Sonakshi Sarkar

1909 Posts
মিঞাৰ বিৰুদ্ধে পুনৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ, নিৰ্মাণ কাৰ্যত বাধ্যতামূলক ৫০ শতাংশ থলুৱা শ্ৰমিক

মিঞাৰ বিৰুদ্ধে পুনৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ, নিৰ্মাণ কাৰ্যত বাধ্যতামূলক ৫০ শতাংশ থলুৱা শ্ৰমিক

মিঞাৰ বিৰুদ্ধে পুনৰ হুংকাৰ তুলি এইবাৰ চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ কৌশলগত সিদ্ধান্ত। ৰাজহুৱা নিৰ্মাণ বিভাগৰ অধীনৰ সকলো অনাগত প্ৰকল্পত কমেও ৫০ শতাংশ থলুৱা শ্ৰমিকক নিযুক্তি দিয়াটো বাধ্যতামূলক কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি ৰাজ্যৰ নিৰ্মাণ খণ্ডত খিলঞ্জীয়া লোকৰ আধিপত্য সুনিশ্চিত কৰিবলৈ ঠিকাদাৰসকলক আহ্বান জনায়। উল্লেখযোগ্য যে, ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহা ‘মিঞা’সকলক ৰাজ্যত কাম কৰাৰ পৰা চৰকাৰে বাধা দিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে যোৱা ২০-৩০ বছৰত অসমৰ উন্নয়ন দেখি বহু মিঞা লোকে ৰাজ্যত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আহিছে। তেওঁলোকক অসমৰ পৰা বাধা দিলে পশ্চিমবংগৰ…
Read More
পলাশবাৰী – শুৱালকুছি দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

পলাশবাৰী – শুৱালকুছি দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ  মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত প্ৰায় এক বছৰ চাৰি মাহ ধৰি চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম । দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশত দলং, সুৰংগ আদিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম থকা লাৰ্চেন এণ্ড টাৰ্বো ( এল এণ্ড টি ) নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। ইফালে দুয়োটা মূৰৰ পৰা চলি থকা দলঙৰ নিৰ্মাণকাৰ্যৰ বাবে দুয়োফালে ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰায় ৭০০ জনৰো অধিক শ্ৰমিক দিনে নিশাই দলং নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ আছে । ইফালে দলং নিৰ্মাণকাৰী  প্ৰতিষ্ঠানটোৱে জনহিতকৰ…
Read More
যৌতুকৰ বাবেই ভয়ংকৰ কাণ্ড! জিমৰ ডাম্বলেৰে মৰিয়াই হত্যা ডেৰ বছৰীয়া সন্তানৰ মাতৃ কমাণ্ডো কাজলক

যৌতুকৰ বাবেই ভয়ংকৰ কাণ্ড! জিমৰ ডাম্বলেৰে মৰিয়াই হত্যা ডেৰ বছৰীয়া সন্তানৰ মাতৃ কমাণ্ডো কাজলক

যৌতুকৰ দানৱীয় লালসা আৰু ঘৰুৱা হিংসাই পুনৰ কাঢ়ি নিলে এগৰাকী মহিলাৰ প্ৰাণ। দিল্লী আৰক্ষীৰ মহিলা কমাণ্ডো হিচাপে কৰ্মৰত কাজল নামৰ মহিলাগৰাকীক তেওঁৰ স্বামী অংকুৰে জিমত ব্যৱহাৰ কৰা ডাম্বলেৰে মূৰত উপৰ্যুপৰি আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে। প্ৰায় দুবছৰ পূৰ্বে প্ৰেমবিবাহত আৱদ্ধ হোৱা কাজলক নিজ স্বামীয়েই এইদৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, ২০২৩ চনত হাৰিয়ানাৰ গন্নৌৰৰ বাসিন্দা তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন কেৰাণী অংকুৰৰ সৈতে কাজলৰ বিবাহ সম্পন্ন হৈছিল। দিল্লীৰ মোহন গাৰ্ডেনত বাস কৰা এই দম্পতীৰ ডেৰ বছৰীয়া এটি পুত্ৰ সন্তান আছে। কাজলৰ পৰিয়ালৰ অভিযোগ অনুসৰি, প্ৰেমবিবাহ হোৱা সত্ত্বেও স্বামী আৰু শহুৰেকৰ পৰিয়ালে কাজলক নিৰন্তৰ…
Read More
অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত ন’ভাক জ’কভিচ

অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত ন’ভাক জ’কভিচ

অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ যুৱ টেনিছ তাৰকা লৰেঞ্জো মুছেট্টিয়ে আঘাতৰ বাবে মাজভাগতে আঁতৰি অহাৰ ফলত এক বৃহৎ অঘটন হয়। ইয়াৰ ফলত ছাৰ্বিয়াৰ কিংবদন্তি তথা ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ন’ভাক জ’কভিচে জয়ী নোহোৱাকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। প্ৰথম দুটা ছেটত জ’কভিচৰ বিৰুদ্ধে ৬-৪, ৬-৩ ত জয়লাভ কৰি মুছেট্টিয়ে মেচখনৰ আৰম্ভণি কৰে। তৃতীয় ছেটৰ সময়ত তেওঁৰ সোঁ ভৰিৰ ওপৰৰ অংশত অস্বস্তিৰ সন্মুখীন হোৱাৰ বাবে  মেডিকেল টাইমআউট লয় । চিকিৎসাৰ অন্তত মুছেট্টি ক’ৰ্টলৈ উভতি আহিছিল যদিও মাত্ৰ এখন খেল খেলি আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। মুছেট্টী আঁতৰি যোৱাৰ সময়ত স্ক’ৰ আছিল ৬-৪, ৬-৩, ১-৩, যাৰ ফলত জ’কভিচে তেওঁৰ…
Read More
চিৰাঙত হাতী চিকাৰীৰ তাণ্ডৱ! গুলীয়াই হত্যা কৰি কাটি নিলে দাঁত

চিৰাঙত হাতী চিকাৰীৰ তাণ্ডৱ! গুলীয়াই হত্যা কৰি কাটি নিলে দাঁত

অসম-ভুটান সীমান্তৱৰ্তী এক স্পৰ্শকাতৰ বনাঞ্চলত সংঘটিত বন্যপ্ৰাণী নিধনৰ এক জঘন্য ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যৰ বন সংৰক্ষণ মহলত। চিৰাং জিলাৰ ৰুণীখাতা বন সংৰক্ষণ এলেকাৰ অন্তৰ্গত কৰাইবাৰী বনাঞ্চলত গুলীবিদ্ধ অৱস্থাত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই বন সুৰক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো পুনৰ উদঙাই দিছে। বিশেষকৈ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অতি নিকটৱৰ্তী অঞ্চলত এনেদৰে হাতী হত্যা কৰি দাঁত কাটি নিয়াৰ ঘটনাই বন বিভাগৰ সক্ৰিয়তাৰ ওপৰত প্ৰশ্নচিহ্নৰ অৱতাৰণা কৰে। উল্লেখযোগ্য যে, চোৰাং চিকাৰীৰ এটা সুসংগঠিত দলে হাতীটোক গুলীয়াই হত্যা কৰাৰ পাছত যান্ত্ৰিক কৰত ব্যৱহাৰ কৰি ইয়াৰ মূল্যৱান দাঁত দুটা কাটি লৈ যায়। বন বিভাগে সন্দেহ কৰা অনুসৰি, যোৱা ২০ ৰ পৰা…
Read More
বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁইয়ে

বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁইয়ে

স্পেইনৰ লা নুচিয়াত ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৩৩ জনীয়া ভাৰতীয় বক্সিং দলটোক নেতৃত্ব দিব টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে। অৱশ্যে ছিজনৰ এই প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে কেইবাগৰাকীও শীৰ্ষ মহিলা বক্সাৰে। এই প্ৰতিযোগিতাখন ভাৰতৰ বাবে ব্যস্ত বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ’ব, য’ত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অন্তৰ্ভুক্ত। ভাৰতীয় বক্সিং ফেডাৰেচনৰ বাছনি নীতি অনুসৰি সদ্য সমাপ্ত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পৰা শীৰ্ষ দুগৰাকীক অলিম্পিক ওজন শাখাত নিৰ্বাচিত কৰা হৈছে, আনহাতে অ-অলিম্পিক শাখাত ৰূপৰ পদক বিজয়ীয়ে দেশক প্ৰতিনিধিত্ব কৰিব। দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰীনে (৫১ কেজি) আৰু বৰ্তমানৰ বিশ্ব চেম্পিয়ন মীনাক্ষী হুদা (৪৮ কেজি) আৰু জেচমিন লেম্বৰিয়া…
Read More
ইণ্ডিয়ান ফুটবল লীগৰূপে পৰিচিত হ’ব আই লীগ

ইণ্ডিয়ান ফুটবল লীগৰূপে পৰিচিত হ’ব আই লীগ

দেশৰ দ্বিতীয় স্তৰৰ ফুটবল প্ৰতিযোগিতা আই লীগৰ পুনৰ্গঠন আৰু পৰৱৰ্তী ছিজনৰ পৰা ইণ্ডিয়ান ফুটবল লীগ (আই এফ এল) নামেৰে পৰিচিত হ’ব। ২১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব নতুন ছিজন আৰু ক্লাবসমূহে সংখ্যাগৰিষ্ঠ শ্বেয়াৰহোল্ডাৰৰ ভূমিকা পালন কৰিব। বুধবাৰে ক্লাবৰ প্ৰতিনিধি আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ বিষয়াসকলৰ বৈঠকত আই লীগৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে, আৰু  এখন সংবাদমেলত এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। অৱশ্যে এই সিদ্ধান্ত এতিয়াও এআইএফএফৰ কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদন বাকী আছে, যিটো কেৱল আনুষ্ঠানিকতা বুলি গণ্য কৰা হয়। শ্বিলং লাজংৰ স্বত্বাধিকাৰী লাৰ্ছিং মিঙে সংবাদমেলত কয় যে বৈঠকত আমি আই লীগৰ পুনৰ্গঠন কৰি ইয়াৰ নাম সলনি কৰি ইণ্ডিয়ান ফুটবল লীগ…
Read More
বডোফাৰ আদৰ্শ অনুপ্ৰাণিতঃ ভুটানৰ ৰাজমাতৃ আশ্বী দৰ্জী ৱাংচুকলৈ ‘মানৱতাৰ সৈনিক’ বঁটা

বডোফাৰ আদৰ্শ অনুপ্ৰাণিতঃ ভুটানৰ ৰাজমাতৃ আশ্বী দৰ্জী ৱাংচুকলৈ ‘মানৱতাৰ সৈনিক’ বঁটা

মানৱ সেৱা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰিছে ভুটানৰ ৰাজমাতৃ গ্যালিয়াম আশ্বী দৰ্জী ৱাংচুক, যাক ২০২৫ বৰ্ষৰ 'উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা'ৰ বাবে নিৰ্বাচন কৰা হৈছে। এই সন্মান এজন অভিঘাতমূলক সমাজ কল্যাণকৰ্তা হিচাপে তেওঁৰ অনুকৰণীয় ভূমিকাৰ বাবে প্ৰদান কৰা হ’ব। অনুষ্ঠানটো ৩ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী বিশেষ অতিথি হিচাপে ইয়াত অৱস্থিত থাকিবলৈ পরিকল্পিত। এই বঁটাত ২ লাখ টকা, এটা প্ৰশস্তি পত্ৰ, আৰু এটা স্মাৰক অন্তর্ভুক্ত থাকে। ৰাজমাতৃগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহ, বিশেষকৈ দৰিদ্ৰতা নিৰ্মূলকৰণ, মহিলা সবলীকৰণ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰে গুৰুত্বপূৰ্ণ, বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে।…
Read More
অজিত পাৱাৰৰ শেষ যাত্ৰাঃ বাৰামতীত শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন হ’ল অন্ত্যেষ্টিক্ৰিয়া

অজিত পাৱাৰৰ শেষ যাত্ৰাঃ বাৰামতীত শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন হ’ল অন্ত্যেষ্টিক্ৰিয়া

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সমাপ্তি ঘটাই আজি বাৰামতীত সম্পন্ন হ’ল প্ৰয়াত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্তিম সংস্কাৰ। বুধবাৰে পুৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা জনপ্ৰিয় নেতাগৰাকীক শেষ বিদায় জনাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধই বাৰামতীৰ ৰাজপথত ভিৰ কৰে। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হোৱা এই শেষ কৃত্যৰ সময়ত সমগ্ৰ অঞ্চলটোত এক অত্যন্ত আৱেগিক পৰিৱেশে বিৰাজ কৰে। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেও এই অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ আৰু দুই পুত্ৰ পাৰ্থ তথা জয় পাৱাৰৰ উপস্থিতিত পুত্ৰদ্বয়ে ধৰ্মীয় ৰীতি-নীতিৰে পিতৃৰ অন্তিম…
Read More
বিধানসভা নিৰ্বাচনৰ ৰণডংকাঃ আজি পুনৰ অসমলৈ অমিত শ্বাহ

বিধানসভা নিৰ্বাচনৰ ৰণডংকাঃ আজি পুনৰ অসমলৈ অমিত শ্বাহ

অনাগত বিধানসভা নিৰ্বাচনৰ কুচকাৱাজৰ মাজতে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক তৎপৰতাই সৃষ্টি কৰিছে ৰাজ্যৰ শাসকীয় শিবিৰত বিশেষ উচাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ডিব্ৰুগড়ত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী যুঁজৰ দিশ নিৰ্ণয় কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিশেষকৈ ৩০ জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰাৰ যি পৰিকল্পনা কৰা হৈছে, সেয়া প্ৰশাসনিক আৰু ৰাজনৈতিক উভয় দিশৰ পৰাই তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে, আজি নিশাটো ডিব্ৰুগড়ত কটোৱাৰ পিছত গৃহমন্ত্ৰীগৰাকীয়ে ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱত অংশ ল’ব। ইয়াৰ পৰাই তেওঁ গুৱাহাটীলৈ উভতি আহি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। এই ভ্ৰমণসূচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল…
Read More