নিৰ্বাচনৰ এদিন পূৰ্বে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে ঘোষণা কৰিছে এক চৰম সিদ্ধান্ত। দলীয় নেতৃত্বৰ বিৰুদ্ধে ‘বিশ্বাসঘাতকতা’ৰ বিস্ফোৰক অভিযোগ তুলি কংগ্ৰেছ ত্যাগ কৰে প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত দৈমাৰীৰ এই সিদ্ধান্তই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণি তুলিছে।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সুৰেন দৈমাৰীয়ে কংগ্ৰেছে তেওঁক ‘প্ৰতাৰণা’ কৰা বুলি ক্ষোভ উজাৰে। দলটোৱে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে যদিও নিৰ্বাচনী প্ৰচাৰৰ সময়ত কোনো ধৰণৰ সঁহাৰি নিদিলে বুলিও তেওঁ অভিযোগ কৰে। দৈমাৰীয়ে জনোৱা মতে, বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা কৰিও তেওঁ ব্যৰ্থ হয়। দলীয় নেতৃত্বই তেওঁৰ কোনো এটা ফোনৰ উত্তৰ নিদিলে বুলি উল্লেখ কৰি দৈমাৰীয়ে কংগ্ৰেছক এটা ‘বিশ্বাসঘাতক’ দল বুলি অভিহিত কৰে।

নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতে দলৰ পৰা কোনো ধৰণৰ সমৰ্থন বা সহযোগিতা লাভ নকৰাৰ বাবেই তেওঁ আঁতৰি আহিবলৈ বাধ্য হৈছে বুলি সংবাদ মাধ্যমক জনায়। কংগ্ৰেছে কেৱল তুষ্টীকৰণৰ ৰাজনীতি কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ওদালগুৰিৰ এইগৰাকী প্ৰাৰ্থীয়ে। বিশেষকৈ দলটোৱে ‘মিঞা’ সম্প্ৰদায়ক লৈ ৰাজনীতি কৰি থকা বুলি তেওঁ বিস্ফোৰক মন্তব্য কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *