নলবাৰীৰ নৃশংস হত্যা কাণ্ডৰ ঘটনাই জোকাৰিছে ৰাজ্য ।নলবাৰীৰ গংগাপুৰ অঞ্চলত আছু কৰ্মীক হানি খুচি হত্যা কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ” মাধুৰ্য্য বৰ্মনক হানি খুচি হত্যা কৰাটো এটা অতি মৰ্মান্তিক ঘটনা । আমাৰ প্ৰচণ্ড, খং ক্ষোভ আছো। ককায়েকে ভনিয়েকক এইখন অসমত লৈ যাব নোৱাৰে, ইয়াত জনসাধাৰণৰ নিৰাপত্তা নোহোৱা হৈছে । ক’ত গ’ল, চৰকাৰ, প্ৰশাসন, স্মাৰ্ট আৰক্ষী । দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব । হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও।
হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও : সমুজ্জ্বল ভট্টাচাৰ্য
