10
Apr
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰত আজি তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা সাময়িক সকাহ লাভ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই। ন্যায়ালয়ে খেড়াক এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। ন্যায়াধীশ কে সুজনাই আজি এই ৰায়দান কৰি জনায় যে আবেদনকাৰীক সংশ্লিষ্ট আদালতত আবেদন দাখিল কৰিবলৈ এসপ্তাহৰ সময় দিয়া হৈছে। উক্ত শুনানিৰ সময়ত খেড়াৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি দৰ্শায় যে এয়া কেৱল এক মানহানিৰ গোচৰহে। ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে খেড়াক হাৰাশাস্তি কৰিবলৈকে আৰক্ষীক ব্যৱহাৰ কৰা হৈছে বুলিও তেওঁ আদালতত মন্তব্য কৰে। সিংভীৰ মতে, এজন ৰাজনৈতিক বিৰোধীক নিমাত কৰিবলৈ আইনৰ অপব্যৱহাৰ কৰি এনেদৰে গ্ৰেপ্তাৰৰ ভাবুকি…
