শুভেন্দু অধিকাৰী জনসাধাৰণৰ আবেগ বুজি পোৱা এজন জনপ্ৰিয় নেতাঃ অভিনন্দন বাৰ্তাত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰা শুভেন্দু অধিকাৰী হ’ল জনসাধাৰণৰ সৈতে গভীৰভাৱে জড়িত আৰু তেওঁলোকৰ আশা-আকাংক্ষা বুজি পোৱা এজন প্ৰকৃত নেতা। শনিবাৰে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰে। ৰাজ্যখনত বিজেপিৰ এই নতুন যাত্ৰাক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেন্দু অধিকাৰীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ কাৰ্যকাল ফলপ্ৰসূ হোৱাৰ কামনা কৰে।

অনুষ্ঠানৰ শেষত সামাজিক মাধ্যম এক্সৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰি নৰেন্দ্ৰ মোদীয়ে কয়, “পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা শুভেন্দু অধিকাৰী জীক অভিনন্দন জনাইছোঁ। তেওঁ এজন এনে নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে যিয়ে জনসাধাৰণৰ অতি কাষৰ পৰা তেওঁলোকৰ মনৰ কথা বুজি পায়।” প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোৰ সৈতে শুভেন্দু অধিকাৰীক মঞ্চত অভিনন্দন জনোৱা এখন ছবি আৰু দেৱী দুৰ্গাৰ এখন প্ৰতিচ্ছবিও শ্বেয়াৰ কৰে।

কলকাতাৰ এই বিশাল শপত গ্ৰহণ সমাৰোহত প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে। ইয়াৰ লগতে এন ডি এ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও এই ঐতিহাসিক ক্ষণত অংশগ্ৰহণ কৰি শুভেন্দু অধিকাৰীক শুভেচ্ছা জ্ঞাপন কৰে। বংগত প্ৰথমবাৰৰ বাবে গঠিত হোৱা এই বিজেপি চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণৰ আশা পূৰণৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে বিজেপি নেতৃত্বই।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *