Paromita

903 Posts
খানাপাৰাত নতুন চৰকাৰৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পন্ন; আজি নিশা গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

খানাপাৰাত নতুন চৰকাৰৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পন্ন; আজি নিশা গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

অসমত নতুনকৈ গঠন হ’বলগীয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ বাবে এতিয়া উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। কাইলৈ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া এই ভব্য অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লবলৈ আজি দিনৰ ভাগত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নিৰাপত্তা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি মঞ্চ সজ্জালৈকে সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰি তেওঁ সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ দাঙি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আজি নিশাই গুৱাহাটীত উপস্থিত হ’ব। কাইলৈ পুৱা ১১ বজাত অসমৰ নতুন চৰকাৰখনে আনুষ্ঠানিকভাৱে শপত ল’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।…
Read More
দিল্লীৰ নেহৰু প্লেচত উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতীক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ; গোচৰ ৰুজু

দিল্লীৰ নেহৰু প্লেচত উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতীক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ; গোচৰ ৰুজু

দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ বৰ্ণবৈষম্যমূলক আচৰণ আৰু আক্ৰমণৰ বলি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতী। দেওবাৰে পুৱা দক্ষিণ দিল্লীৰ নেহৰু প্লেচ অঞ্চলত দুই যুৱতীক অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহে। এই ঘটনাক লৈ দিল্লী আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত কেইবাঠাইতো অভিযান চলাইছে। দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি, ১০ মে'ৰ পুৱা প্ৰায় ৭ বজাত কল্কাজী আৰক্ষী থানাত এজন ভুক্তভোগীৰ পৰা এটা ফোন কল লাভ কৰা হয়। নেহৰু প্লেচৰ ইৰ’ছ হোটেলৰ সমীপৰ এখন চাহৰ দোকানত এই ঘটনা সংঘটিত হোৱাৰ খবৰ পাই আৰক্ষীৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হয়। প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে অচিনাক্ত…
Read More
শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা

শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা

১২ মে' তাৰিখে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা । সেইদিনা গধুৰ বাহন আৰু ধীৰ চলিত বাবে পুৱা ৯ বজাৰ পৰা ২ বজালৈকে বন্ধ থাকিব কইনাধাৰা পৰা বিমান বন্দৰ সংযোগী পথ ।আনহাতে কইনাধৰাৰ পৰা জালুকবাৰী AEC পইণ্টৰ লৈকে কেৱল এটা লেনতেই যানবাহন চলিবলৈ অনুমতি প্ৰদান । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোডেৰে যাতায়ত কৰিবলৈ আহ্বান ।আনহাতে ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ লেনত কোনো যানবাহন পাৰ্কিং কৰিব নোৱাৰিব । তদুপৰি বতাহঘুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰাৰ ৰাস্তাৰ কাষত পাৰ্কিং কৰিব নোৱাৰিব ।সৰুসজাই, বশিষ্ট পথ, শ্বহীদ ন্যাস পথ ইত্যাদি পথত অনুষ্ঠানলৈ অহা বাহন সমূহৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব।
Read More
শপত গ্ৰহণ অনুষ্ঠানত উপস্হিত থাকিব ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী

শপত গ্ৰহণ অনুষ্ঠানত উপস্হিত থাকিব ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী

নতুন চৰকাৰৰ শপতগ্রহণক লৈ ব্যাপক তৎপৰতা । প্রায় এক লাখ লোকৰ উপস্থিতিত অহা ১২ মে'ত দিনৰ ১১ বজাত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া শপতগ্রহণ অনুষ্ঠানক লৈ এতিয়া উখল-মাখল পৰিবেশ বিৰাজ কৰিছে গেৰুৱা শিবিৰত। শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ কেইবাগৰাকী উদ্যোগপতিৰ লগতে ৰাজ্যৰ কেইবাগৰাকী সত্ৰাধিকাৰ। আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ই লগতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রীও থাকিব অনুষ্ঠানত। একেদৰে অংশ ল'ব দেশৰ প্ৰায় ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকলে। বিজেপি আৰু - অগপৰ বুথ সভাপতি তথা গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিসকলো থাকিব অনুষ্ঠানত। আনহাতে অহা ১০ মে'ৰ পুৱা…
Read More
দুৰ্নীতিগ্ৰস্ত লোকক ক্ষমতাৰ বাঘজৰী গতাই দিয়াটো বিজেপিৰ পুৰণি পৰম্পৰাঃ শিৱসেনা নেতা সঞ্জয় ৰাউত

দুৰ্নীতিগ্ৰস্ত লোকক ক্ষমতাৰ বাঘজৰী গতাই দিয়াটো বিজেপিৰ পুৰণি পৰম্পৰাঃ শিৱসেনা নেতা সঞ্জয় ৰাউত

বংগত ইতিহাস ৰচনা কৰি আজি প্ৰথমবাৰৰ বাবে গঠন হ’ল বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ২১ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। বংগৰ এই চৰকাৰ পৰিৱৰ্তনৰ জোৱাৰৰ মাজতে আজি সৰৱ হৈ পৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটো। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি এয়া বিজেপিৰ এক ভ্ৰষ্ট পৰম্পৰা বুলি অভিহিত কৰে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা সঞ্জয় ৰাউতে। শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে দুৰ্নীতিগ্ৰস্ত লোকক ক্ষমতা প্ৰদান কৰাৰ যি পৰম্পৰা বিজেপিৰ আছে, শুভেন্দু অধিকাৰীক মুখ্যমন্ত্ৰী পাতি সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা হৈছে। ২০২০ চনৰ এক ষ্টিং অপাৰেচনত…
Read More
শুভেন্দু অধিকাৰী জনসাধাৰণৰ আবেগ বুজি পোৱা এজন জনপ্ৰিয় নেতাঃ অভিনন্দন বাৰ্তাত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

শুভেন্দু অধিকাৰী জনসাধাৰণৰ আবেগ বুজি পোৱা এজন জনপ্ৰিয় নেতাঃ অভিনন্দন বাৰ্তাত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰা শুভেন্দু অধিকাৰী হ'ল জনসাধাৰণৰ সৈতে গভীৰভাৱে জড়িত আৰু তেওঁলোকৰ আশা-আকাংক্ষা বুজি পোৱা এজন প্ৰকৃত নেতা। শনিবাৰে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰে। ৰাজ্যখনত বিজেপিৰ এই নতুন যাত্ৰাক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেন্দু অধিকাৰীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ কাৰ্যকাল ফলপ্ৰসূ হোৱাৰ কামনা কৰে। অনুষ্ঠানৰ শেষত সামাজিক মাধ্যম এক্সৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰি নৰেন্দ্ৰ মোদীয়ে কয়, "পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা শুভেন্দু অধিকাৰী জীক অভিনন্দন জনাইছোঁ। তেওঁ এজন এনে নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে যিয়ে জনসাধাৰণৰ অতি কাষৰ পৰা তেওঁলোকৰ মনৰ কথা বুজি পায়।"…
Read More
বংগত বিজেপিৰ জয় ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলিঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

বংগত বিজেপিৰ জয় ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলিঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

পশ্চিমবংগত বিজেপিৰ এই ঐতিহাসিক বিজয় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি। বংগৰ নিৰ্বাচনত বিজেপিৰ এই অভূতপূৰ্ব জয়ক লৈ শনিবাৰে নাগপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। ৰাজ্যখনৰ জনসাধাৰণৰ মাজত এতিয়া বিজেপিৰ মতাদৰ্শই সম্পূৰ্ণ স্বীকৃতি লাভ কৰিছে আৰু এই ক্ষমতাৰ পৰিৱৰ্তনে উন্নয়ণৰ এক নতুন পথ প্ৰশস্ত কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে। কলকাতাত অনুষ্ঠিত হ’বলগীয়া শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ ৰাওনা হোৱাৰ পূৰ্বে গাডকাৰীয়ে দলীয় কৰ্মীসকলৰ উৎসাহৰ কথা উল্লেখ কৰে। তেওঁ কয়, "মুখাৰ্জীয়ে অতি প্ৰতিকূল পৰিস্থিতিৰ মাজত জনসংঘ প্ৰতিষ্ঠা কৰিছিল আৰু আজি বংগৰ মাটিত সেই মতাদৰ্শই জয়লাভ কৰাটো এক ডাঙৰ প্ৰাপ্তি।"…
Read More
১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে'ত শপত ল'ব ৰাজ্যৰ নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সিদিনা দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব । প্ৰায় এক লাখ লোকৰ উপস্থিতিত হ'বলগীয়া শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী  লগতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ প্রমুখ্যে কেইবাগৰাকী কেন্দ্রীয় মন্ত্ৰী আৰু এন ডি এশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে। শপতগ্রহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে ব্যাপক প্রস্তুতি আৰম্ভ হৈছে ।
Read More
গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ

গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ

চুলি আৰু ছালৰ আধুনিক চিকিৎসাৰ যাত্ৰাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি গুৱাহাটীত নিজৰ নতুন শাখা মুকলি কৰিলে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকে। এই নতুন কেন্দ্ৰ মুকলিৰ জৰিয়তে ভাৰত তথা সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠানটোৱে নিজৰ উপস্থিতি ১৫০ খনতকৈও অধিক ক্লিনিকলৈ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হয়। ইফালে, গুৱাহাটীৰ এই নতুন শাখাৰ ভব্য উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তেওঁৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক চৰণ ভেল জে-য়ে।
Read More
পাঞ্জাবত ই ডিৰ অভিযানক লৈ উত্তপ্ত ৰাজনীতি; আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি আমন আৰোৰাক লৈ বিতৰ্ক

পাঞ্জাবত ই ডিৰ অভিযানক লৈ উত্তপ্ত ৰাজনীতি; আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি আমন আৰোৰাক লৈ বিতৰ্ক

পাঞ্জাবত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডি-য়ে চলোৱা এক তীব্ৰ অভিযানৰ পাছতে এতিয়া বিমোৰত পৰিছে শাসকীয় আম আদমি পাৰ্টি। মহালীত দুটা ৰিয়েল এষ্টেট গোষ্ঠীৰ সৈতে জড়িত ১২ টা স্থানত চলোৱা এই তালাচীত পাঞ্জাব আপৰ মুৰব্বী তথা কেবিনেট মন্ত্ৰী আমন আৰোৰাৰ নাম সাঙোৰ খাই পৰিছে। ভূৱা নথি-পত্ৰৰে ভূমিৰ ব্যৱহাৰ পৰিৱৰ্তন কৰা আৰু গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে এই অভিযান চলায়। খৰাৰৰ এখন হাউচিং চছাইটিত ই ডিৰ দল উপস্থিত হোৱাৰ লগে লগে এক নাটকীয় পৰিৱেশৰ সৃষ্টি হয়। তালাচীৰ সময়তে নৱম মহলাৰ পৰা ২১ লাখ টকা ভৰ্তি দুটা বেগ তললৈ দলিয়াই দিয়াৰ তথ্য পোহৰলৈ আহিছে। মধ্যভোগী নীতিন গোহেলৰ সৈতে জড়িত এই স্থানৰ পৰা…
Read More