02
Jul
পিনাক' অপেছাদাৰী নাট্য গোষ্ঠীৰ বৰপেটাৰ নাট্য ক্ষেত্ৰৰ বাবে এক বলিষ্ঠ নাম । শিশু নাট্য জগতত 'পিনাক'ৰ অৰিহণা চকুতলগা । শিশু নাট কৰ্মশালা, শিশু নাট প্ৰতিযোগিতা, শিশু নাট প্ৰদৰ্শনৰ উপৰিও নাট্য সংগঠনটোৰ উদ্যোগত বহু কেইখন বিখ্যাত নাটৰ প্ৰদৰ্শন সকলোৱে প্ৰত্যক্ষ কৰিছে।এদল সুশৃংখল আৰু সুনিপুণ নাট্য কৰ্মীৰ উপৰিও আগ্ৰহী নাট্য সংগঠক 'পিনাক'ৰ ভিতৰ চ'ৰাত মজুত আছে । মুঠতে 'পিনাক' বৰপেটাৰ নাট্য ক্ষেত্ৰৰ এটা উজ্জ্বল নক্ষত্ৰ । মুঠ কথা, 'পিনাক'ৰ নাট্য যাত্ৰা অবিৰত অব্যাহত আছে । অসম চৰকাৰৰ উদ্যোগত তথা 'পিনাক', বৰপেটাৰ সহযোগত অহা ১৭ জুলাইৰ পৰা ৩১ জুলাইলৈকে বৰপেটাত গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হ'ব । স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এই নাট…
