন জীৱ - জন্তুৰ আক্ৰমণত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত কেবাজনো  বনকৰ্মীৰ মৃত্যু হোৱাৰ কেবাটাও ঘটনা সংঘটিত হৈছে।  ইয়াৰ মাজতে ২৯ জানুৱাৰীৰ দিনা পুৱতি নিশা  বন বিভাগৰ নগাওঁ বন সংমণ্ডলৰ শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ  বনৰক্ষী দিলীপ কোঁৱৰ (৫৬) বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা সাধাৰণ ৰাইজক ৰক্ষা কৰিবলৈ গৈ হাতীৰ আক্ৰমণত ওলোটাই নিজেই নিহত হবলগীয়া হয়। এই কৰুণ ঘটনাই সাধাৰণ ৰাইজৰ লগতে বন বিভাগত শোকৰ ছাঁ পেলাইছে। আনহাতে  কৰ্তব্যৰত  অৱস্থাত এনে এক শোকাবহ অৱস্থাত  ঘটনাত দুজনকৈ বনকৰ্মী নিহত হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বন কৰ্মচাৰী…
Read More
টি-২০ বিশ্বকাপ বৰ্জন নকৰে পাকিস্তানে

টি-২০ বিশ্বকাপ বৰ্জন নকৰে পাকিস্তানে

পাকিস্তান ক্ৰিকেট দলেটি-২০ বিশ্বকাপ বৰ্জন নকৰাৰ সিদ্ধান্ত লৈছে । পিচিবিৰ সূত্ৰৰ উদ্ধৃতি দি নিউজ এজেন্সী পিটিআইয়ে দাবী কৰিছে যে পাকিস্তানী দলৰ সূচী চূড়ান্ত কৰা হৈছে। ২ ফেব্ৰুৱাৰীত কলম্বোলৈ ৰাওনা হ’ব দলটো। ইয়াৰ সৈতে পাকিস্তানে বিশ্বকাপৰ পৰা আঁতৰি যোৱা বা ভাৰতক খেলিব নোৱাৰাৰ জল্পনা-কল্পনাৰ কাৰ্যতঃ অন্ত পৰিল। শীঘ্ৰে পিচিবিয়ে অংশগ্ৰহণ নিশ্চিত কৰাৰ সম্ভাৱনা আছে। ভাৰতত খেলিব নোৱাৰা সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ নিৰাপত্তাজনিত উদ্বেগক পিচিবিয়ে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে। কিন্তু আইচিচিয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা কাঠামোৰ ভিতৰতে কৰিব বিচাৰে। বিচিচিআই, পিচিবি, আইচিচিৰ মাজত ত্ৰিপাক্ষিক চুক্তি। এই চুক্তিৰ অধীনত আইচিচি প্ৰতিযোগিতাত ভাৰত-পাকিস্তানৰ সকলো মেচ ২০২৭ চনলৈকে নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব।পিচিবিয়ে…
Read More
ৰঙিয়াত জিআৰপি জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ! দুৰ্বৃত্তৰ আক্ৰমণৰ সন্দেহ

ৰঙিয়াত জিআৰপি জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ! দুৰ্বৃত্তৰ আক্ৰমণৰ সন্দেহ

কৰ্তব্যৰ পৰা ঘৰলৈ ওভতাৰ পথতে নৃশংস হত্যাৰ বলি হ’ল এজন জিআৰপি জোৱান। ৰঙিয়াৰ বলাগাঁও ২নং ৱাৰ্ডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আজি এগৰাকী জিআৰপি জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। নিহত জোৱানজনক ৰঙিয়াৰ সমীপৱৰ্তী কনিহাৰ গাঁৱৰ ইমৰান হুছেইন বুলি চিনাক্ত কৰা হয়। নিশা প্ৰায় ১০ বজাত ৰঙিয়া জিআৰপি থানাৰ পৰা নিজৰ ঘৰলৈ বাইকেৰে গৈ থকা অৱস্থাতে এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীৰ সবিশেষ তথ্য অনুসৰি, মৃতদেহটো উদ্ধাৰ হোৱা স্থানৰ কাষতে আৰক্ষীয়ে তেজৰ চেকুৰা লগা কেবাটাও শিল উদ্ধাৰ কৰে। ইয়াৰ উপৰি ঘটনাস্থলীত ইমৰান হুছেইনৰ বান্দৰ টুপী আৰু হেলমেট পৰি থকা অৱস্থাত পোৱা যায় যদিও তেওঁ…
Read More
জঘন্য কাণ্ড! ই-ৰিক্সা চালকক জিপচীৰ বনেটত তুলি ২৫০ মিটাৰ চোঁচৰালে পাষণ্ডই

জঘন্য কাণ্ড! ই-ৰিক্সা চালকক জিপচীৰ বনেটত তুলি ২৫০ মিটাৰ চোঁচৰালে পাষণ্ডই

এজন ই-ৰিক্সা চালকক খুন্দা মাৰি গাড়ীৰ বনেটত উঠাই ২০০ মিটাৰ পৰ্যন্ত টানি লৈ গ'ল এজন জীপচী চালকে। উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত সংঘটিত এই ভয়ংকৰ কাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জীপচী চালকজনে প্ৰথমে খুন্দা মাৰে ই-ৰিক্সা চালকক আৰু এই প্ৰচণ্ড খুন্দাত চিটিকি জীপচীখনৰ বনেটত পৰা চালকজনক তীব্ৰ বেগেৰে ১৫ মিনিট ধৰি ঘূৰাই ফুৰে পাষণ্ড চালকজনে। ঘটনাৰ বিৱৰণি অনুসৰি, ৰামপুৰৰ হাইৱেস্থিত পেটেল চ'কৰ ওচৰত আজি পুৱা প্ৰায় ১১ বজাত এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। তীব্ৰবেগী জিপচীখনৰ খুন্দাত ই-ৰিক্সাখন ওলট খাই পৰে আৰু চালকজনৰ নাক-মুখেৰে তেজ ওলাই গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছত অভিযুক্তই পলাই যাবলৈ…
Read More
ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ তীব্ৰ অভিযানঃ দুই উপত্যকাত ৯.২ কোটি টকাৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ তীব্ৰ অভিযানঃ দুই উপত্যকাত ৯.২ কোটি টকাৰ ড্ৰাগছ জব্দ

ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে পুনৰ এক সফলতা লাভ কৰিবলৈ সক্ষম হ'ল অসম আৰক্ষী। ৰাজ্যৰ দুখনকৈ জিলা চিৰাং আৰু কাছাৰত চলোৱা এক সমন্বিত অভিযানত আৰক্ষীয়ে জব্দ কৰে ৯.২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী। এই সৰবৰাহৰ সৈতে জড়িত ৩ জনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই বৃহৎ সফলতাৰ কথা ৰাজহুৱা কৰে। অভিযানৰ সবিশেষ তথ্য অনুসৰি, চিৰাং জিলাৰ বিজনী অঞ্চলৰ পৰা আৰক্ষীয়ে ৪.৫ কোটি টকা মূল্যৰ নিষিদ্ধ ইয়াবা টেবলেট উদ্ধাৰ কৰে। এই ঘটনাত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। থাইলেণ্ডত 'ক্ৰেজি মেডিচিন' হিচাপে পৰিচিত এই মাৰাত্মক ড্ৰাগছ বিধে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ চৰম ক্ষতি সাধন কৰে। ইফালে…
Read More
ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষা পি টি ঊষাৰ স্বামী ভেংগালি শ্রীনিবাসনৰ বিয়োগ

ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষা পি টি ঊষাৰ স্বামী ভেংগালি শ্রীনিবাসনৰ বিয়োগ

এগৰাকী মহান ক্ৰীড়াবিদৰ জীৱনৰ আটাইতকৈ শক্তিশালী স্তম্ভৰ বিয়োগে এতিয়া মৰ্মাহত কৰি তুলিছে দেশৰ ক্ৰীড়া জগতক। ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষা তথা ৰাজ্যসভাৰ সাংসদ পি টি ঊষাৰ স্বামী ভেংগালি শ্রীনিবাসনৰ শুকুৰবাৰে পুৱতি নিশা দেহাৱসান ঘটে। থিক্কোডিৰ পেৰুমালপুৰমস্থিত নিজ বাসগৃহত নিশা প্ৰায় ১২:৩০ বজাত ৬৩ বছৰীয়া শ্রীনিবাসন হঠাৎ অসুস্থ হৈ পৰে। পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ পেৰুমালপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন কৰ্মচাৰী শ্রীনিবাসন পি টি ঊষাৰ সুদীৰ্ঘ ক্ৰীড়া আৰু ৰাজনৈতিক জীৱনৰ অবিচ্ছেদ্য অংশ আছিল। ঊষাৰ প্ৰতিটো সফলতা আৰু সংগ্ৰামৰ মুহূৰ্তত তেওঁ ছাঁৰ দৰে লগত থাকি এক অনন্য প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছিল। ক্ৰীড়াক্ষেত্ৰৰ বহু…
Read More
বিশ্বকাপ বৰ্জন নাটক বাংলাদেশৰঃ ভাৰতৰ মাটিতে অংশ ল’ব শ্বুটিং চেম্পিনশ্বিপত

বিশ্বকাপ বৰ্জন নাটক বাংলাদেশৰঃ ভাৰতৰ মাটিতে অংশ ল’ব শ্বুটিং চেম্পিনশ্বিপত

টি-২০ বিশ্বকাপ বৰ্জনক লৈ বাংলাদেশে গ্ৰহণ কৰা স্থিতিয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিৰাপত্তাজনিত কাৰণ দেখুৱাই ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগা এই টুৰ্ণামেণ্টত অংশ নোলোৱাৰ যি সিদ্ধান্ত বাংলাদেশে গ্ৰহণ কৰিছে, সি এতিয়া দেশখনৰ দ্বৈত স্থিতি প্ৰকট কৰিছে। ভাৰতৰ মাটিত বাংলাদেশী ক্ৰিকেটাৰসকল সুৰক্ষিত নহয় বুলি মহম্মদ ইউনুছ চৰকাৰে যুক্তি দি ক্ৰিকেট দলটো পঠোৱাৰ পৰা বিৰত থাকে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আই চি চিয়ে বাংলাদেশৰ স্থানত ইতিমধ্যে স্কটলেণ্ডক বিশ্বকাপত অন্তৰ্ভুক্ত কৰে। ক্ৰিকেটৰ ক্ষেত্ৰত নিৰাপত্তাৰ শংকা ব্যক্ত কৰিলেও নতুন দিল্লীত অনুষ্ঠিত হ’বলগা এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে বাংলাদেশ দলে চৰকাৰী অনুমতি লাভ কৰিছে। চৰকাৰৰ এই অনুমতি প্ৰদানৰ কাৰ্যই ক্ৰিকেট বৰ্জনৰ বিষয়টোক লৈ…
Read More
আজি জুবিন গাৰ্গ গোচৰৰ জামিন আবেদনৰ শুনানিঃ মুক্তি পাব নেকি অভিযুক্তই…

আজি জুবিন গাৰ্গ গোচৰৰ জামিন আবেদনৰ শুনানিঃ মুক্তি পাব নেকি অভিযুক্তই…

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰা আইনী মেৰপেচৰ মাজতে আজি প্ৰদান কৰা হ’ব এক গুৰুত্বপূৰ্ণ ৰায়। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এই গোচৰৰ তিনিজন অভিযুক্তৰ জামিন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি সিদ্ধান্ত প্ৰদান কৰিব। কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই ব্যক্তিগত দেহৰক্ষী পৰেশ বৈশ্য তথা নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ ওপৰত আজি বিয়লিৰ ভাগলৈ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, যোৱা ২২ জানুৱাৰীত অনুষ্ঠিত শুনানিৰ সময়ত 'নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল'ৰ সঞ্চালক শ্যামকানু মহন্ত আৰু জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গে নিজৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল। এছ আই টিৰ অভিযোগনামা অনুসৰি শ্যামকানু মহন্তৰ বিৰুদ্ধে…
Read More
কৃষ্ণাইত নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ! তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

কৃষ্ণাইত নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ! তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ (ডব্লিউ চি চি বি) অভিযানে এক বৃহৎ সফলতা লাভ কৰে। অভিযানকাৰী দলে নাহৰফুটুকী বাঘৰ ছাল আৰু কিছুমান হাড় জব্দ কৰাৰ লগতে এই অপৰাধৰ সৈতে জড়িত তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, কালি সন্ধিয়া প্ৰায় ৫ বজাত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ আৰু কৃষ্ণাই কেন্দ্ৰীয় বনাঞ্চল কাৰ্যালয়ে এক গোপন সূত্ৰৰ আধাৰত কৃষ্ণাইৰ পাইকানৰ মাদাপাৰাত ২১১ নং ৰাষ্ট্ৰীয় পথৰ কাষত খাপ পিটি আছিল। কিছু সময়ৰ পাছতে তিনিজন যুৱকে বস্তাৰ টোপোলা লৈ ৰাষ্ট্ৰীয় পথেৰে আহি থকা অৱস্থাত বনৰক্ষী বাহিনীয়ে তেওঁলোকক ঘেৰাও কৰি টোপোলাটোত তালাচী চলায়। তালাচীত এটা নাহৰফুটুকী বাঘৰ ছাল আৰু কেতবোৰ হাড়…
Read More