অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ

অসম চুক্তিক আখৰে আখৰে পালন কৰাটোৱেই এতিয়া নতুন চৰকাৰখনৰ অন্যতম নৈতিক দায়িত্ব হোৱা উচিত। সোমবাৰে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা তথা বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিজেপিৰ নিৰ্বাচনী বিজয়ৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে শইকীয়াই ৰাজ্যখনৰ কেইবাটাও জ্বলন্ত সমস্যাৰ সমাধানৰ বাবে এক শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

অসমৰ নতুন চৰকাৰখনে ৰাজ্যত শান্তি আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰিব বুলি পত্ৰখনত আশা প্ৰকাশ কৰে নাজিৰাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। তেওঁ কয় যে অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ তথা বহিষ্কাৰৰ দৰে দীৰ্ঘদিনীয়া বিষয়সমূহক নতুন চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগে। ইয়াৰ উপৰিও অসমৰ ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰাৰ যি প্ৰক্ৰিয়া সেয়া অধিক ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবেও তেওঁ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।

ৰাজ্যখনৰ সামাজিক পৰিৱেশৰ ওপৰত গুৰুত্ব দি দেৱব্ৰত শইকীয়াই কয় যে নিৰ্বাচনৰ সময়ত বিভিন্ন সম্প্ৰদায় আৰু ভাষিক গোটৰ মাজত সৃষ্টি হোৱা বিভেদ আৰু ঘৃণাৰ পৰিৱেশ দূৰ কৰাটো এতিয়া অত্যন্ত জৰুৰী। সাম্প্ৰদায়িক সম্প্ৰীতি পুনৰুদ্ধাৰ কৰাৰ বাবে চৰকাৰক কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাই তেওঁ কয় যে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে মিলি-জুলি কাম কৰিলেহে ৰাজ্যখনৰ প্ৰকৃত বিকাশ সম্ভৱ হ’ব।

তদুপৰি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ চলিত তদন্ত প্ৰক্ৰিয়াক লৈও পত্ৰখনত উদ্বেগ প্ৰকাশ কৰে বিৰোধী দলৰ প্ৰাক্তন দলপতিগৰাকীয়ে। চৰকাৰক এই তদন্ত ক্ষিপ্ৰ কৰিবলৈ আৰু ভুক্তভোগী পৰিয়ালটোক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ তেওঁ দাবী জনায়। ইয়াৰ সমান্তৰালভাৱে অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্যখনত এটা অটোমোবাইল মেনুফেকচাৰিং হাব স্থাপনৰ পোষকতা কৰি শইকীয়াই কয় যে এনে পদক্ষেপে অসমৰ যুৱক-যুৱতীসকলৰ বাবে বৃহৎ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীগৰাকীক জনকল্যাণমূলক কামৰ জৰিয়তে এক সফল কাৰ্যকাল অতিবাহিত কৰিবলৈ শুভেচ্ছা জ্ঞাপন কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *