Sonakshi Sarkar

1908 Posts
কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনা

কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনা

লিয়নেল মেছিৰ তেওঁৰ কেৰিয়াৰৰ ১০৯ তম আন্তঃৰাষ্ট্ৰীয় গ'ল আৰু চলিত টুৰ্ণামেণ্টৰ প্ৰথমটো গ'লৰ সৈতে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই কানাডাক ২-০ গ'লত পৰাস্ত কৰি কোপা আমেৰিকা ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলত উপনীত হয়। ২২ মিনিটত জুলিয়েন আলভাৰেজে আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ'ল কৰে, আনহাতে মেছিয়ে ৫১ মিনিটত এঞ্জো ফাৰ্ণাণ্ডেজৰ শ্বটটো গ'ললৈ ৰূপান্তৰিত কৰি দলৰ অগ্ৰগতি দুগুণ কৰে। মেছিৰ সন্মুখত সেইসময়ত গ'লৰক্ষক মেক্সিম ক্ৰেপু আছিল কিন্তু তেওঁ এই তাৰকা ফুটবলাৰজনক বাধা দিব নোৱাৰিলে। মেছিয়ে আৰ্জেণ্টিনাৰ হৈ তেওঁৰ যোৱা ২৫ খন খেলত ২৮ টা গ'ল কৰিছে। তেওঁ এতিয়ালৈকে কোপা আমেৰিকাত ১৪ টা গ'ল কৰিছে, যিটো ৰেকৰ্ডতকৈ তিনিটা গ'ল কম। পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলত মেছিতকৈ অধিক গ'ল…
Read More
উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওৰ ওচৰত বুধবাৰে পুৱা সংঘটিত বাছ দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৯ জন লোক আহত হৈছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ উন্নাওৰ মাজেৰে এখন নৈশ বাছ পাৰ হৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। বাছখন এখন গাখীৰ টেংকাৰৰ সৈতে সংঘৰ্ষ হয়। উন্নাওৰ গাৰা গাঁৱৰ ওচৰত এক্সপ্ৰেছৱেৰ ২৪৮ নম্বৰ মাইলৰ খুঁটিৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, টেংকাৰখনক অতিক্ৰম কৰাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। টেংকাৰখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বাছখন এক্সপ্ৰেছৱেত বাগৰি পৰে। যাৰ ফলত বাছখনত থকা বহুযাত্ৰীৰ ঘটনাস্থলীত মৃত্যু হয়। বাছখন বিহাৰৰ সীতামাঢ়ীৰ পৰা মতিহাৰী হৈ দিল্লীলৈ গৈ আছিল। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলক…
Read More
দেশৰ পাঁচ শতাংশ শিশু- কিশোৰ বৃক্ক বিকল হোৱা সমস্যাত আক্ৰান্ত

দেশৰ পাঁচ শতাংশ শিশু- কিশোৰ বৃক্ক বিকল হোৱা সমস্যাত আক্ৰান্ত

ভাৰতত প্ৰায় পাঁচ শতাংশ শিশু আৰু কিশোৰ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস বা বৃক্ক বিকল হোৱা সমস্যাত ভুগি আছে। দেশজুৰি চলোৱা এক অধ্যয়ণত এই কথা প্ৰকাশ পাইছে। সমস্যাটো সময় পাৰ হোৱাৰ লগে লগে বৃক্কৰ ক্ষতিৰ বাবে এই সমস্যা অধিক জটিল হৈ পৰে, যাক দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ (চিকেডি) বুলি কোৱা হয়। এই অধ্যয়নটো বাথিন্দা আৰু বিজয়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ আৰু জৰ্জ ইনষ্টিটিউট ফৰ গ্লোবেল হেল্থ ইণ্ডিয়াৰ গৱেষকসকলে পৰিচালনা কৰিছিল। এই নতুন অধ্যয়নটো স্প্ৰিংগাৰ লিংক আলোচনীত প্ৰকাশিত হৈছে। এইটো এটা বৃহৎ ৰাজহুৱা স্বাস্থ্য সমস্যা আৰু ভাৰতত ইয়াৰ ফলত কিমান শিশু আৰু কিশোৰ-কিশোৰী ভুগিছে তাৰ কোনো সঠিক তথ্য নাই।  অধ্যয়নটো ২০১৬ ৰ…
Read More
পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতপৰেশ বৈশ্য ফাউণ্ডেচনে বিশিষ্ট শিক্ষাবিদ, সমালোচক  ড. দয়ানন্দ পাঠকক শংকৰদেৱ অধ্যয়ন বঁটা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক  ড. মাধুৰ্য্যমণ্ডিত বৰুৱাক অসম-ইতিহাস গৱেষণা বঁটা প্ৰদান কৰে।বঁটা হিচাপে দুয়োগৰাকী কৃতবিদ্যক ফুলাম গামোচা, চেলেং, জাপি, শৰাই, ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানতেই বৰপেটাৰ তিনি গৰাকী বৰেণ্য অশীতিপৰ ব্যক্তি ক্ৰমে শিক্ষাবিদ ,সংতীতজ্ঞ  সত্যকৃষ্ণ মিশ্ৰক গামোছাৱ,শৰাই ,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ এই অনুষ্ঠানৰ পিছত অসুস্থতাৰ হেতু সম্বৰ্ধনা সভাত উপস্থিত থাকিব নোৱাৰা শিক্ষাবিদ জগন্নাথ দাস আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমী  অমৃত  বঁটা প্ৰাপক গুৰু প্ৰসাদ ওজাক ফুলাম গামোচা, শৰাই আৰু মানপত্ৰৰে   তেওঁলোকৰ নিজ…
Read More
সমাজ দৰদী মথুৰাপুৰী বঁটা থানেশ্বৰ মালাকাৰলৈ

সমাজ দৰদী মথুৰাপুৰী বঁটা থানেশ্বৰ মালাকাৰলৈ

বৰ্ষীয়ান বেহেলা বাদক সত্যকৃষ্ণ মিশ্ৰলৈ এইবাৰৰ ২০২৪ বৰ্ষৰ 'তাঁতীকুছি বঁটা' আগবঢ়োৱা হ'ব । সমান্তৰাল ভাৱে বিশিষ্ট সাহিত্যিক তথা বৰপেটাৰ প্ৰাক্তন আয়ুক্ত থানেশ্বৰ মালাকাৰলৈ ২০২৪ বৰ্ষৰ 'সমাজ দৰদী মথুৰাপুৰী বঁটা' আৰু ২০২৪ বৰ্ষৰ প্ৰয়াত শিক্ষাবিদ 'অৰ্জুন চন্দ্ৰ দাস বঁটা' বিশিষ্ট গণিতজ্ঞ তাৰকেশ্বৰ চৌধুৰীলৈ আগবঢ়োৱা হ'ব । আয়োজক তথা বৰপেটাৰ সমাজ সেৱী সংগঠন 'তাতীকুছি'ৰ উদ্যোগত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়  'তাতীকুছি'ৰ আহ্বানত তথা কৃষ্ণকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰথমে 'তাঁতীকুছি'ৰ মুখ্য সম্পাদক হৰেকৃষ্ণ দাস দীপুৱে আঁত ধৰা সভাখনত এইবাৰৰ উচ্চ মাধ্যমিক পৰীক্ষাত গণিত বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত তথা কলগাছিয়াৰ ক্ষুদ্ৰাকুছিৰ আব্বাছ আলী চৌধুৰী মেমোৰীয়েলৰ মেধাৱী ছাত্ৰ আশিক হুছেইনৰ…
Read More
ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ পৰা বিদায় ৰোনাল্ডোৰ পৰ্তুগাল

ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ পৰা বিদায় ৰোনাল্ডোৰ পৰ্তুগাল

ফ্ৰান্সে পেনাল্টি শ্বুটআউটত পৰ্তুগালক ৫-৩ গ'লত পৰাস্ত কৰি ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ (ইউৰো ২০২৪) ছেমি ফাইনেলত উপনীত হয় আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ খিতাপৰ সৈতে প্ৰতিযোগিতাখনক বিদায় দিয়াৰ স্বপ্ন ভংগ হয়। খেলখনক ৰোনাল্ডো বনাম কেলিয়ান এমবাপেৰ মাজত যুদ্ধ হিচাপে দেখা গৈছিল। দুয়োটা দলে ইজনে আনজনক এটা কঠিন প্ৰত্যাহ্বান দিছিল কিন্তু কোনো দলে অতিৰিক্ত সময়ৰ বাবেও এটা গ'ল কৰিব নোৱাৰিলে। ইয়াৰ পিছত, পেনাল্টি শ্বুটআউটৰ আশ্ৰয় লোৱা হয়, য'ত পৰ্তুগালৰ জোয়াও ফেলিক্সৰ শ্বটটো গ'ল পোষ্টৰ সৈতে সংঘৰ্ষ হয়। ইয়াৰ পিছত থিঅ হাৰ্নান্দেজে নিৰ্ণায়ক কিকটো গ'ললৈ ৰূপান্তৰ কৰে আৰু ফ্ৰান্সক ছেমি ফাইনেললৈ প্ৰেৰণ কৰে। ফ্ৰান্সে ইউৰো ২০২১ ৰ অন্তিম ১৬ ত আৰু বিশ্বকাপ ২০২২ৰ ফাইনেলত পেনাল্টি…
Read More
বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ  কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত অনুষ্ঠিত অনুষ্ঠানটোত সভাপতিত্ব কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। বিৰিণা গোষ্ঠী, অসমৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে সহকাৰী সম্পাদক জয়ন্ত ডেকা আৰু সুৰজিৎ পাঠকে । নলবাৰী আৰু বৰপেটা জিলাৰ অৰ্ধ শতাধিক সদস্য উপস্থিত থকা অনুষ্ঠানটোত ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ ৰঞ্জিৎ বৰপূজাৰীকো স্মৰণ কৰি দুয়োগৰাকী পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানটোৰ বন্তি জ্বলাই দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক গুৰুচৰণ…
Read More
ডক্ৰেশ্বৰ অঞ্চল পৰিদৰ্শন বৰপেটা ‘আছু’ৰ  

ডক্ৰেশ্বৰ অঞ্চল পৰিদৰ্শন বৰপেটা ‘আছু’ৰ  

ডক্ৰেশ্বৰ পাজাৰভাংগাত নৱ নিৰ্মিত মথাউৰিয়েদি ব্ৰহ্মপুত্ৰৰ পানী নিগৰি বৃহত্তৰ ভোগেৰপাৰ, ডক্ৰেশ্বৰ আদি খিলঞ্জীয়া ৰাইজৰ বিগত তিনি চাৰিদিন ধৰি টোপনি হৰণ কৰা বিষয়টোৱে সমগ্ৰ বৰপেটা অঞ্চলৰ ৰাইজৰ মাজত এক আতংকই বিৰাজ কৰিছে। মথাউৰিটোৰ পানী নিগৰি অহা অংশখিনি যোৱা দুদিন ধৰি বাহ, বস্তা আদি দি অঞ্চলটোৰ ৰাইজ আৰু বিভাগীয় কতৃপক্ষই মেৰামতিৰ কাম অব্যাহত ৰখাৰ চেষ্টা কৰিছে যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শংকামুক্ত হ'ব পৰা নাই। লক্ষনীয়ভাৱে মথাউৰিটোৰে পানী নিগৰি চিঙি গ'লে তাৰ পৰা এশ মিটাৰ দূৰত্বৰ ৰজাদিনীয়া ডক্ৰেশ্বৰ দেৱালয়ৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িওৱা পৰিলক্ষিত হোৱা দেখা গৈছে।এনে অৱস্থা প্ৰত্যক্ষ কৰি বুজ ল'বলৈ যায় বৰপেটা জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে । আছু নেতা…
Read More
জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ

জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ

বৰপেটা জিলাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী বেচৰকাৰী সংস্থা আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত কাদং  গাওঁৰ খহনীয়াগ্ৰস্ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদংৰ বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াগ্ৰস্ত বিশটা দুৰ্ভোগীয়া পৰিয়ালৰ মাজত  তিৰপাল , পাটি , পানী ৰখা পাত্ৰ আদি সামগ্ৰী জৰুৰীকালীন ভাবে  বিতৰণ কৰা হয়। উক্ত বিতৰণী কাৰ্যসূচীত ক্ৰমে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিক, জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সমন্বয়ক ৰফিকুল ইছলাম, সমাজকৰ্মী নুৰুল হক, আসাম টকছৰ সাংবাদিক লুতফৰ ৰহমানকে আদি কৰি ভালেসংখ্যক মান্যবৰ ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ভুক্তভোগীয়ে নৈৰ খহনীয়াৰ কৰাল গ্ৰাসত পৰি নিজৰ সপোনৰ ঘৰ ভেটি, কৃষি ভূমি হেৰুৱাই নিজৰ…
Read More
ভৱানীপুৰৰ ধুমাৰকুৰৰ হত্যাকাণ্ড ::  আৰক্ষীৰ জালত ৬ হত্যাকাৰী

ভৱানীপুৰৰ ধুমাৰকুৰৰ হত্যাকাণ্ড ::  আৰক্ষীৰ জালত ৬ হত্যাকাৰী

নিশা নৃশংস হত্যাৰ বলি হোৱা ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰৰ যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীৰ হত্যাৰে জড়িত ৬ গৰাকীকৈ হত্যাকাৰীক অৱশেষত বজালী আৰক্ষীয়ে গুৱাহাটীৰ পল্টনবজাৰৰ লাখটকীয়াত এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়।ঘটনাৰ পিছতেই বজালী জিলা ব্লক কংগ্ৰেছৰ পক্ষৰ পৰা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বৰপেটা সমষ্টিৰ বিধায়ক বজালী আব্দুল ৰহিম আহমেদ আৰু বিভিন্ন কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত কংগ্ৰেছৰ সঁজাতি দলটোৱে বজালী জিলা জিলা আয়ুক্ত আৰু বজালী জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে ঘটনাৰ ক্ষীপ্ৰ আৰু উচিত তদন্তৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত বজালী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওচৰত বেলেগে বেলেগে দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল। তদুপৰি…
Read More