Sonakshi Sarkar

1908 Posts
গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী আৰক্ষীৰ কাষ চাপিছে | মহিলাগৰাকীৰ খবৰ লাভ কৰিলে 7896522707 নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে |
Read More
ছিপাঝাৰত আপত যোগদান শতাধিকৰ

ছিপাঝাৰত আপত যোগদান শতাধিকৰ

দৰং জিলাৰ ছিপাঝাৰ সাহিত্য সভা ভৱনত  আপৰ এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, দলৰ নেতা ৰমেন বৰঠাকুৰ আৰু নীলমণি শইকীয়াৰ উপস্থিতিত দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ পৌৰোহিত্যত  অনুষ্ঠিত যোগদান সভাত ভিন্ন দল ত্যাগ কৰি অহা শতাধিক নেতা - কৰ্মীয়ে আপত যোগদান কৰে। দলত নতুনকৈ যোগদান কৰা নেতা - কৰ্মী সকলক উদ্দেশ্যি উত্তৰ পূৰ্বাঞ্চলৰ আপৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। নতুনকৈ যোগদান কৰা সকলক দললৈ আদৰণি জনায় তেওঁ কয়,…
Read More
জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আৰক্ষীৰ যানবাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব-অভিযন্তা হেমন্ত দেউৰী ভৰালী, আৱকাৰী অধীক্ষক দেৱজিৎ নাথ, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি এনএইচএআই, লোকনিৰ্মাণ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। কামৰূপ…
Read More
শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচা

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বামুণপুখুৰী আৰু হাতীপটি বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদত | নিজ নিজ বাগানত আজি শ্ৰমিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ | য'ত বাগিচা মেনেজমেণ্টেও শ্ৰমিকক সহযোগ আগবঢ়াই | মেকিপুৰস্থ KANCO TEA & INDUSTRIES LIMITEDৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা এই সমূহ বাগিচা পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা দেখা গৈছে | আনহাতে সমস্যা সমাধানৰ দাবীৰে বামুণপুখুৰী আৰু হাতীপটি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী কৰাৰ অন্তত বাগিচা সমূহৰ পৰিচালক হাতত দাবীৰ স্মাৰক পত্ৰ প্ৰদান কৰে | লগতে বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচাল উমেশ কুমাৰ তিৱাৰীয়ে শ্ৰমিকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে |…
Read More
খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ

খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ

জনিয়াৰ বেঁকী নৈৰ খহনীয়াগ্ৰস্থ পৰিয়ালক স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান ডনেটকাৰ্ট, হাইৰ উদ্যোগত আৰু জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সৌজন্যত কাদংত ২০ টা আৰু  খাৰবাল্লীত ৪০ টা পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। উল্লেখ্য যে, খহনীয়াগ্ৰস্থ স্থানত সাহায্য বিতৰণৰ বাবে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে গঠন কৰি দিয়া কমিটিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক ২ খনকৈ তিৰ্পাল, ৰচি আদি সামগ্ৰী খহনীয়াগ্ৰস্থ পৰিয়ালক বিতৰণ কৰা হয়।
Read More
বিশ্ব জনসংখ্যা দিৱসপ্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ

বিশ্ব জনসংখ্যা দিৱসপ্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ

জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গুৱাহাটী হেঙেৰাবাৰীস্থিত কামৰূপ (মহানগৰ) জিলাৰ জিলাধিকাৰী কাৰ্য্যালয়ত জিলাধিকাৰীৰ জড়িয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত স্মাৰক পত্ৰখনত দেশৰ ভৱিষ্যতৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা…
Read More
আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ

আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ

যোৱা দহ বছৰ ধৰি গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰে বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণ সেৱা সফলতাৰে আগবঢ়াই আহিছে । এই পৰীক্ষাগাৰটোৱে অসমৰ এশৰো অধিক কেচৰ উপৰিও আন ৰাজ্যতো নিজৰ সেৱা আগবঢ়াইছে, যাৰ ফলত অঞ্চলটোৰ বন্যপ্ৰাণী অপৰাধৰ তদন্ত দ্ৰুততাৰে আগবঢ়াত যথেষ্ট সহায় হৈছে। পৰীক্ষাগাৰটোৱে ৰূপগত ভাৱে পৃথক কৰিব নোৱাৰা জৈৱিক সামগ্ৰীৰ পৰা বন্যপ্ৰাণীৰ প্ৰজাতি চিনাক্তকৰণ, গঁড়, হাতী, বাঘ, নাহৰফুটুকীৰ ডি এন এৰ জৰিয়তে ফৰেনছিক, বন্দী হাতী পোৱালিৰ পিতৃ-মাতৃৰ পৰীক্ষা আদি বিভিন্ন ডি এন এ বিশ্লেষণৰ সেৱা আগবঢ়াই অহিছে ।  ২০১২ চনত আৰন্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰ বিশ্বৰ প্ৰথম এনে গৱেষণাগাৰ হিচাপে পৰিগণিত হয় যিয়ে বনাঞ্চলত এশিঙীয়া গঁড়ৰ ব্যক্তিগত চিনাক্তকৰণৰ বাবে ডিএনএৰ…
Read More
২৩ বছৰৰ পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়া

২৩ বছৰৰ পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়া

কলম্বিয়াই উৰুগুৱেৰ বিৰুদ্ধে উত্তেজাপূৰ্ণ ছেমি ফাইনেলত ১-০ গ'ল জয়ৰে তেওঁলোকে ২৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোপা আমেৰিকা ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হয়। খেলখনৰ অন্তিম হুইচেল বজাৰ পিছত খেলুৱৈ আৰু দৰ্শকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কলম্বিয়াৰ হৈ জেফাৰচন লেৰমাই ৩৯ মিনিটত গ'ল কৰে। কলম্বিয়াই এতিয়া দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন লিয়নেল মেছিৰ আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। উৰুগুৱেৰ দলটোৱে তৃতীয় স্থানৰ খেলখনত কানাডাৰ সৈতে খেলিব।  কলম্বিয়াই আগতে ২০০১ চনত কোপা আমেৰিকা খিতাপ জিকিছিল। এই খেলখনত, এখন ৰেড কাৰ্ডৰ উপৰিও সাতখন হালধীয়া কাৰ্ড দেখুওৱা হৈছিল। দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত বহুবাৰ কাজিয়া হয়। খেলখনৰ পিছত ডাৰউইন নুনেজ আৰু উৰুগুৱেৰ ডজনডজন খেলুৱৈয়ে দৰ্শকৰ মাজত হোৱা কাজিয়াত জঁপিয়াই পৰিছিল।…
Read More
খাবলাৰভিঠাত  মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

খাবলাৰভিঠাত  মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

পাকাবেতবাৰী বিধানসভা সমষ্টিৰ খাবলাৰ ভিঠা মাধ্যমিক বিদ্যালয় প্ৰাংগণত ক্ৰমে খাবলাৰ ভিঠা,চকিৰ ভিঠা,বুনবাহাৰ,কমলপুৰ আদি অঞ্চলৰ ৰাইজৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়।অৱসৰপ্ৰাপ্ত শিক্ষক ছিদ্দিকুৰ ৰহমানৰ সভাপতিত্বত আৰু খাবলাৰ ভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আমিনুল ইছলামৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাখনত প্ৰায় চাৰি শতাধিক সচেতন ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে,বৰ্তমান সময়ত যুৱ সমাজে   বিভিন্ন অসামাজিক কাৰ্য তথা বিষাক্ত মাদকদ্ৰব্যৰ প্ৰতি আষক্ত হোৱা পৰিলক্ষিত হৈছে। আনকি গাওঁ সমূহত অবাধে ড্ৰাগছ,মদ,ভাং আদি কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ লগতে একাংশ যুৱতীয়ে দেহ ব্যাৱসায় কাৰ্যত লিপ্ত হোৱাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে  উদ্বেগ প্ৰকাশ কৰাৰ লগতে  এইক্ষেত্ৰত প্ৰশাসনৰ ভূকিকাক ৰহস্যজনক বুলি মত প্ৰকাশ কৰে। সভাখনত উপস্থিত থাকি হৰেন্দ্ৰ চিত্ৰা…
Read More
জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা

জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এক বিশেষ অনুষ্ঠানত চাকৰি সূত্ৰে বদলি হৈ যোৱা চৰাইদেউ জিলাৰ জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটি সোণাৰিৰ গ্ৰীণ ভিউ হোটেলৰ সভাকক্ষত জিলা সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই আঁত ধৰা আৰু জিলা সমিতিৰ সভাপতি মৃদুল কুমাৰ চাহুৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাস্কৰ বৰদলৈক এখন কৃতজ্ঞতা পত্ৰ আৰু গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱা হয় । আনহাতে চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰাও সম্পাদক প্ৰণৱ বৰগোহাঁয়ে ভাষ্কৰ বৰদলৈক বিদায় সম্বৰ্ধনা জনায় ।
Read More