অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিকূল বতৰকো নেওচি চিৰাং জিলাৰ বিজনী সমষ্টিত এক বিশাল নিৰ্বাচনী জনসভাত অংশ ল’লে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিজনীৰ বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থনত আয়োজিত এই সভাত হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিয়ে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰৰ ৰাজনৈতিক সমীকৰণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ এনডিএ মিত্ৰজোঁটৰ স্থিতি স্পষ্ট কৰি কয়, “বৰ্তমান বিটিআৰত ইউপিপিএল আমাৰ এনডিএ মিত্ৰজোঁটৰ অংশ নহয়। এই অঞ্চলত বিজেপি আৰু বিপিএফৰ মাজতহে মিত্ৰতা আছে আৰু বিটিচিৰ উন্নয়নৰ বাবে এই দুই শক্তি একগোট হৈ থকাটো জৰুৰী।”
ইউপিপিএলে স্বতন্ত্ৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবেই তেওঁলোক মিত্ৰজোঁটৰ বাহিৰত থকা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও বিটিচিৰ মুঠ ১৫ খন আসনৰ আটাইকেইখনতে এনডিএ বিজয়ী হ’ব বুলি তেওঁ তীব্ৰ আত্মবিশ্বাস প্ৰকাশ কৰে।
ইফালে, শনিবাৰে নিশা অখিল গগৈৰ সৈতে হোৱা বুলি চৰ্চিত এক টেলিফোনিক বাৰ্তালাপৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।
উল্লেখযোগ্য যে বেয়া বতৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গোসাঁইগাঁৱৰ সভা বাতিল হ’লেও মুখ্যমন্ত্ৰীয়ে বিজনীত উপস্থিত হৈ দলীয় কৰ্মীসকলক উৎসাহিত কৰে। সমষ্টিটোত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰি তেওঁ অঞ্চলটোৰ সৰ্বাংগীণ বিকাশৰ বাবে মিত্ৰজোঁটক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।
