Paromita

898 Posts
নিৰ্বাচনৰ এদিন পূৰ্বে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

নিৰ্বাচনৰ এদিন পূৰ্বে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে ঘোষণা কৰিছে এক চৰম সিদ্ধান্ত। দলীয় নেতৃত্বৰ বিৰুদ্ধে ‘বিশ্বাসঘাতকতা’ৰ বিস্ফোৰক অভিযোগ তুলি কংগ্ৰেছ ত্যাগ কৰে প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত দৈমাৰীৰ এই সিদ্ধান্তই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণি তুলিছে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সুৰেন দৈমাৰীয়ে কংগ্ৰেছে তেওঁক ‘প্ৰতাৰণা’ কৰা বুলি ক্ষোভ উজাৰে। দলটোৱে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে যদিও নিৰ্বাচনী প্ৰচাৰৰ সময়ত কোনো ধৰণৰ সঁহাৰি নিদিলে বুলিও তেওঁ অভিযোগ কৰে। দৈমাৰীয়ে জনোৱা মতে, বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা কৰিও তেওঁ ব্যৰ্থ হয়। দলীয় নেতৃত্বই তেওঁৰ কোনো এটা ফোনৰ উত্তৰ নিদিলে বুলি উল্লেখ কৰি দৈমাৰীয়ে কংগ্ৰেছক…
Read More
আহমেদাবাদত মৰ্মান্তিক ঘটনা! দোচা খাই দুই কণমানিৰ কৰুণ মৃত্যু

আহমেদাবাদত মৰ্মান্তিক ঘটনা! দোচা খাই দুই কণমানিৰ কৰুণ মৃত্যু

বিষাক্ত আহাৰে কাঢ়ি নিলে এটি পৰিয়ালৰ দুগৰাকী কণমানিৰ প্ৰাণ। আহমেদাবাদত ঘৰতে তৈয়াৰী দোচা খোৱাৰ পাছতে হঠাতে অসুস্থ হৈ পৰে চাৰিজন সদস্য। চিকিৎসাধীন অৱস্থাতে যোৱা ৩ এপ্ৰিলত এটি তিনিমহীয়া শিশু আৰু ৫ এপ্ৰিলত চাৰি বছৰীয়া আন এগৰাকী কন্যাৰ মৃত্যু ঘটে। বৰ্তমানো চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে শিশু দুটিৰ পিতৃ-মাতৃ। জানিব পৰা মতে, আহমেদাবাদৰ ঘনশ্যাম ডেইৰী নামৰ দোকান এখনৰ পৰা অনা চাউল আৰু দাইলৰ মিশ্ৰণেৰে তৈয়াৰী খাদ্য খোৱাৰ পাছতে পৰিয়ালটোৰ স্বাস্থ্যৰ অৱনতি ঘটে। মৃত শিশু দুটিৰ ককাক গৌৰীশংকৰ প্ৰজাপতিয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পুত্ৰ বিমলে ওচৰৰে দোকানখনৰ পৰা এই মিশ্ৰণ কিনি আনিছিল। ২ এপ্ৰিলৰ পুৱা বিমল, তেওঁৰ পত্নী ভাৱনা আৰু দুই কন্যাই হঠাতে…
Read More
তামিলনাডু নিৰ্বাচনৰ আটাইতকৈ চহকী প্ৰাৰ্থী AIADMKৰ লিমা ৰোজ; ৫,৮৬৩ কোটি টকাৰ সম্পত্তি ঘোষণাৰে চমক সৃষ্টি

তামিলনাডু নিৰ্বাচনৰ আটাইতকৈ চহকী প্ৰাৰ্থী AIADMKৰ লিমা ৰোজ; ৫,৮৬৩ কোটি টকাৰ সম্পত্তি ঘোষণাৰে চমক সৃষ্টি

প্ৰতিপত্তিশালী প্ৰাৰ্থীৰ এতিয়া উজান উঠিছে তামিলনাডুৰ নিৰ্বাচনী ৰাজনীতিত। ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দাখিল কৰা শপতনামাত প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণে এতিয়া চকু কপালত তুলিছে সাধাৰণ জনতাৰ। এনে ধনী প্ৰাৰ্থীৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে এআইএডিএমকেৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে। মাত্ৰ ষষ্ঠ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা লিমা ৰোজে নিৰ্বাচনী শপতনামাত ঘোষণা কৰা সম্পত্তিৰ মুঠ পৰিমাণ হৈছে ৫,৮৬৩ কোটি টকা। উল্লেখ্য যে ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত লালগুডি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেত্ৰীগৰাকীয়ে। নিৰ্বাচনী বিষয়াক দাখিল কৰা নথি অনুসৰি লিমা ৰোজৰ ১৩৯ কোটি টকাৰ স্থাৱৰ আৰু ৯১০ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে নিজৰ নামত। পৰিয়ালটোৰ ঐশ্বৰ্যৰ এক সিংহভাগ তেওঁৰ স্বামী ব্যৱসায়ী ছেণ্টিয়াগো মাৰ্টিনৰ নামত থকা…
Read More
নিচাসক্ত অৱস্থাত গাড়ী চলাই গুৰুতৰ বিপদত ডেভিদ ৱাৰ্নাৰ; চিডনীত গ্ৰেপ্তাৰ প্ৰাক্তন অষ্ট্ৰেলিয়ান অপেনাৰগৰাকী

নিচাসক্ত অৱস্থাত গাড়ী চলাই গুৰুতৰ বিপদত ডেভিদ ৱাৰ্নাৰ; চিডনীত গ্ৰেপ্তাৰ প্ৰাক্তন অষ্ট্ৰেলিয়ান অপেনাৰগৰাকী

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰ সোমবাৰে নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগত চিডনীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ক্ৰীড়া বিশ্বত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চিডনীৰ মাৰৌব্ৰাত যান-বাহন পৰীক্ষাৰ সময়ত নিউ চাউথ ৱেলছ আৰক্ষীয়ে ৱাৰ্নাৰক আটক কৰে। বৰ্তমান পাকিস্তান ছুপাৰ লীগত কৰাচী কিংছক নেতৃত্ব দি থকা ৩৯ বছৰীয়া খেলুৱৈগৰাকীৰ দেহত নিৰ্ধাৰিত সীমাতকৈ অধিক পৰিমাণৰ এলকহল ধৰা পৰাৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আৰক্ষীৰ পৰীক্ষাত ৱাৰ্নাৰৰ তেজত এলকহলৰ মাত্ৰা ০.১০৪ পোৱা গৈছে। এই পৰিমাণ অষ্ট্ৰেলিয়াৰ আইনী সীমাতকৈ দুগুণতকৈও অধিক। আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে দেওবাৰে বিয়লি প্ৰায় ৫:৩০ বজাত মাৰৌব্ৰাৰ মালাবাৰ ৰোডত আৰক্ষীয়ে…
Read More
অসমত ভ্ৰষ্টাচাৰী চৰকাৰৰ অন্ত পৰাটো নিশ্চিত; জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি খাৰ্গেৰ

অসমত ভ্ৰষ্টাচাৰী চৰকাৰৰ অন্ত পৰাটো নিশ্চিত; জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি খাৰ্গেৰ

অসম বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ মাজতে মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গেৰুৱা দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিমাত ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। সমগ্ৰ দেশৰ ভিতৰতে অসমৰ মুখ্যমন্ত্রীগৰাকী আটাইতকৈ ভ্ৰষ্টাচাৰী বুলি অভিহিত কৰি খাৰ্গেই নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দুৰ্গ কঁপাই তুলিবলৈ চেষ্টা কৰে। সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন কৰি বিজেপি নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে। কংগ্ৰেছ নেতাগৰাকীক বিভিন্ন সময়ত ঠাট্টা-মস্কৰা কৰা কাৰ্যক গৰিহণা দি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আৰ এছ এছৰ…
Read More
কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিঃ হোজাইৰ নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী মোদী

কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিঃ হোজাইৰ নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী মোদী

অসমৰ নিৰ্বাচনী যুঁজত কংগ্ৰেছক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি কংগ্ৰেছে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসমক উন্নয়নৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, কংগ্ৰেছ শাসনত থকাৰ সময়ত কেৱল দুটা পৰিয়ালৰ ভৱিষ্যত গঢ়াতহে ব্যস্ত আছিল- এটা দিল্লীৰ ‘ৰাজকীয় পৰিয়াল’ আৰু আনটো অসমৰ এটা বিশেষ পৰিয়াল। তেওঁলোকৰ একমাত্ৰ শ্লোগান হৈছে ‘পৰিয়াল প্ৰথম’ বুলিও কটাক্ষ কৰে মোদীয়ে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কেৱল মিছা কথা কোৱা আৰু দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ তোলে। তেওঁ গান্ধী পৰিয়ালক দেশৰ…
Read More
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; ১,২৭০ কোটি টকাৰ ঠিকা আবণ্টনত দুৰ্নীতিৰ অভিযোগ

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; ১,২৭০ কোটি টকাৰ ঠিকা আবণ্টনত দুৰ্নীতিৰ অভিযোগ

অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক মহলত এতিয়া সৃষ্টি হৈছে তীব্ৰ জোকাৰণি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ সৈতে জড়িত প্ৰতিষ্ঠানক নীতি-বহিৰ্ভূতভাৱে চৰকাৰী ঠিকা আবণ্টন দিয়াৰ অভিযোগত সোমবাৰে চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে অহা দুসপ্তাহৰ ভিতৰত এটা প্ৰাথমিক অনুসন্ধান পঞ্জীয়ন কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক নিৰ্দেশ প্ৰদান কৰিছে। এই তদন্তৰ জৰিয়তে ২০১৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অৰুণাচলত আবণ্টিত সকলো চৰকাৰী ঠিকা আৰু কাৰ্যাদেশৰ পৰীক্ষা কৰিব চিবিআইয়ে। এই গোচৰটোৰ গুৰুত্ব উপলব্ধি কৰি উচ্চতম ন্যায়ালয়ে অহা ১৬ সপ্তাহৰ ভিতৰত তদন্তৰ স্থিতি সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈকো চিবিআইক নিৰ্দেশ দিয়ে। উল্লেখ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীত এই…
Read More
এআই-প্ৰযুক্তিৰে সৃষ্টি কৰা ভুৱা ভিডিঅ’ক লৈ উত্তপ্ত গুৱাহাটী; বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকী চৌধুৰীৰ

এআই-প্ৰযুক্তিৰে সৃষ্টি কৰা ভুৱা ভিডিঅ’ক লৈ উত্তপ্ত গুৱাহাটী; বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকী চৌধুৰীৰ

নিৰ্বাচনী প্ৰচাৰৰ তুংগত থকাৰ সময়তে এইবাৰ ‘ডিপফেক’ বা কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰে জোকাৰি গৈছে মহানগৰীৰ ৰাজনীতি। গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ এক বিকৃত ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাক লৈ শনিবাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নিজৰ বিৰুদ্ধে চলোৱা এই কুৎসা ৰটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ইতিমধ্যে আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰে চৌধুৰীয়ে। বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চৌধুৰীৰ এই ভিডিঅ’টোক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো-মাংস ভক্ষণৰ প্ৰসংগ টানি কুংকী চৌধুৰী আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি লৈছিল। ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত চৌধুৰী সদৃশ এগৰাকী ব্যক্তিক গো-মাংস…
Read More
অসমৰ ফুটবলৰ কিংবদন্তি গিলবাৰ্টচন চাংমাৰ দেহাৱসান

অসমৰ ফুটবলৰ কিংবদন্তি গিলবাৰ্টচন চাংমাৰ দেহাৱসান

অন্ত পৰিল অসমৰ ফুটবল জগতৰ এটা সোণালী অধ্যায়ৰ। শনিবাৰে পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি ফুটবলাৰ গিলবাৰ্টচন চাংমাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ। ৭০ আৰু ৮০ৰ দশকত নিজৰ অসাধাৰণ আক্ৰমণাত্মক শৈলীৰে ৰাজ্যৰ ফুটবলক এক অনন্য উচ্চতালৈ লৈ গৈছিল এইগৰাকী খেলুৱৈয়ে। ১৯৫৫ চনৰ ২১ এপ্ৰিলত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চাংমা আছিল ৰাজ্যৰ ফুটবল ইতিহাসৰ এজন বিৰল প্ৰতিভা। ১৯৭৫ চনত ভাৰতীয় জ্যেষ্ঠ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰি ইণ্ডোনেছিয়া আৰু থাইল্যান্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ মেচত অংশ লৈছিল তেওঁ। ঘৰুৱা ফুটবলত প্ৰায় ১৭ বছৰ কাল অসম আৰক্ষী আৰু অসম দলৰ হৈ খেলি এক সুকীয়া পৰিচয় দাঙি ধৰিছিল এইগৰাকী খেলুৱৈয়ে। গিলবাৰ্টচন…
Read More
কংগ্ৰেছৰ জয়ৰ সপোন দেখাটো কেৱল এক ‘পাগলামি’; ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছৰ জয়ৰ সপোন দেখাটো কেৱল এক ‘পাগলামি’; ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ

বিৰোধীৰ জয়ৰ সপোনক কেৱল এক ‘পাগলামি’ বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক এজন ‘পাগল’ আখ্যা দি শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জয়ী হ’ব বুলি যিসকলে বিশ্বাস কৰিছে, তেওঁলোককো কঠোৰ ভাষাৰে সমালোচনা কৰে শৰ্মাই। যোৰহাটত ৰাহুল গান্ধীয়ে কৰা এক নিৰ্বাচনী প্ৰচাৰৰ পাছতেই বিজেপি আৰু কংগ্ৰেছৰ মাজত এই বাকযুদ্ধই এতিয়া চৰম সীমা পাইছে। যোৰহাটৰ জনসভাত অংশ লৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰধানমন্ত্ৰী বিশ্বৰ একাংশ নেতাৰ দ্বাৰা প্ৰভাৱিত আৰু ঠিক একেদৰেই মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীকো নিয়ন্ত্ৰণ কৰি আছে বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। গান্ধীৰ এই মন্তব্যক সম্পূৰ্ণৰূপে নাকচ কৰি…
Read More