editor

3175 Posts
পুনৰ অৰণ্যমুখী অসমীয়া যুৱক! গোলাঘাটৰ মানসৰ আলফা (স্বা)ত যোগদান

পুনৰ অৰণ্যমুখী অসমীয়া যুৱক! গোলাঘাটৰ মানসৰ আলফা (স্বা)ত যোগদান

আলফা স্বাধীনৰ ম্যানমাৰ শিৱিৰত অসমীয়া যুৱক-যুৱতীক মৃত্যুদণ্ডৰ শাস্তি বিহা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পুনৰ অৰণ্যমুখী হ’ল আন এজন চফল অসমীয়া যুৱক। গোলাঘাট জিলাৰ মানস বৰগোহাঁই নামৰ যুৱকজনে যোৱা ১ নৱেম্বৰত নিষিদ্ধ সংগঠন আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা গৈছে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এনে নিষিদ্ধ সংগঠনত অসমীয়া যুৱক-যুৱতীক যোগদান নকৰিবলৈ কৰা অনুৰোধৰ মাজতে মানসে আলফাত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। মানস বৰগোঁহাইয়ে নিজে পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ উল্লেখ কৰে যে তেওঁ অসমৰ বাহিৰতো কৰ্মজীৱনত সন্মুখীন হোৱা বৰ্ণবাদৰ বাবেই এই নিষিদ্ধ সংগঠনটোত যোগদান কৰিছে।
Read More
নেপালত মৃত্যুৰ কিৰিলি! প্ৰবল ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু

নেপালত মৃত্যুৰ কিৰিলি! প্ৰবল ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু

পুনৰ নেপালত মৃত্যুৰ বিভীষিকা। শুকুৰবাৰে নেপালত ৬.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়। এই প্ৰবল ভূমিকম্পৰ কম্পন দিল্লীতো অনুভৱ কৰা হয়। জানিব পৰা মতে, এই প্ৰবল ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল নেপালৰ জাজাৰকোটৰ ৰমিদাণ্ডাৰ সমীপত। খবৰ অনুসৰি জাজাৰকোট আৰু ৰুকুম জিলা দুখন ভূমিকম্পৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইফালে উদ্ধাৰ অভিযান চলাবলৈ নেপাল সেনা আৰু নেপাল আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে।
Read More
ইতিহাসৰ কিতাপত তাজমহলক লৈ ‘ভুল’ তথ্য! আবেদনৰ শুনানি গ্ৰহণ কৰি পুৰাতত্ব বিভাগক আদালতৰ এই নিৰ্দেশ…

ইতিহাসৰ কিতাপত তাজমহলক লৈ ‘ভুল’ তথ্য! আবেদনৰ শুনানি গ্ৰহণ কৰি পুৰাতত্ব বিভাগক আদালতৰ এই নিৰ্দেশ…

তাজমহলৰ ইতিহাসৰ কিতাপত ভুল শুধৰণিৰ আবেদনৰ ভিত্তিত দাখিল কৰা গোচৰৰ বিবেচনাৰ বাবে ভাৰতীয় পুৰাতত্ব জৰীপ (এএছআই)ক নিৰ্দেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । হিন্দুত্ববাদী সংগঠন ‘হিন্দু সেনা’ই দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা জনস্বাৰ্থৰ গোচৰত কোৱা হৈছে যে এই স্মৃতিসৌধটো শ্বাহজাহানে নিৰ্মাণ কৰা নাছিল, তেওঁ কেৱল ৰাজা মান সিঙে নিৰ্মাণ কৰা ৰাজপ্ৰসাদটোহে সংস্কাৰ কৰিছিল। ইতিহাসৰ কিতাপত থকা সকলো তথ্য ‘ভুল’। আজিৰ দিনটোতে দিল্লী উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টো বিবেচনা কৰিবলৈ এএছআইক নিৰ্দেশ দিয়ে। ‘হিন্দু সেনা’ সংগঠনে দাখিল কৰা জনস্বাৰ্থৰ গোচৰত আজি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। আবেদনকাৰী সংগঠনটোৱে…
Read More
অশান্ত মণিপুৰত অব্যাহত আছে ইটোৰ পিছত সিটো বিক্ষিপ্ত ঘটনা, ১০ কুকি বিধায়কৰ গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

অশান্ত মণিপুৰত অব্যাহত আছে ইটোৰ পিছত সিটো বিক্ষিপ্ত ঘটনা, ১০ কুকি বিধায়কৰ গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

অশান্ত মণিপুৰ শান্ত হোৱা নাই এতিয়াও। ৰাজ্যখনৰ অন্যতম জনজাতি কুকিসকলৰ বাৰ্ষিক কুট উৎসৱৰ সময়ত মেইটেই বাহিনীয়ে ম’ৰ দখল কৰা, কুকি গাঁৱৰ মহিলাসকলে ঘৰ-বাৰী এৰি পলায়ন কৰি সেনা শিবিৰত আশ্ৰয় লোৱা, আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ আৰু বাহন লুটপাত কৰা, শীঘ্ৰে কেন্দ্ৰীয় হস্তক্ষেপৰ দাবীত ১০ গৰাকী কুকি বিধায়কৰ স্মাৰক-পত্ৰ প্ৰদান, উচটনিমূলক ভিডিঅ’ মুকলি আদি ইটোৰ পিছত সিটো ঘটনাই বৰ্তমানো মণিপুৰত অব্যাহত ৰাখিছে উত্তপ্ত পৰিস্থিতি। শুকুৰবাৰে পুৱা পশ্চিম ইম্ফলত মণিপুৰৰ স্বঘোষিত ‘সুৰক্ষা সেনা’ মেইটেই লিপুনৰ মুৰব্বী প্ৰমোত সিঙৰ গাড়ীত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। এই আক্ৰমণত তেওঁৰ বাহনখন ক্ষতিগ্ৰস্ত হয় যদিও সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে প্ৰমোত সিঙৰ। ইফালে মণিপুৰৰ দুই মন্ত্ৰী আৰু ৭ গৰাকী বিজেপি বিধায়ককে ধৰি…
Read More
অভিলেখ অষ্টম বেলন ডি’অৰ খিতাপ দখল লিয়নেল মেছিৰ

অভিলেখ অষ্টম বেলন ডি’অৰ খিতাপ দখল লিয়নেল মেছিৰ

লিয়নেল মেছিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ২০২২ ৰ খিতাপ জিকিছিল। আৰ্জেণ্টিনাই ৩৬ বছৰৰ পিছত ফিফা বিশ্বকাপ জিকিছিল। মেছিয়ে গোটেই প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু গুৰুত্বপূৰ্ণ সময়ত দলটোৰ হৈ গ'ল কৰিছিল। তেওঁ ফিফা বিশ্বকাপ ২০২২ ত মুঠ ৭ টা গ'ল কৰিছিল। এই কাৰণে, তেওঁ 'গোল্ডেন বল' বঁটা লাভ কৰিছে। বিশ্বকাপ জয় কৰাৰ লগে লগে তেওঁ কিংবদন্তি খেলুৱৈৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হয়। তেওঁ ডিয়েগো মাৰাডোনাৰ যাদু পুনৰাবৃত্তি কৰিছিল আৰু আৰ্জেণ্টিনাৰ বাবে সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। এতিয়া মেছিয়ে বেলন ডি'অৰ বঁটা লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়নেল মেছিয়ে এৰলিং হ'লেণ্ড আৰু কেলিয়ান এমবাপেৰ দৰে খেলুৱৈক অতিক্ৰম…
Read More
হাতী আৰু শিক্ষা সুৰক্ষিত কৰাৰ এক প্ৰয়াস

হাতী আৰু শিক্ষা সুৰক্ষিত কৰাৰ এক প্ৰয়াস

অসমৰ বিভিন্ন প্ৰান্তত মানৱ-হাতী সংঘাতৰ (এইচ ই চি) ক্ৰমবৰ্ধমান সমস্যাই জনসাধাৰণৰ এক বৃহৎ অংশৰ জীৱন আৰু জীৱিকা কষ্টকৰ কৰি তোলাৰ উপৰিও কেতবোৰ স্থানত শিশু শিক্ষাৰ্থীৰ শিক্ষাত ব্যাঘাত জন্মোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সম্পত্তি আৰু জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । মানৱ-হাতী সংঘাত প্ৰৱণ এলেকাৰ মূল স্থানত থকা এনে বিদ্যালয়ৰ আশে-পাশে এই সংঘাত প্ৰশমন আৰু মানৱ-বন্যপ্ৰাণী সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে লোৱা পৰীক্ষামূলক পদক্ষেপৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ দুখন এল পি স্কুল আৰু এটা অংগনৱাড়ী কেন্দ্ৰৰ চাৰিওফালে সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছে । অসমৰ ওদালগুৰি আৰু গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত ক্ষতিগ্ৰস্ত এলেকাত একোখনকৈ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু এটা অংগনবাড়ী কেন্দ্ৰ…
Read More
চৰকাৰে বিৰোধীৰ ফোন-ইমেইল হেক কৰাৰ অভিযোগ TMC সাংসদ মহুৱা মৈত্ৰাৰ, লোকসভাৰ অধ্যক্ষলৈ লিখিলে পত্ৰ…

চৰকাৰে বিৰোধীৰ ফোন-ইমেইল হেক কৰাৰ অভিযোগ TMC সাংসদ মহুৱা মৈত্ৰাৰ, লোকসভাৰ অধ্যক্ষলৈ লিখিলে পত্ৰ…

মঙলবাৰে (৩১ অক্টোবৰ) তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ ফোন আৰু ইমেইল হেক কৰাৰ চেষ্টা চলাইছে। তেওঁ এপলৰ জৰিয়তে প্ৰেৰণ কৰা সতৰ্কবাণীৰ স্ক্ৰীণশ্বটৰ ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰে। ইয়াত তেওঁ দাবী কৰে যে তেওঁৰ বাহিৰেও আন বহু বিৰোধী নেতাক লক্ষ্য কৰি লোৱাৰ চেষ্টাও কৰা হৈছে। টিএমচিৰ সাংসদগৰাকীয়ে কয় যে যিদৰে সতৰ্কবাণী আহি আছে। এইবাৰ প্ৰথমবাৰৰ বাবে। বহু বিৰোধী নেতা আৰু সাংসদে লাভ কৰিছে এনে বাৰ্তা। তেওঁ কয় যে চৰকাৰে চোৰাংচোৱাগিৰি কৰিবলৈ চেষ্টা চলাইছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত উত্তৰ দিয়া উচিত। কেন্দ্ৰীয় চৰকাৰে এই ধৰণৰ কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে টিএমচিৰ সাংসদগৰাকীয়ে।…
Read More
এই চৰকাৰ আদানীৰ চৰকাৰ! সংবাদমেল সম্বোধন কৰি পুনৰ সৰৱ হৈ পৰিল ৰাহুল গান্ধী…

এই চৰকাৰ আদানীৰ চৰকাৰ! সংবাদমেল সম্বোধন কৰি পুনৰ সৰৱ হৈ পৰিল ৰাহুল গান্ধী…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গৌতম আদানী বিষয়ত আক্ৰমণ কৰে। সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীৰ আত্মা আদানীতে বাস কৰে। তেওঁ এপল এলাৰ্ট সন্দৰ্ভতো চৰকাৰক লক্ষ্য কৰি লয়। তেওঁ কয়, ”আদানী বিষয়ত আমি চৰকাৰক ইমানেই শ’লঠেকত পেলাইছো যে চৰকাৰে এতিয়া চোৰাংচোৱাৰ আশ্ৰয় লৈছে। চৰকাৰৰ এক নম্বৰত আদানী আৰু দ্বিতীয় নম্বৰত আছে প্ৰধানমন্ত্ৰী মোডী। তিনি নম্বৰত আছে অমিত শ্বাহ। দেশৰ ক্ষমতা আদানীৰ হাতত।” মোডী চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “আপুনি যিমানেই চোৰাংচোৱাগিৰি নকৰক কিয়, আমি পিছুৱাই নাযাওঁ। যদি আপুনি ফোন বিচাৰে, তেন্তে মোৰ ফোনটো লওক, চোৰাংচোৱাগিৰি কৰক।” সংবাদমেলৰ সময়ত কংগ্ৰেছৰ সাংসদ ৰাহুল…
Read More
মৰ্মান্তিক! স্কুল ভ্যান আৰু স্কুল বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, পিতা-পুত্ৰসহ ৫ শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! স্কুল ভ্যান আৰু স্কুল বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, পিতা-পুত্ৰসহ ৫ শিশুৰ কৰুণ মৃত্যু

সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ বদৌনৰ উছাৱান থানা এলেকাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আছাধাৰমাই আৰু গৌণৰা গাঁৱৰ মাজত এখন স্কুল ভেন আৰু এখন স্কুল বাছৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত ভ্যানখনত থকা চাৰিজন ছাত্ৰসহ ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভ্যানখনত থকা ২২জন ছাত্ৰ-ছাত্ৰী আহত হয়। বাছখনত যাত্ৰা কৰা এজন ছাত্ৰও আহত হয়। গুৰুতৰভাৱে আহত দুগৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এজন ছাত্ৰক বৰেলীলৈও ৰেফাৰ কৰা হৈছে। মৃতসকলৰ ভিতৰত ভ্যান চালক আৰু তেওঁৰ পুত্ৰও আছে। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ডি এম মনোজ কুমাৰ আৰু এছ এছ পি ডাঃ অ পি সিঙে। তেওঁ দুৰ্ঘটনাটোৰ…
Read More
সুৰা নীতি কেলেংকাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীলৈ চমন EDৰ! শিৱসেনাৰ প্ৰশ্ন- বিজেপিৰ সকলো নেতা ধোৱা তুলসীৰ পাত নেকি?

সুৰা নীতি কেলেংকাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীলৈ চমন EDৰ! শিৱসেনাৰ প্ৰশ্ন- বিজেপিৰ সকলো নেতা ধোৱা তুলসীৰ পাত নেকি?

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জাননী প্ৰেৰণ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। এই সন্দৰ্ভত উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই কয় যে যিয়ে বিজেপিৰ বিৰোধী হ’ব তেওঁক নিৰ্বাচনৰ পূৰ্বে যিকোনো ক্ষেত্ৰতে জড়িত কৰা হ’ব আৰু তেওঁক জেললৈ প্ৰেৰণ কৰা হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ চমন সন্দৰ্ভত সাংসদ সঞ্জয় ৰাউতে কয়, ‘যি বিজেপি বিৰোধী হওক, তেওঁলোকৰ নেতাসকলক ধন সৰবৰাহৰ বা আন কিবা অভিযোগ কৰি নিৰ্বাচনৰ পূৰ্বে তলাবন্ধ কৰি ৰখা হ’ব। আমি উচ্চতম ন্যায়ালয়ত শুনিছো যে মনীষ চিছ’দিয়াৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই, তথাপিও জামিন আবেদন নাকচ কৰা হ’ল। একে সময়তে পশ্চিম বংগৰ এজন মন্ত্ৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। আপ হওক, আৰজেডি হওক, টিএমচি হওক, এনচিপি হওক বা শিৱসেনা হওক,…
Read More