মঙলবাৰে (৩১ অক্টোবৰ) তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ ফোন আৰু ইমেইল হেক কৰাৰ চেষ্টা চলাইছে। তেওঁ এপলৰ জৰিয়তে প্ৰেৰণ কৰা সতৰ্কবাণীৰ স্ক্ৰীণশ্বটৰ ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰে। ইয়াত তেওঁ দাবী কৰে যে তেওঁৰ বাহিৰেও আন বহু বিৰোধী নেতাক লক্ষ্য কৰি লোৱাৰ চেষ্টাও কৰা হৈছে।

টিএমচিৰ সাংসদগৰাকীয়ে কয় যে যিদৰে সতৰ্কবাণী আহি আছে। এইবাৰ প্ৰথমবাৰৰ বাবে। বহু বিৰোধী নেতা আৰু সাংসদে লাভ কৰিছে এনে বাৰ্তা। তেওঁ কয় যে চৰকাৰে চোৰাংচোৱাগিৰি কৰিবলৈ চেষ্টা চলাইছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত উত্তৰ দিয়া উচিত। কেন্দ্ৰীয় চৰকাৰে এই ধৰণৰ কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে টিএমচিৰ সাংসদগৰাকীয়ে। এয়া ঠিক পেগাছাছৰ দৰেই বুলিও মন্তব্য কৰে মৈত্ৰাই। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই কাম কৰি আছে বুলি তেওঁ দাবী কৰে।

সতৰ্কবাণী বাৰ্তাত কি লিখা আছিল?
মহুৱাই নিজৰ পোষ্টত লিখিছে, ‘এপলৰ পৰা মেছেজ আৰু মেইলৰ জৰিয়তে এটা সতৰ্কবাণী পাইছো যে চৰকাৰে মোৰ ফোন আৰু ইমেইল হেক কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ ভয় দেখি মোৰ আপোনালোকৰ প্ৰতি কৰুণা জাগিছে।’ টিএমচিৰ সাংসদগৰাকীয়ে লাভ কৰা বাৰ্তাটোত লিখা আছে, ‘সতৰ্কবাণীঃ ৰাজ্যিক পৃষ্ঠপোষকতাত আক্ৰমণকাৰীয়ে আপোনাৰ আইফোনক লক্ষ্য কৰি লৈছে।’ শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ লগতে ইণ্ডিয়া এলায়েন্সৰ অন্যান্য নেতাসকলেও সতৰ্কবাণী লাভ কৰা বুলিও মহুৱাই জনাইছে।

লোকসভাৰ অধ্যক্ষলৈ অভিযোগ
মহুৱাই ফোন হেক কৰাৰ এই চেষ্টা সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ চিঠি লিখি থকা বুলি জনাইছে। ইনষ্টাগ্ৰামত লিখিছে, ‘বিৰোধী সাংসদক সুৰক্ষা দিবলৈ মই আনুষ্ঠানিকভাৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখিছো। ৰাজ ধৰ্ম পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তেওঁ তৎক্ষণাত গৃহ মন্ত্ৰালয়ৰ বিষয়াক মাতিব লাগে, কাৰণ আমাৰ ফোন/ইমেইল হেক কৰাৰ চেষ্টা কৰা হৈছে। বিশেষাধিকাৰ সমিতিয়েও ইয়াৰ ওপৰত চকু ৰাখিব লাগে।’

বিজেপিৰ প্ৰত্যুত্তৰ
ইফালে বিজেপিয়ে মহুৱা মৈত্ৰাৰ এই অভিযোগক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। সংসদ সমিতিৰ সন্মুখত নগদ ধনৰ বিনিময়ত প্ৰশ্ন নকৰাৰ বাবেই এই কাম কৰিছে বুলিও কয়। বিজেপি নেত্ৰী নলিন কোহলীয়ে কয় যে যদি কোনো ইমেইল হেক কৰাৰ চেষ্টা কৰা হয় তেন্তে তাৎক্ষণিকভাৱে অধিসূচনা পোৱা যায়। এই সকলোবোৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কৰা হৈছে। নিজে হেক কৰাৰ প্ৰয়াস কৰা হৈছে। কি ভিত্তিত এইবোৰ কথা কোৱা হৈছে? সংসদীয় সমিতিৰ সন্মুখত উত্তৰ দিব লাগিব মহুৱাই।’

আচলতে মহুৱাই নগদ ধনৰ বিনিময়ত প্ৰশ্ন কৰা বিষয়ত সংসদৰ নৈতিকতা সমিতিৰ সন্মুখত উত্তৰ দিব লাগিব। সংসদত ব্যৱসায়ী গৌতম আদানীৰ বিষয়ে প্ৰশ্ন কৰিবলৈ দৰ্শন হিৰণনন্দনীৰ পৰা ধন লোৱাৰ অভিযোগ বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে। ২ নৱেম্বৰত নৈতিকতা সমিতিৰ সন্মুখত উত্তৰ দিব লাগিব মহুৱাই। ইয়াৰ পূৰ্বে তেওঁলোকে ৩১ অক্টোবৰত উত্তৰ দিবলগীয়া হৈছিল যদিও তাৰ পিছত তাৰিখ বৃদ্ধি কৰা হৈছিল।