Paromita

898 Posts
৩ লাখ জনতাৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

৩ লাখ জনতাৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ ৩ লাখৰো অধিক লোকৰ পৰামৰ্শ। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা সদৰী কৰি কয় যে জনসাধাৰণৰ সৈতে কৰা ব্যাপক আলোচনাৰ ভিত্তিতহে এই নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰা হৈছে। ৰাজ্যখনৰ চুকে-কোণে থকা দলীয় কৰ্মীসকলে ঘৰে ঘৰে গৈ জনসাধাৰণৰ পৰা পৰামৰ্শ সংগ্ৰহ কৰাৰ পাছতহে এই গুৰুত্বপূৰ্ণ দস্তাবেজখনে চূড়ান্ত ৰূপ পাইছে। অনাগত দিনত অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বিজেপিয়ে উদ্যোগ, কৰ্মসংস্থাপন আৰু আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে সোণোৱালে। বিশেষকৈ ২৭ হাজাৰ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু ‘এডভান্টেজ আছাম’ৰ অধীনত…
Read More
নিজ ঘৰখনতে পুনৰ জনম ৰাজা ৰঘুবংশীৰ! এবছৰ পূৰ্বে শ্বিলঙত পত্নীয়ে কাঢ়িছিল প্ৰাণ

নিজ ঘৰখনতে পুনৰ জনম ৰাজা ৰঘুবংশীৰ! এবছৰ পূৰ্বে শ্বিলঙত পত্নীয়ে কাঢ়িছিল প্ৰাণ

পুনৰ উভতি আহিছে ৰাজা! হানিমুনলৈ গৈ শ্বিলঙত পত্নীৰ হাততে প্ৰাণ হেৰুওৱা ৰাজা ৰঘুবংশীৰ এতিয়া পুনৰ জন্ম হোৱা বুলি চৰ্চা চলিছে মধ্যপ্ৰদেশৰ ইন্দোৰত। দেওবাৰে ৰাজাৰ ককায়েক শচীন ৰঘুবংশীৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হোৱাৰ পাছতে পৰিয়ালটোৱে দাবী কৰিছে যে তেওঁলোকৰ হেৰাই যোৱা ৰাজা আকৌ উভতি আহিছে। কেৱল সেয়াই নহয়, নৱজাতকটিৰ জন্মৰ সময় আৰু তিথিৰ সৈতে নিহত ৰাজাৰ মৃত্যুৰ সময়ৰ আচৰিত মিল থকাৰ কাৰ্যই এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে। যোৱা বছৰৰ মে' মাহত মেঘালয়ৰ শ্বিলঙত সংঘটিত হোৱা এক চাঞ্চল্য্যকৰ হত্যাকাণ্ডত প্ৰাণ হেৰুৱাইছিল পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীয়ে। ন-বিবাহিতা পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি ৰাজাক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি,…
Read More
নিৰ্বাচনৰ পাছতে পুনৰ উন্মোচিত হ’ব গৌৰৱ গগৈৰ পাক সম্পৰ্কৰ তথ্যঃ মুখ্যমন্ত্ৰী

নিৰ্বাচনৰ পাছতে পুনৰ উন্মোচিত হ’ব গৌৰৱ গগৈৰ পাক সম্পৰ্কৰ তথ্যঃ মুখ্যমন্ত্ৰী

অসম নিৰ্বাচনৰ উত্তাপ বৃদ্ধি কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগ আৰু অজ্ঞাত বিদেশী সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে কংগ্ৰেছ সাংসদগৰাকীয়ে তেওঁৰ আৰ্থিক বিৱৰণীত যুক্তৰাজ্য আদিকে ধৰি বিদেশত থকা বহু সম্পত্তিৰ তথ্য গোপন কৰি ৰাখিছে। এই লম্পট ৰাজনীতি বন্ধ কৰি গগৈক তেওঁৰ সমস্ত সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিবলৈ চৰকাৰে মুকলি প্ৰত্যাহ্বান জনায়। পাকিস্তানৰ সংবাদ মাধ্যমৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈক লক্ষ্য কৰি কয়, "গৌৰৱ গগৈয়ে বিদেশত থকা তেওঁৰ সকলো সম্পত্তি ঘোষণা কৰিব লাগে। পাকিস্তানত থকা বুলি চৰ্চা হোৱা সম্পত্তিৰ তথ্য তেওঁ কিয় লুকুৱাই ৰাখিছে?" গগৈৰ বিৰুদ্ধে…
Read More
নিৰ্বাচনৰ পূৰ্বে আৰক্ষীৰ বৃহৎ সাফল্য; হেৰ’ইনসহ কাছাৰত দুই সৰবৰাহকাৰীক আটক

নিৰ্বাচনৰ পূৰ্বে আৰক্ষীৰ বৃহৎ সাফল্য; হেৰ’ইনসহ কাছাৰত দুই সৰবৰাহকাৰীক আটক

সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু অসম ৰাইফলছে। কাছাৰ জিলাত নিশা এক অভিযান চলাই অভিযানকাৰীয়ে ৭ কোটি টকাৰ নিষিদ্ধ হেৰ’ইনৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নিশা ভাছকাণ্ডি অঞ্চলত তালাচী চলাই নিৰাপত্তাৰক্ষীৰ দলে বৃহৎ পৰিমাণৰ এই নিচাসক্ত সামগ্ৰীখিনি উদ্ধাৰ কৰে। মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলা এই অভিযানত আৰক্ষীয়ে এখন বাহন আৰু দুটা ম'বাইল ফোনো জব্দ কৰিছে। আটকাধীন অভিযুক্ত দুজনক অধিক তথ্যৰ বাবে বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে। প্ৰাথমিক তদন্তত এই ড্ৰাগছৰ সৈতে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী বিষয়াসকলে। এই বৃহৎ সাফল্যই অঞ্চলটোত সক্ৰিয়…
Read More
নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতা; নাৰ্ছিং জগতৰ বাবে গৌৰৱৰ ক্ষণ

নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতা; নাৰ্ছিং জগতৰ বাবে গৌৰৱৰ ক্ষণ

নেপালৰ নতুন স্বাস্থ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচিলে দিল্লী এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতাই। দিল্লীস্থ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চৰ নাৰ্ছিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীগৰাকীৰ এই বিৰল কৃতিত্বই এতিয়া সমগ্ৰ নাৰ্ছিং সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেওবাৰে এইমছ কৰ্তৃপক্ষই জাৰি কৰা এক চৰকাৰী বিবৃতিত মেহতাৰ এই সফলতাক প্ৰতিষ্ঠানটোৰ বাবে এক ডাঙৰ সন্মান বুলি অভিহিত কৰে। উল্লেখ্য যে যোৱা ২৭ মাৰ্চত নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে মেহতাই। নিশা মেহতাৰ এই যাত্ৰাক লৈ এইমছ দিল্লীয়ে কয়, "বিচনাৰ কাষত ৰোগীৰ সেৱা কৰাৰ পৰা এতিয়া এক গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণকাৰী পদলৈকে নিশা মেহতাৰ এই যাত্ৰাই নাৰ্ছিং বৃত্তিৰ বৰ্ধিত পৰিসৰ আৰু নেতৃত্বৰ সম্ভাৱনাক প্ৰতিফলিত…
Read More
চাৰিওখন সদনৰ সদস্য হোৱাৰ বিৰল কৃতিত্ব; বিধান পৰিষদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ নীতিশ কুমাৰ

চাৰিওখন সদনৰ সদস্য হোৱাৰ বিৰল কৃতিত্ব; বিধান পৰিষদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ নীতিশ কুমাৰ

বিহাৰৰ সংসদীয় ৰাজনীতিত এক দীঘলীয়া অধ্যায়ৰ সামৰণি মাৰি সোমবাৰে ৰাজ্যিক বিধান পৰিষদৰ পৰা পদত্যাগ কৰিলে মুখ্যমন্ত্রী নীতিশ কুমাৰে। চলিত মাহৰ ১৬ মাৰ্চত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত সাংবিধানিক বাধ্যবাধকতাৰ বাবে জে ডি ইউৰ মুৰব্বীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। নিয়ম অনুসৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ ১৪ দিনৰ ভিতৰত বিধান পৰিষদৰ সদস্যপদ ত্যাগ নকৰিলে নতুন পদটো স্বয়ংক্ৰিয়ভাৱে বাতিল হয়। সেইমৰ্মে ১০ এপ্ৰিলত আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সদস্য হিচাপে শপত ল’ব বিহাৰৰ আটাইতকৈ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নীতিশ কুমাৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি বিধান পৰিষদৰ অধ্যক্ষ আৱধেশ নাৰায়ণ সিঙে কয়, "আজি পুৱা মুখ্যমন্ত্ৰীয়ে মোৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু বৰ্তমান ইয়াৰ আনুষ্ঠানিক প্ৰক্ৰিয়া চলি আছে।" তেওঁ লগতে কয়,…
Read More
আমেৰিকান ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা; ৯৫ৰ সীমা অতিক্ৰম টকাৰ মূল্যৰ

আমেৰিকান ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা; ৯৫ৰ সীমা অতিক্ৰম টকাৰ মূল্যৰ

ইতিহাসৰ সৰ্বনিম্ন স্তৰত এতিয়া উপনীত হ’ল ভাৰতীয় মুদ্ৰা। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ ধাৰাবাহিক পতনে সোমবাৰে স্পৰ্শ কৰিলে ৯৫ৰ ঘৰ। খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু বিশ্ব ৰাজনীতিৰ উত্তেজনাৰ বাবে ডলাৰ অধিক শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত টকাৰ আন্তঃবেংক বিনিময় মূল্য ৯৫.২২ লৈ হ্ৰাস পায়। দিনটোৰ আৰম্ভণিত ৰিজাৰ্ভ বেংকে কিছু দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল যদিও বিয়লিৰ ভাগলৈ টকাৰ মান ১৬০ পইচাকৈ নিম্নগামী হয়। বৈদেশিক মুদ্ৰা বিনিময় বজাৰৰ তথ্য অনুসৰি শুকুৰবাৰে টকাৰ মূল্য ৯৪.৮৫ ত বন্ধ হৈছিল। সোমবাৰে পুৱা ৯৩.৬২ টকাত বজাৰ খোল খাই এক সময়ত ই ৯৩.৫৭ লৈ উন্নীত হৈছিল। কিন্তু এই ধাৰা অব্যাহত ৰাখিব নোৱাৰি টকাৰ মূল্যই অৱশেষত এক অভূতপূৰ্ব পতনৰ মুখ…
Read More
কংগ্ৰেছৰ নিশ্চিত পৰাজয়ৰ অজুহাত বিচাৰিবলৈহে ৰণক্ষেত্ৰত নমোৱা হৈছে খাৰ্গেকঃ মুখ্যমন্ত্ৰীৰ দাবী

কংগ্ৰেছৰ নিশ্চিত পৰাজয়ৰ অজুহাত বিচাৰিবলৈহে ৰণক্ষেত্ৰত নমোৱা হৈছে খাৰ্গেকঃ মুখ্যমন্ত্ৰীৰ দাবী

নিৰ্বাচিত পৰাজয়ৰ বাবে এক নতুন অজুহাত এতিয়া বিচাৰি ফুৰিছে কংগ্ৰেছে। দেওবাৰে ডিফু ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলে ইতিমধ্যে নিজৰ বিপৰ্যয়ৰ ভূমি প্ৰস্তুত কৰিছে বুলি দাবী কৰি তেওঁ কয় যে পৰাজয়ৰ বোজা জাপি দিবলৈকে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অসমৰ নিৰ্বাচনী পথাৰত নমাই দিয়া হৈছে। কংগ্ৰেছ নেতৃত্বক অসমীয়াৰ আৱেগক আঘাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শৰ্মাই কয়, "খাৰ্গে পৰিয়ালৰ পিতৃ-পুত্ৰই অসমক অপমান কৰিছে।" দলটোৰ নিৰ্বাচনী ৰণনীতিয়ে তেওঁলোকৰ দুৰ্বলতাকহে প্ৰতিফলিত কৰিছে বুলিও তেওঁ কটাক্ষ কৰে। বিশেষকৈ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বিৰোধিতা কৰা লোকক তাৰকা প্ৰচাৰক হিচাপে অনা কাৰ্যক লৈ তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।…
Read More
বিজনীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী হুংকাৰ; বিটিআৰৰ ১৫ খন আসনেই দখল কৰিব এনডিএ-ই

বিজনীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী হুংকাৰ; বিটিআৰৰ ১৫ খন আসনেই দখল কৰিব এনডিএ-ই

অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিকূল বতৰকো নেওচি চিৰাং জিলাৰ বিজনী সমষ্টিত এক বিশাল নিৰ্বাচনী জনসভাত অংশ ল’লে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিজনীৰ বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থনত আয়োজিত এই সভাত হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিয়ে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰৰ ৰাজনৈতিক সমীকৰণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ এনডিএ মিত্ৰজোঁটৰ স্থিতি স্পষ্ট কৰি কয়, "বৰ্তমান বিটিআৰত ইউপিপিএল আমাৰ এনডিএ মিত্ৰজোঁটৰ অংশ নহয়। এই অঞ্চলত বিজেপি আৰু বিপিএফৰ মাজতহে মিত্ৰতা আছে আৰু বিটিচিৰ উন্নয়নৰ বাবে এই দুই শক্তি একগোট হৈ থকাটো জৰুৰী।"…
Read More
কোকৰাঝাৰত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ‘ড্ৰাই ডে’ ঘোষণা; সুৰা বিক্ৰী আৰু মজুতকৰণত কঠোৰ নিষেধাজ্ঞা

কোকৰাঝাৰত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ‘ড্ৰাই ডে’ ঘোষণা; সুৰা বিক্ৰী আৰু মজুতকৰণত কঠোৰ নিষেধাজ্ঞা

অসমত নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক কঠোৰ পদক্ষেপ। অনাগত নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলাখনত ‘ড্ৰাই ডে’ ঘোষণা কৰিছে প্ৰশাসনে। জিলা দণ্ডাধীশ পি উদয় প্ৰবীণে জাৰি কৰা এক নিৰ্দেশনা মৰ্মে নিৰ্বাচনৰ পূৰ্বৱৰ্তী সময়ছোৱাত সুৰা বিক্ৰীৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰশাসনৰ এই নতুন নিৰ্দেশনা অনুসৰি অহা ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ সমগ্ৰ জিলাখনতে সুৰা নিষিদ্ধ থাকিব। ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পূৰ্বৰ এই গুৰুত্বপূৰ্ণ ৪৮ ঘণ্টাৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু অসম আবকাৰী…
Read More