Paromita

903 Posts
প্ৰেমিকাৰ বাবে নিয়ন্ত্ৰণ ৰেখা পাৰ হ’ল পাকিস্তানৰ যুৱক; সেনাৰ হাতত আটক হ’ল প্ৰেমিক-প্ৰেমিকা যুগল

প্ৰেমিকাৰ বাবে নিয়ন্ত্ৰণ ৰেখা পাৰ হ’ল পাকিস্তানৰ যুৱক; সেনাৰ হাতত আটক হ’ল প্ৰেমিক-প্ৰেমিকা যুগল

সীমান্তৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাকো নেওচি কেৱল প্ৰেমিকাৰ কাষ পাবলৈকে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা ভাৰতভূমিত প্ৰৱেশ কৰিলে এজন যুৱকে। জম্মু-কাশ্মীৰৰ উৰী খণ্ডত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অহা পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ এই যুৱকজনক বৰ্তমান ভাৰতীয় সেনাৰ এটি দলে আটক কৰিছে। ইয়াৰ লগে লগেই যুৱকজনৰ স্থানীয় প্ৰেমিকাকো সুৰক্ষা বাহিনীয়ে জিম্মাত লৈছে। জানিব পৰা মতে, শনিবাৰে নিশা উৰী খণ্ডৰ এটা পহৰাদাৰী দলে সীমান্তৰ কাঁটাতাঁৰৰ সমীপত সন্দেহজনক চাল চলন প্ৰত্যক্ষ কৰিছিল। নিৰাপত্তা কৰ্মীসকলে ততাতৈয়াকৈ সমগ্ৰ এলেকাটো ঘেৰি ধৰে আৰু অনুপ্ৰৱেশ কৰা যুৱকজনক কৰায়ত্ত কৰে। প্ৰাৰম্ভিক সোধা-পোছাত যুৱকজনে কোনো কূটাঘাতমূলক উদ্দেশ্যৰে নহয়, বৰঞ্চ কেৱল সীমান্তৰ এইপাৰে থকা নিজৰ প্ৰেমিকাক সাক্ষাৎ কৰিবলৈহে আহিছিল বুলি স্বীকাৰ কৰে। জানিব…
Read More
শিশু অপহৰণকাৰী চক্ৰ ফাদিল; গ্ৰাহকৰ ভেশত অনুসন্ধান চলাই দুই চিকিৎসকসহ তিনিজনক গ্ৰেপ্তাৰ আইপিএছ অংশিকা বাৰ্মাৰ

শিশু অপহৰণকাৰী চক্ৰ ফাদিল; গ্ৰাহকৰ ভেশত অনুসন্ধান চলাই দুই চিকিৎসকসহ তিনিজনক গ্ৰেপ্তাৰ আইপিএছ অংশিকা বাৰ্মাৰ

সঘনে সংঘটিত শিশু অপহৰণৰ ঘটনাই মূৰৰ কামৰোণিৰ সৃষ্টি কৰিছিল আৰক্ষী মহলত। অতি পৰিকল্পিতভাৱে হৈ অহা এই অপহৰণৰ ঘটনাৰ তদন্ত চলাই অৱশেষত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল আৰক্ষীয়ে। শেহতীয়াকৈ এটি ডেৰ বছৰীয়া শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে পোহৰলৈ আনে এক বৃহৎ আন্তঃৰাজ্যিক শিশু সৰবৰাহকাৰী চক্ৰ। উত্তৰ প্ৰদেশৰ বাৰেলী আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, এই অপৰাধী চক্ৰটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন স্থানৰ পৰা শিশু অপহৰণ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ নিঃসন্তান দম্পতীক ৫ ৰ পৰা ১০ লাখ টকা পৰ্যন্ত মূল্যত বিক্ৰী কৰি আহিছিল। এই সমগ্ৰ চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড পশ্চিম বংগৰ নদীয়া জিলাৰ ডাঃ সঞ্জয় কুমাৰ নামৰ এক চিকিৎসক বুলি বৰ্তমান আৰক্ষীয়ে নিশ্চিত…
Read More
ৰাজধানীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা! ডাউদ ইব্ৰাহিমৰ নেটৱৰ্কৰ সৈতে জড়িত ৯ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ৰাজধানীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা! ডাউদ ইব্ৰাহিমৰ নেটৱৰ্কৰ সৈতে জড়িত ৯ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় ৰাজধানীত এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা নস্যাৎ কৰিবলৈ সক্ষম হ’ল দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ নেটৱৰ্ক আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত ৯টা সন্ত্ৰাসবাদীক শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ বিশেষ দলটোৱে। ধৃত অভিযুক্ত কেইটাৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, হেণ্ড গ্ৰেনেড আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, দিল্লীৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান, নিৰাপত্তা কৰ্মী আৰু ধৰ্মীয় স্থানসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ বাবে পাকিস্তানৰ চোৰাংচোৱা সংস্থাই এই মডিউলটো দীৰ্ঘদিন ধৰি তৈয়াৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত নেপালী মূলৰো একাংশ সদস্য আছে। প্ৰাৰম্ভিক তদন্তত এই সন্দেহযুক্ত লোকসকলৰ সৈতে পাকিস্তানস্থিত হেণ্ডলাৰ আৰু মুম্বাইৰ আণ্ডাৰৱৰ্ল্ড নেটৱৰ্কৰ পোনপটীয়া সম্পৰ্ক থকাৰ কথা…
Read More
বেঙুনীয়া হব গুৱাহাটী মহানগৰী

বেঙুনীয়া হব গুৱাহাটী মহানগৰী

স্বচ্চ সুৰবেক্ষণক লৈ সাজু গুৱাহাটী পৌৰ নিগম। নিগমৰ এলেকাৰ প্ৰতিখন উন্নয়ণ সমিতিৰ মাজত হব স্বচ্চতাৰ এক প্ৰতিযোগিতা।অহা ১ জুনৰ পৰা ১৫ জুনলৈ আৰম্ভ হব প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্ব।পঞ্জীয়ণ কৰা সমিতি সমূহৰ মাজত ১ জুলাইৰ ৩১ আগষ্টলৈ চলিব প্ৰতিযোগিতা ।প্ৰতিযোগি সকলৰ বাবে থাকিব ১৫০ নম্বৰ। প্ৰতিযোগীৰ এলেকাত পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে লাভ কৰিলে পাব ৫০ নম্বৰঅৱশ্যে এযা বাধ্যবাধকতা নহয় পৌৰ নিগমৰ এয়া এক আহ্বান। মুঠ ৬ টা সংমণ্ডলত এই প্ৰতিযোগিতাপ্ৰতিটো সংমণ্ডলত তিনিটা পুৰস্কাৰ । প্ৰথম পুৰস্কাৰ লাভ কৰিলে ৩ লাখ টকাদ্বিতীয় পুৰস্কাৰ ২ লাখ আৰু তৃতীয় পুৰস্কাৰ ১ লাখ টকাঅৱশ্যে ইয়াৰ লগতে নিচুকনি বঁটাৰ ব্যৱস্থা কৰিব।৬ সংমণ্ডলৰ সৰ্বশ্ৰেষ্ট প্ৰতিযোগীক ৫ লাখ…
Read More
কোকৰাঝাৰত বনভোজলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; ৫ যুৱক গুৰুতৰভাৱে আহত

কোকৰাঝাৰত বনভোজলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; ৫ যুৱক গুৰুতৰভাৱে আহত

বনভোজ খাবলৈ যোৱাৰ পথতেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাহন। কোকৰাঝাৰ জিলাৰ শিখনা জহ্লাও ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বিশ্বমূৰী-সৰলপাৰা পথৰ উল্টাপানীৰ সমীপত শুকুৰবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা সৰলপাৰা অভিমুখে গৈ থকাৰ সময়তে এএছ ০১ এফবি ৩৮৬৭ পঞ্জীয়ন নম্বৰৰ বাহনখন পথৰ কাষৰ খাৱৈত বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় ৫ গৰাকীকৈ যুৱক। জানিব পৰা মতে, বনভোজৰ উদ্দেশ্যে অহা বাহনখনৰ গতিবেগ অত্যন্ত বেছি আছিল। তীব্ৰ গতিৰ বাবেই চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাহনখন পথৰ পৰা পিছলি গৈ কাষৰ এটা দ খাৱৈত বাগৰি পৰে। ফলত বাহনখনত থকা আটাইকেইজন যুৱক কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ…
Read More
গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ মৃত্যু

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ মাজতে অব্যাহত আছে বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ ধাৰা। এইবাৰ গোৱালপাৰা জিলাৰ মৰনৈ অঞ্চলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এটা গৰ্ভৱতী বন্যহস্তীৰ। গাঁৱৰ মাজত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছতে হস্তীটোৰ থিতাতে মৃত্যু ঘটে। জানিব পৰা মতে, বুধবাৰে নিশা ওচৰৰে এখন বনাঞ্চলৰ পৰা অকলশৰীয়া হাতীটোৱে খাদ্যৰ সন্ধানত মৰনৈৰ জনাঞ্চলত প্ৰৱেশ কৰিছিল। গাঁৱৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে বন্যহস্তীটো হঠাতে এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰে। নিশাৰ ভাগতে ঘটনা সন্দৰ্ভত খবৰ পাই বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। বৃহস্পতিবাৰে পুৱা বন বিভাগে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে।…
Read More
কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলাসহ দুজন

কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলাসহ দুজন

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ নগাঁও জিলাৰ কামপুৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মহিলাসহ দুজনকৈ লোকে। অঞ্চলটোত দীৰ্ঘ সময় ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱে এতিয়া সাধাৰণ ৰাইজক আতংকিত কৰি ৰাখিছে। কামপুৰ বন সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত কন্দপাৰা আৰু ৰাংলা বস্তি গাঁৱত আজি পুৱতি নিশা এই ঘটনা সংঘটিত হয়। বন্য হস্তীৰ আক্ৰমণত নিহত লোক দুজনক ক্ৰমে চহাজ উদ্দিন আৰু হানুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজে সদৰী কৰা মতে, নিশাৰ ভাগত বন্য হস্তীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰিছিল। নিহত হানুফা খাতুনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, এটা বনৰীয়া হাতীয়ে তেওঁক ঘৰৰ পৰা টানি উলিয়াই আনি আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত অঞ্চলটোৰ…
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত খাৰিজ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত খাৰিজ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই হাইপ্ৰ’ফাইল গোচৰটোৰ প্ৰধান অভিযুক্ত তথা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা শ্যামকানু মহন্তৰ জামিন আবেদন সম্পূৰ্ণৰূপে খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। ইতিপূৰ্বে যোৱা ২৫ মে’ত ন্যায়ালয়ে দুয়ো পক্ষৰ দীঘলীয়া যুক্তি শুনাৰ পিছত জামিনৰ ৰায় সংৰক্ষিত ৰাখিছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ একক বিচাৰপীঠে এই চূড়ান্ত ৰায়দান কৰে। শুনানিকালত ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ ল’ন শইকীয়াই অভিযুক্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰি ন্যায়ালয়ত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে। চৰকাৰী পক্ষই যুক্তি দৰ্শায় যে ছিংগাপুৰত কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হোৱাৰ পিছতেই শ্যামকানু মহন্তই মালয়েছিয়ালৈ পলায়ন কৰিছিল…
Read More
ক্ষেত্ৰীত ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ; মহিলাসহ চাৰিজনৰ মৃত্যু

ক্ষেত্ৰীত ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ; মহিলাসহ চাৰিজনৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এখন মালবাহী ট্ৰাকৰ পিছফালে এক তীব্ৰবেগী বলেৰ’ বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাসহ চাৰিগৰাকীকৈ লোকে। মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াৰ ২২ মাইল অঞ্চলত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখন অৰুণাচল প্ৰদেশৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজে জনোৱা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এ এছ ০১ ইউ চি ১৬৩৩ নম্বৰৰ এখন ট্ৰাক ৰৈ আছিল। ঠিক সেই সময়তে গুৱাহাটী অভিমুখী এ আৰ ০১ কিউ ০০৪২ নম্বৰৰ এখন তীব্ৰবেগী বলেৰ’ বাহনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পথৰ দাঁতিত…
Read More
থানাত সোঁশৰীৰে উপস্থিত ‘মৃত’ মহিলা! হত্যাৰ গোচৰত কাৰাবন্দী পিতৃ, ভাতৃক মুকলি কৰি দিয়াৰ দাবী

থানাত সোঁশৰীৰে উপস্থিত ‘মৃত’ মহিলা! হত্যাৰ গোচৰত কাৰাবন্দী পিতৃ, ভাতৃক মুকলি কৰি দিয়াৰ দাবী

চৰকাৰী কাগজ-পত্ৰত ‘মৃত’ বুলি ঘোষণা কৰা এগৰাকী ২৬ বছৰীয়া যুৱতী হঠাতে আৰক্ষী থানাত উপস্থিত হোৱাৰ এক অভূতপূৰ্ব ঘটনাই জোকাৰি গৈছে দুখনকৈ ৰাজ্য। মহাৰাষ্ট্ৰ আৰক্ষীৰ এক চৰম দায়িত্বহীনতা আৰু ত্ৰুটিপূৰ্ণ তদন্তৰ বাবে যুৱতীগৰাকীক হত্যা কৰাৰ মিছা অভিযোগত বৰ্তমান কাৰাগাৰত বন্দী হৈ দিন কটাবলগীয়া হৈছে তেওঁৰ বৃদ্ধ পিতৃ আৰু ককায়েকে। মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী অঞ্চলত অলপতে পোহৰলৈ অহা এই ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ লগতে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। বিস্ময়কৰ এই ঘটনাটোৰ সূত্ৰপাত হৈছিল এপ্ৰিলৰ প্ৰথম সপ্তাহত, যেতিয়া মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাৰ খাডকী গাঁৱৰ বাসিন্দা শিৱানী বাপুৰাম কালমেকাৰ আৰু ২৪ বছৰীয়া অৰুণ দাদু কালমেকাৰ নামৰ যুৱকজন হঠাতে নিখোঁজ হৈ পৰে। পৰিয়ালৰ…
Read More