উন্মুক্ত নলাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ; ২৫ মে’ৰ ভিতৰত অগ্ৰগতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰক

ৰাজ্যৰ নগৰীয়া আন্তঃগাঁথনিত থকা উন্মুক্ত নলাসমূহক জনসাধাৰণৰ জীৱনৰ প্ৰতি এক গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্যৰ চহৰ তথা নগৰসমূহৰ বিপজ্জনক নিষ্কাশন ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি সোমবাৰে আদালতে সকলো উন্মুক্ত নলা অতি শীঘ্ৰে বন্ধ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। অধিবক্তা সন্দীপ চামৰিয়াৰ এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে অহা ২৫ মে’ৰ ভিতৰত এই কামৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰে।

উচ্চ ন্যায়ালয়ে চৰকাৰী পক্ষক সতৰ্ক কৰি দি কয় যে সমগ্ৰ অসমৰ চহৰসমূহৰ নিষ্কাশন ব্যৱস্থা এনেদৰে সুনিশ্চিত কৰিব লাগে যাতে ৰাজহুৱা স্থানত এটাও উন্মুক্ত নলা থাকিবলৈ নাপায়। এই প্ৰক্ৰিয়াৰ সৈতে জড়িত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক আদালতে যিকোনো সময়তে তথ্যসহ হাজিৰ হ’বলৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ নগৰীয়া আন্তঃগাঁথনিৰ সুৰক্ষা আৰু জননিৰাপত্তা সুনিশ্চিত কৰিবলৈ আদালতৰ এই নিৰ্দেশনা এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

শুনানিৰ সময়ত গড়কাপ্তানি বিভাগে গুৱাহাটীত কোনো উন্মুক্ত নলা নাই বুলি দিয়া তথ্যক পোনচাটেই নাকচ কৰে আদালতে। মহানগৰীৰ বিভিন্ন স্থানত ভ্ৰমণৰ সময়ত কেইবাটাও উন্মুক্ত নলা স্পষ্টকৈ দেখা পোৱা বুলি ন্যায়াধীশে তীক্ষ্ণ পৰ্যবেক্ষণ আগবঢ়ায়। চৰকাৰী বিভাগৰ দায়িত্বহীন মন্তব্যত ক্ষোভ প্ৰকাশ কৰি আদালতে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত অতি তৎপৰতাৰে কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *