Paromita

903 Posts
অসম-নাগালেণ্ড সীমান্তৰ উত্তেজনাক লৈ আছুৰ ক্ষোভ

অসম-নাগালেণ্ড সীমান্তৰ উত্তেজনাক লৈ আছুৰ ক্ষোভ

সৰুপথাৰৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ খেৰবাৰী অঞ্চলত পুনৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷উৰিয়ামঘাটৰ দৈয়াং নৈত অবৈধ শিল খনন ৰোধ কৰিবলৈ সেই স্থান পৰিদৰ্শন কৰিছিল অসমৰ বন বিভাগৰ মুখ্য সচিব এম.কে.যাদৱে । শিল খনন ৰোধ কৰিবলৈ অস্থায়ী নিৰীক্ষণৰ শিবিৰ নিৰ্মাণ কৰিছিল । য'ত বনৰক্ষীৰ লগতে চি আৰ পি এফৰ অস্থায়ী শিবিৰত শতাধিক নগাই আক্ৰমণ চলায় । একপ্ৰকাৰে জ্বলাই দিয়ে সেই শিবিৰ । ইয়াৰ পিছতেই আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সীমান্ত উন্নয়ন মন্ত্ৰীক লৈও প্ৰশ্ন উত্থাপন কৰিছে আছুৱে ।এই আক্ৰমণৰ সময়ত শিবিৰটোত উপস্থিত থকা শ্ৰমিককে ধৰি বন বিভাগৰ প্ৰায় ৭ জনকৈ কৰ্মচাৰীয়ে কোনোমতে নিজৰ প্ৰাণ বচাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য…
Read More

বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান।দেওবাৰে মুম্বাইৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু।৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।বলীউডৰ বহু জনপ্রিয় গীতৰ কণ্ঠশিল্পী আছিল সুমন কল্যাণপুৰ ।
Read More
ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিক লৈ আলোচনা: নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবীয়ৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিক লৈ আলোচনা: নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবীয়ৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

অসমক দেশৰ ভিতৰতে এক অন্যতম ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীস্থিত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱীয়াৰ চৰকাৰী আৱাসগৃহত অনুষ্ঠিত এই বৈঠকে অসমৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত বিশেষ গুৰুত্ব বহন কৰে। প্ৰায় এক ঘণ্টাতকৈও অধিক সময় ধৰি চলা এই বৈঠকত ক্ৰীড়াৰ উপৰি অসমৰ শ্ৰমিকসকলৰ কল্যাণৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰতো দুয়োগৰাকী নেতাই বিতংভাৱে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জন্মদিনৰ দিনাই অনুষ্ঠিত হোৱা এই বৈঠকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত কয়, "‘সেৱাই পৰম ধৰ্ম’ হৈছে বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মূল দৰ্শন। অসমৰ ক্ৰীড়া আন্তঃগাঁথনিৰ…
Read More
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণঃ কোনে কোনে লাভ কৰিব পাৰে মন্ত্ৰিত্ব?

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণঃ কোনে কোনে লাভ কৰিব পাৰে মন্ত্ৰিত্ব?

অসমৰ মুখ্যমন্ত্ৰী ই ঘোষণা কৰা অনুসৰি অহা ৫ জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব। এই ঘোষণাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাক লৈ ৰাজ্যৰ জনতা যিমান উৎকণ্ঠিত হৈছে তাতকৈ বেছি উৎকণ্ঠাত আছে পূৰ্বৰ চৰকাৰৰ একাংশ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক। একেদৰে বহুকেইখন নতুন মুখেও মন্ত্ৰিত্বৰ আশা পালি আছে ৫ জুনৰ দিনটোলৈ? পাছে মন্ত্ৰিত্বৰ দৌৰত কোনে মাৰিব শেষ হাঁহি তাক লৈ এতিয়া দিছপুৰত দিনে ৰাতিয়ে চলিছে চৰ্চা।নতুন মন্ত্ৰীসভাত কোন? বহু প্ৰাক্তন মন্ত্ৰীৰ কটা যাব নাম, নতুন মুখে লাভ কৰিব প্ৰাধান্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইবাৰৰ মন্ত্ৰীসভাত কোনে কোনে…
Read More
নলবাৰীত ছাত্ৰ নেতাৰ নৃশংস হত্যাকাণ্ড! আৰক্ষীৰ গুলীত নিহত অভিযুক্ত ৰোজ আলী

নলবাৰীত ছাত্ৰ নেতাৰ নৃশংস হত্যাকাণ্ড! আৰক্ষীৰ গুলীত নিহত অভিযুক্ত ৰোজ আলী

পুনৰ অপৰাধীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ’ল নলবাৰীৰ ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰোজ আলী। জিলাখনৰ ছাত্ৰ নেতাগৰাকীৰ হত্যাক লৈ ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে মুকালমুৱাত আৰক্ষীৰ সৈতে হোৱা এক তীব্ৰ সংঘৰ্ষত নিহত হয় এই ঘটনাৰ মূল অভিযুক্তটো। জানিব পৰা মতে, মুকালমুৱাৰ গঙ্গাপুৰৰ সমীপত স্কুটীৰে গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল ১৯ বছৰীয়া মাধুৰ্য বৰ্মন আৰু ১৮ বছৰীয়া মৃদুমুদ্ৰা ডেকা। এই আক্ৰমণত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা চামতাৰ বালিপথাৰৰ বাসিন্দা মাধুৰ্য বৰ্মনৰ থিতাতে মৃত্যু ঘটে। আনহাতে, গুৰুতৰভাৱে আহত মৃদুমুদ্ৰা ডেকাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়…
Read More
হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও : সমুজ্জ্বল ভট্টাচাৰ্য

হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও : সমুজ্জ্বল ভট্টাচাৰ্য

নলবাৰীৰ  নৃশংস হত্যা কাণ্ডৰ ঘটনাই জোকাৰিছে ৰাজ্য ।‌নলবাৰীৰ গংগাপুৰ অঞ্চলত আছু কৰ্মীক হানি খুচি হত্যা কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, " মাধুৰ্য্য বৰ্মনক হানি খুচি হত্যা কৰাটো এটা অতি মৰ্মান্তিক ঘটনা । আমাৰ প্ৰচণ্ড, খং ক্ষোভ আছো। ককায়েকে ভনিয়েকক এইখন অসমত লৈ যাব নোৱাৰে, ইয়াত জনসাধাৰণৰ নিৰাপত্তা নোহোৱা হৈছে । ক'ত গ'ল, চৰকাৰ, প্ৰশাসন, স্মাৰ্ট আৰক্ষী । দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব । হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও।
Read More
বিধায়ক তাঞ্জিল হুছেইনক অসম যুৱ কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি

বিধায়ক তাঞ্জিল হুছেইনক অসম যুৱ কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি

ৰাজ্যত দলীয় সংগঠনৰ ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিত এক গুৰুত্বপূৰ্ণ সালসলনি কৰিছে নেতৃত্বই। দলীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পিছতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিধায়ক তাঞ্জিল হুছেইনক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়ে। এই নতুন নিযুক্তিৰ জৰিয়তে ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত দলৰ প্ৰসাৰ বৃদ্ধি আৰু নতুন সাংগঠনিক কৌশল ৰচনাৰ বাবে যুৱনেতাগৰাকীক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। দলীয় সূত্ৰই প্ৰকাশ কৰা এক বিবৃতিত হুছেইনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁ নিজৰ দায়িত্ব সফলভাৱে পালন কৰিব বুলি গভীৰ আত্মবিশ্বাস প্ৰকাশ কৰে। যুৱ কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি থকা তেওঁৰ নিষ্ঠা, নেতৃত্বৰ গুণ আৰু দায়বদ্ধতাই ৰাজ্যখনত সংগঠনটোৰ বিকাশ আৰু ধাৰাবাহিক…
Read More
ৰাজ্যত জুনৰ পৰা সাময়িকভাৱে বন্ধ হ’ল ৰেহাই মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনি

ৰাজ্যত জুনৰ পৰা সাময়িকভাৱে বন্ধ হ’ল ৰেহাই মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনি

বৰ্তমান চলি থকা লেখেয়া বাজেট ব্যৱস্থাৰ বাবে জুন মাহৰ পৰা ৰাজ্য চৰকাৰে সাময়িকভাৱে স্থগিত ৰাখিছে মচুৰ দাইল, চেনি আৰু নিমখৰ ৰেহাই মূল্যৰ যোগান আঁচনি। ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছত সম্পূৰ্ণ বাজেট গৃহীত নোহোৱালৈকে এই আঁচনিখন বন্ধ থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰা তথ্য অনুসৰি, চৰকাৰৰ এই ৰেহাই মূল্যৰ খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী অহা আগষ্ট মাহৰ পৰা পুনৰ কাৰ্যকৰী কৰা হ’ব। অৱশ্যে, খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰি অহা বিনামূলীয়া চাউল যোগান ব্যৱস্থাত কোনো ব্যাঘাত নজন্মে বুলি চৰকাৰে স্পষ্ট কৰি দিছে। হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই প্ৰতিমাহে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰি থাকিব। প্ৰশাসনৰ সূত্ৰই…
Read More
ছয়গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ; গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আক্কাছ আলী

ছয়গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ; গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আক্কাছ আলী

ধৰ্ষণ গোচৰৰ এজন অভিযুক্তক তদন্তৰ বাবে লৈ যোৱাৰ সময়তে সংঘটিত হ’ল এক চাঞ্চল্য্যকৰ এনকাউণ্টাৰৰ ঘটনা। কামৰূপ জিলাৰ ছয়গাঁৱত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় ১০ বছৰীয়া নাবালিকা ধৰ্ষণৰ মূল অভিযুক্ত আক্কাছ আলী (৩৫)। বাঁও ভৰিত গুলী লাগি আহত হোৱা ৩৫ বছৰীয়া অভিযুক্তজনক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে, পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা আক্কাছ আলীক শনিবাৰে নিশা আৰক্ষীৰ এটা দলে তদন্তৰ খাতিৰত এক অভিযানলৈ লৈ গৈছিল। অভিযানৰ সময়তে অভিযুক্তজনে হঠাতে আৰক্ষী কৰ্মীৰ ওপৰত আক্ৰমণ চলাই হাতকেৰেয়া ফালি পলায়নৰ চেষ্টা কৰে। আৰক্ষীয়ে তেওঁক ৰখাবলৈ সতৰ্কবাণী দিয়ে যদিও অভিযুক্তজনে দৌৰিবলৈ ধৰাত…
Read More