Paromita

903 Posts
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা; চৰকাৰী ব্যয় কৰ্তনৰ বাবে কেবিনেটত কেইবাটাও বিশেষ সিদ্ধান্ত

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা; চৰকাৰী ব্যয় কৰ্তনৰ বাবে কেবিনেটত কেইবাটাও বিশেষ সিদ্ধান্ত

অসমৰ নৱগঠিত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে বুধবাৰে লোৱা হয় চৰকাৰী ব্যয় কৰ্তনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীত অনুষ্ঠিত এই বৈঠকৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰৰ প্ৰশাসনিক কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰে। অহা ২১, ২২, ২৫ আৰু ২৬ মে'ত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব, য’ত নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। এই অধিবেশনৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক সাময়িক অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ ৰাজ্যপালক অনুৰোধ জনোৱা হৈছে। প্ৰশাসনিক সংস্কাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আগন্তুক ছমাহৰ বাবে চৰকাৰী ব্যয় কৰ্তন কৰিবলৈ কেবিনেটে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’’ মন্ত্ৰীসকলৰ বিভাগসমূহ…
Read More
উন্মুক্ত নলাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ; ২৫ মে’ৰ ভিতৰত অগ্ৰগতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰক

উন্মুক্ত নলাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ; ২৫ মে’ৰ ভিতৰত অগ্ৰগতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰক

ৰাজ্যৰ নগৰীয়া আন্তঃগাঁথনিত থকা উন্মুক্ত নলাসমূহক জনসাধাৰণৰ জীৱনৰ প্ৰতি এক গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্যৰ চহৰ তথা নগৰসমূহৰ বিপজ্জনক নিষ্কাশন ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি সোমবাৰে আদালতে সকলো উন্মুক্ত নলা অতি শীঘ্ৰে বন্ধ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। অধিবক্তা সন্দীপ চামৰিয়াৰ এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে অহা ২৫ মে’ৰ ভিতৰত এই কামৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে চৰকাৰী পক্ষক সতৰ্ক কৰি দি কয় যে সমগ্ৰ অসমৰ চহৰসমূহৰ নিষ্কাশন ব্যৱস্থা এনেদৰে সুনিশ্চিত কৰিব লাগে যাতে ৰাজহুৱা স্থানত এটাও উন্মুক্ত নলা থাকিবলৈ নাপায়। এই প্ৰক্ৰিয়াৰ সৈতে জড়িত গুৱাহাটী পৌৰ নিগমৰ…
Read More
জনপ্ৰিয় কবি জোনমণি দাসৰ অকাল বিয়োগ! শোকস্তব্ধ অসমৰ সাহিত্য জগত

জনপ্ৰিয় কবি জোনমণি দাসৰ অকাল বিয়োগ! শোকস্তব্ধ অসমৰ সাহিত্য জগত

শব্দৰ সূতাৰে কবিতাৰ মালা গাঁথি জীৱন আৰু প্ৰকৃতিক ভাল পাবলৈ শিকোৱা মানুহজন আৰু নাই! জটিল ৰোগৰ সৈতে যুঁজি যুঁজি মঙলবাৰে ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অসমীয়া কবি জোনমণি দাসে। ডিব্ৰুগড়ৰ মেডিচিটী হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুৰ ওচৰত হাৰ মানে তৰুণ কবিগৰাকীয়ে। তেওঁৰ এই আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ অসমৰ সাহিত্য সমাজক ম্ৰিয়মাণ কৰি তুলিছে। ১৯৮৫ চনৰ ৩১ মে’ত শিৱসাগৰত জন্মগ্ৰহণ কৰা জোনমণি দাসে আধুনিক অসমীয়া কবিতাৰ জগতত এক বলিষ্ঠ আৰু স্বকীয় কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰে। সাহসী আৰু স্পষ্ট…
Read More
আজি অসমৰ বাবে এটা মহৎ দিনঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণত অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

আজি অসমৰ বাবে এটা মহৎ দিনঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণত অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই দিনটোক ‘অসমৰ বাবে এক মহৎ দিন’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে শৰ্মাৰ নেতৃত্ব আৰু প্ৰশাসনিক দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নিজেই উপস্থিত থাকি চৰকাৰখনক আশীৰ্বাদ প্ৰদান কৰে। সামাজিক মাধ্যম এক্সত এক পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "অসমৰ বাবে এক মহৎ দিন! ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছে। শপত গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মা জীক অভিনন্দন জনাইছোঁ। তেওঁ এগৰাকী সুদক্ষ প্ৰশাসক হিচাপে…
Read More
আচল চিনেমা এতিয়াহে আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰীৰ শপত লৈয়েই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

আচল চিনেমা এতিয়াহে আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰীৰ শপত লৈয়েই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ শাসনত বিজেপিৰ একছত্ৰী আধিপত্য পুনৰ সাব্যস্ত কৰি মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল ড° হিমন্ত বিশ্ব শৰ্মা। উত্তৰ-পূৰ্বাঞ্চলত গেৰুৱা দলৰ অভ্যুদ্বয়ৰ মূল কাণ্ডাৰী হিচাপে পৰিচিত শৰ্মাই এন ডি এৰ বিপুল বিজয়ৰ পাছত এতিয়া ৰাজ্যখনত নেতৃত্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। ১২৬ খন আসনৰ ভিতৰত ৮২ খন আসনত বিজেপিৰ এই বিৰল জয়ৰ লগতে ড° শৰ্মাৰ প্ৰত্যাৱৰ্তনে ৰাষ্ট্ৰীয় ৰাজনীতিতো বিশেষ চৰ্চা লাভ কৰিছে। শপত গ্ৰহণৰ পাছতেই এক অত্যন্ত আক্ৰমণাত্মক ভংগীত সমৰ্থকক সম্বোধন কৰে নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, "মোৰ প্ৰথমটো কাৰ্যকাল আছিল কেৱল এটা ট্ৰেইলাৰহে, আচল চিনেমাখন এতিয়া দ্বিতীয়টো কাৰ্যকালতহে উন্মোচিত হ’ব।" তেওঁৰ এই মন্তব্যই আগন্তুক সময়ত শাসন ব্যৱস্থা আৰু সংস্কাৰৰ নামত চৰকাৰে…
Read More
দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি মঙলবাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক ভব্য অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° শৰ্মাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এই শপত গ্ৰহণ সমাৰোহত দেশৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। শপত গ্ৰহণৰ পাছতেই সংবাদ মাধ্যমৰ আগত ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব আৰু অসমৰ শান্তি, প্ৰগতি তথা উন্নয়নৰ বাবে কাম কৰি যাব। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিপুল জনাদেশ লাভ কৰি ধাৰাবাহিকভাৱে…
Read More
কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ সফলতাঃ অভিযানত আটক তিনি অভিযুক্ত

কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ সফলতাঃ অভিযানত আটক তিনি অভিযুক্ত

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। এই অভিযানকালত বিভাগৰ সজাগ বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰাৰ লগতে মাৰণাস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাজিৰঙাৰ পৰিচালক সোণালী ঘোষে জনোৱা মতে, বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত পূব বনাঞ্চল, গামিৰি আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধানকাৰী শাখাৰ এটা দলে যুটীয়াভাৱে এই অভিযান চলায়। ধৃত চোৰাং চিকাৰী কেইটাক কিৰণ পেগু, ৰিজু পেগু ওৰফে ৰিজুকান্ত আৰু পুলেন কামান বুলি চিনাক্ত কৰা হৈছে। মাজুলী, লক্ষ্মীমপুৰ আৰু বিশ্বনাথৰ বাসিন্দা এই তিনি অভিযুক্তক পূৰ্বৰ বন্যপ্ৰাণী অপৰাধৰ তথ্যৰ ভিত্তিত গ্ৰপ্তাৰ কৰে আৰক্ষীয়ে। অভিযানৰ সময়ত মাজুলীৰ উখল…
Read More
বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

পশ্চিমবংগত নতুন চৰকাৰ গঠন কৰিয়েই এতিয়া সম্পূৰ্ণ একশ্যন মুডত দেখা গৈছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক। ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকতে সীমান্তৰ ভূমি হস্তান্তৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বিশেষকৈ বাংলাদেশ সীমান্তত কাঁটাতাঁৰৰ বেৰ নিৰ্মাণৰ বাবে বি এছ এফক ভূমি হস্তান্তৰৰ যি সিদ্ধান্ত লোৱা হৈছে, সি ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। বাংলাদেশ সীমান্তৰ এই ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া আজিৰ পৰাই আৰম্ভ কৰা হ’ব বুলি বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, "বংগ চৰকাৰে সীমান্তত বেৰ দিয়াৰ বাবে বি এছ এফক ভূমি হস্তান্তৰত অনুমোদন জনাইছে। এই সমগ্ৰ…
Read More
১২ বছৰীয়া ব্যৰ্থতাৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিছে প্ৰধানমন্ত্ৰীয়েঃ ৰাহুল গান্ধী

১২ বছৰীয়া ব্যৰ্থতাৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিছে প্ৰধানমন্ত্ৰীয়েঃ ৰাহুল গান্ধী

১২ বছৰীয়া ব্যৰ্থতাৰ বোজা দেশৰ জনসাধাৰণৰ ওপৰত জাপি দিয়াটো বিজেপি চৰকাৰৰ এক চৰিত্ৰ হৈ পৰিছে। পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশত দেখা দিয়া অৰ্থনৈতিক সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মিতব্যয়ী হোৱাৰ যি আহ্বান জনাইছে, তাক লৈ সোমবাৰে এইদৰে তীব্ৰ আক্ৰমণ চলায় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হোৱা এই নতুন বাকযুদ্ধই এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি উত্তপ্ত কৰি তুলিছে। প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে দেশৰ অৰ্থনীতিক এনে এক পৰ্যায়লৈ ঠেলি দিছে য'ত এতিয়া নাগৰিকক কি কিনিব লাগে বা কেনেকৈ জীয়াই থাকিব লাগে তাৰ উপদেশ দিয়া হৈছে। তেওঁ কয়, "মোদী…
Read More
অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ

অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ

অসম চুক্তিক আখৰে আখৰে পালন কৰাটোৱেই এতিয়া নতুন চৰকাৰখনৰ অন্যতম নৈতিক দায়িত্ব হোৱা উচিত। সোমবাৰে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা তথা বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিজেপিৰ নিৰ্বাচনী বিজয়ৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে শইকীয়াই ৰাজ্যখনৰ কেইবাটাও জ্বলন্ত সমস্যাৰ সমাধানৰ বাবে এক শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। অসমৰ নতুন চৰকাৰখনে ৰাজ্যত শান্তি আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰিব বুলি পত্ৰখনত আশা প্ৰকাশ কৰে নাজিৰাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। তেওঁ কয় যে অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ তথা বহিষ্কাৰৰ দৰে দীৰ্ঘদিনীয়া বিষয়সমূহক নতুন চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগে। ইয়াৰ…
Read More