04
Apr
আম আদমী পাৰ্টি আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ মাজত শেহতীয়াকৈ চলি থকা সংঘাতৰ মাজতে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে আপৰ সাংসদগৰাকীয়ে। শনিবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজৰ বিৰুদ্ধে উঠা সকলো অভিযোগক ‘মিছা’ আৰু ‘পৰিকল্পিত ষড়যন্ত্ৰ’ আখ্যা দিয়ে সাংসদগৰাকীয়ে। তেওঁ কয় যে সংসদত হুলস্থূল কৰিবলৈ নহয়, বৰঞ্চ দেশৰ হিতৰ বাবে এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে তেওঁ সদনলৈ যায়। আম আদমী পাৰ্টীয়ে তেওঁৰ বিৰুদ্ধে অনা সকলো অভিযোগ এতিয়া পোনচাটেই নাকচ কৰিছে চাড্ডাই। নিজৰ অৱস্থিতি স্পষ্ট কৰি সাংসদগৰাকীয়ে কয়, "মই সংসদত হুলস্থূল কৰিবলৈ নহয়, এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে যাওঁ। যিহেতু সংসদ টেক্সপেয়াৰ বা কৰদাতাৰ ধনেৰে চলে, সেয়েহে ৰাইজৰ সমস্যাসমূহ তাত সঠিকভাৱে উত্থাপন কৰাটো মোৰ…
