Sonakshi Sarkar

1880 Posts
কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

 ৭৬ সংখ্যক  কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই । এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে'কআপ আৰ্টিষ্ট। মহোৎসৱটোলৈ আমন্ত্ৰিত হোৱা কুইন অৱ দ্যা ৱৰ্ল্ড - ইণ্ডিয়াৰ চি ই অ' উৰ্মিলা বৰুৱা আৰু ২০২৩-২৪ৰ 'মিছেছ ইণ্ডিয়া'ৰ খিতাপধাৰী তথা 'কুইন অৱ দ্য ৱৰ্ল্ড - ইণ্ডিয়া'ৰ বিজয়ী প্ৰিয়া ছেগীৰ মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট হিচাপে  বিজয়জিতে এই মহোৎসৱলৈ যোৱাৰ সুযোগ লাভ কৰিছে ।
Read More
দীপৰ বিলত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন

দীপৰ বিলত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে মহানগৰীৰ  আগশাৰীৰ শিক্ষানুষ্ঠান চাই বিকাশ বিদ্যা নিকেতনৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী অনুস্থিত হয়।ব্যতিক্ৰমী ৰূপেৰে দীপৰ বিলৰ পাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মূকাভিনয়ৰে জৈৱ বৈচিত্ৰৰ প্ৰয়োজনীয়তা  সম্পৰ্কে উপস্থাপন কৰা হয়।  জৈৱ বৈচিত্ৰত জলাশয়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী সকলে দীপৰ বিলত এই বিশেষ মূকাভিনয় প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী প্ৰমোদ কলিতাৰ লগতে ৰেঞ্জাৰ ধনেশ্বৰ দলৈ সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষানুষ্ঠান খনৰ পৰিচালন সঞ্চালক শ্রী নিবাস ৰেদ্দী আৰু একাডেমিক ডীন ড৹ মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে।  দীপৰ বিলক লৈ ৰচিত এই মূকাভিনয়ৰ ৰচনা আৰু পৰিচালনা যুৱ শিল্পী প্ৰতিভা বঁটা প্ৰাপক মিনাংক ডেকাৰ।
Read More
২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

গুৱাহাটী সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত ২৪ শুক্ৰবাৰে  মুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ "প্ৰতিশ্ৰুতি"৷এই উদ্দেশ্যে  আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ প্ৰযোজক- পৰিচালক আৰু ছবিখনত অভিনয় কৰা শিল্পীসকলৰ লগতে অন্যান্য কলাকুশলীসকলে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কামনা কৰে৷ আজিৰ সংবাদ মেলত  জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,প্লাৱিতা বৰঠাকুৰ ,সিদ্ধাৰ্থ কাশ্যপ,সংগীত শিল্পী ৰূপম ভূঞা আদি উপস্থিত থাকে৷ মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মিত প্ৰতিশ্ৰুতি ছবিখন ড্ৰাগচৰ অন্ধকাৰ জগতৰ পটভূমিত এদল সাহসী আইন ৰক্ষকৰ ন্যায় যুঁজৰ কাহিনীৰে  আগবঢ়াই নিয়া হৈছে৷
Read More
কা ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলনৰ ভাবুকি চিপিআই-এমৰ

কা ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলনৰ ভাবুকি চিপিআই-এমৰ

বিৰোধী দল চিপিআই-এমে বুধবাৰে ত্ৰিপুৰা চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (কা) ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছিল। গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) অধিসূচনা অনুসৰি, ত্ৰিপুৰা চৰকাৰে কা-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব বিচৰাৰ বাবে আৱেদন প্ৰাপ্ত, পৰীক্ষা, প্ৰক্ৰিয়া আৰু চূড়ান্ত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতি আৰু জিলা পৰ্যায়ৰ সমিতিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চিপিআই-এমৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয়- কা-ই সমগ্ৰ উত্তৰ-পূবত বিৰূপ প্ৰভাৱ পেলাব কিয়নো অঞ্চলটোৱে ইতিমধ্যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিপদৰ সৈতে যুঁজি আছে।এই আইনে খিলঞ্জীয়া লোকসকলৰ জীৱন, সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত, বিশেষকৈ ৰাজ্যসমূহত সমস্যাটো বহুগুণে বৃদ্ধি কৰিব। তদুপৰি, এইটো এটা ন্যায়াধীশৰ বিষয় কিয়নো উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে কা-ৰ বিৰুদ্ধে দাখিল কৰা…
Read More
২০১০ৰ পিছত পশ্চিম বংগত জাৰী কৰা অ’বিচি প্ৰমাণপত্ৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে

২০১০ৰ পিছত পশ্চিম বংগত জাৰী কৰা অ’বিচি প্ৰমাণপত্ৰ বাতিল কৰিলে কলিকতা উচ্চ ন্যায়ালয়ে

কলিকতা উচ্চ ন্যায়ালয়ে বুধবাৰে ২০১০ চনৰ পিছত পশ্চিম বংগত জাৰী কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) প্ৰমাণপত্ৰ বাতিল কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত গ্ৰহণ নকৰে আৰু উচ্চতৰ আদালতত প্ৰত্যাহ্বান জনাব। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে উত্তৰ ২৪ পৰগণা জিলাৰ হাৰদাহাৰ এখন ৰাজহুৱা সভাত ভাষণত এই কথা কয়। এই সময়ছোৱাত তেওঁ কয়-মই কলিকতা উচ্চ ন্যায়ালয়ৰ এই আদেশ গ্ৰহণ নকৰো। শেহতীয়াকৈ, উচ্চ ন্যায়ালয়ে চৰকাৰী বিদ্যালয়সমূহত প্ৰায় ২৬ হাজাৰ চাকৰি বাতিল কৰিছিল। মই সেই আদেশটোও গ্ৰহণ কৰা নাছিলো। তেওঁ আৰু কয় যে মই অৰ্ডাৰ পাইছো আৰু এতিয়া মই খেলখন খেলিম। মই কোনো নাম নলওঁ। মই…
Read More
ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ

ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ

মানৱ দেহলৈ 'বাৰ্ড ফ্লু' সংক্ৰমণ বিয়পাৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। অষ্ট্ৰেলিয়াই মানুহৰ ক্ষেত্ৰত 'বাৰ্ড ফ্লু' সংক্ৰমণৰ কথা ঘোষণা কৰিছে। অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিভাগে কয় যে ভাৰতত থাকোতে কেইসপ্তাহমান আগতে এটি শিশু এই ভাইৰাছত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগে বুধবাৰে সংবাদ মাধ্যমক এই তথ্য আগবঢ়ায়। এইটো কোৱা হৈছিল যে শিশুটো এতিয়াও সুস্থ। ভিক্টোৰিয়াত এটি শিশুৰ এই ৰোগৰ বাবে পজিটিভ টেষ্ট কৰা হৈছিল। শিশুটি কেইসপ্তাহমান আগতে ভাৰত ভ্ৰমণ কৰিছিল, ভাৰতত থাকোতে এইচ৫এন১ ফ্লুত আক্ৰান্ত হৈছিল আৰু এই বছৰৰ মাৰ্চত অসুস্থ আছিল। ভিক্টোৰিয়া স্বাস্থ্য বিভাগে কয় যে মানৱ দেহলৈ বাৰ্ড ফ্লু এইচ৫এন১ সংক্ৰমণৰ এটা ঘটনা প্ৰতিবেদিত হৈছে। ভিক্টোৰিয়াত প্ৰাদুৰ্ভাৱ হোৱাৰ কোনো লক্ষণ নাই আৰু ই…
Read More
প্ৰখ্যাত লেখক ৰাস্কিন বণ্ডৰ ৯০ তম জন্মদিন উদযাপন

প্ৰখ্যাত লেখক ৰাস্কিন বণ্ডৰ ৯০ তম জন্মদিন উদযাপন

প্ৰখ্যাত লেখক ৰাস্কিন বণ্ডে কয় যে অডিঅ' বুকবোৰে শিশুসকলৰ মাজত কাহিনী কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে আৰু লাহে লাহে তেওঁলোকক কিতাপ পঢ়িবলৈ প্ৰলোভিত কৰিব পাৰে। ৰাস্কিন বণ্ডে দেওবাৰে তেওঁৰ ৯০ তম জন্মদিন উদযাপন কৰে। দিনটো স্মৰণ কৰিবলৈ, অডিঅ' বুক প্লেটফৰ্ম 'অডিবল'-এ তেওঁৰ ২৫ টা জনপ্ৰিয় কাহিনীৰ সৈতে এক সংগ্ৰহযোগ্য সংস্কৰণ প্ৰকাশ কৰে। "শিশুৰ বাবে সৰ্বকালৰ প্ৰিয়" শীৰ্ষক কাহিনীবোৰ লেখকে নিজেই সংকলিত আৰু বাছনি কৰিছে। এই কাহিনীবোৰ অনুজ দত্তই পঢ়িছে। বণ্ডে কয় যে অডিঅ' বুকবোৰ মৌখিক কাহিনী কোৱাৰ দৰে হ'ব পাৰে আৰু পঢ়াত শিশুৰ আগ্ৰহ বৃদ্ধি কৰিব পাৰে। তেওঁ কয় যে কেতিয়াবা শিশুৱে কিতাপ এখন পঢ়িবলৈ চেষ্টা কৰিবলৈ অনিচ্ছা দেখুৱায়। যদি…
Read More
শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ | জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহাৰ পিছতেই বনৰৌটো প্ৰত্যক্ষ কৰে | অৱশেষত বন বিভাগৰ লোক আহি ঘটনাস্থলীৰ পৰা দুষ্প্ৰাপ্য বনৰৌটো চমজি লয় |
Read More
নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহতীৰ বালাপাৰা গাঁওৰ হাফিজুৰ ৰহমান (৩৫) আৰু ছহিনুৰ ইছলাম (১৮) নামৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে দুয়োটা পৰিয়ালৰ মাজত৷ দুয়োজন শ্ৰমিকৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰিছে পৰিয়াল তথা আত্মীয় স্বজনৰ লগতে অঞ্চলবাসী ৰাইজ৷পৰিয়ালৰ লোকে ব্যক্ত কৰা মতে,পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবেই মাত্ৰ এসপ্তাহ পূৰ্বে গুৱাহাটীলৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল হাফিজুৰ ৰহমান আৰু ছহিনুৰ ইছলামৰ লগত অঞ্চলটোৰ আন কেইবাজন ব্যক্তি৷ জানিব পৰা মতে,অইন দিনাৰ দৰে শনিবাৰৰ দিনাও পুৱাই কাম কৰিবলৈ ওলাই যোৱা পাঁচজন শ্ৰমিকে নাৰেংগী ষ্টেচনৰ সমীপৰ ৰেল লাইন পাৰ হওঁতেই নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছে মহটিয়াই নিয়ে…
Read More
বৰপেটা জিলা কমিটি গঠন

বৰপেটা জিলা কমিটি গঠন

অসম বাঙালী পৰিষদৰ বৰপেটা জিলা কমিটি গঠন সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ নাগে অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে । সভাত ৰীতা নাগক সভাপতি, ৰাজা সাহাক কাৰ্যকাৰী সভাপতি, দীপক ঘোষক উপ-সভাপতি,  প্ৰনয় দে'ক সাধাৰণ সম্পাদক, সুমিত দে (ৰনী)ক যুটীয়া সম্পাদক, ৰাজেন্দ্ৰ সৰকাৰক সাংগঠনিক সম্পাদক, বিনয় দে'ক সাংস্কৃতিক সম্পাদকৰ লগতে প্ৰচাৰ সম্পাদক, কাৰ্যকৰী সদস্য হিচাপে লৈ ২১ জনীয়া এক শক্তিশালী বৰপেটা জিলা সমিতি গঠন কৰা হয় ।
Read More