১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত ল’ব ৰাজ্যৰ নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সিদিনা দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব । প্ৰায় এক লাখ লোকৰ উপস্থিতিত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী  লগতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ প্রমুখ্যে কেইবাগৰাকী কেন্দ্রীয় মন্ত্ৰী আৰু এন ডি এশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে। শপতগ্রহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে ব্যাপক প্রস্তুতি আৰম্ভ হৈছে ।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *