editor

3175 Posts
নেপালৰ ভূমিকম্পৰ পিছত গৃহহীন হাজাৰ হাজাৰ লোক

নেপালৰ ভূমিকম্পৰ পিছত গৃহহীন হাজাৰ হাজাৰ লোক

নেপালৰ পশ্চিম অংশত হোৱা প্ৰচণ্ড ভূমিকম্পত ১৫০ জনৰো অধিক লোক নিহত আৰু ৩৫০ ৰো অধিক লোক আহত হৈছে।হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে, যিয়ে মুকলি আকাশৰ তলত ঠাণ্ডা ৰাতি কটাব লগা হৈছে। ৰাজধানী কাঠমাণ্ডুৰ পৰা ৩০০ কিলোমিটাৰ পশ্চিমে জাজাৰকোট আৰু পশ্চিম ৰুকুম জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। শুকুৰবাৰৰ পৰা এতিয়ালৈ ইয়াত বহু কম্পন অনুভৱ কৰা হৈছে। জাজাৰকোটৰ নলগাদ পৌৰসভাৰ অন্তৰ্গত চিউৰি গাঁৱৰ পাদদেশত থুলি ভেৰী নদী বৈ গৈছে। পানীৰ প্ৰবাহৰ সৈতে মানুহৰ চিঞৰ-বাখৰ আৰু উচুপণিৰ শব্দও ইয়াত প্ৰতিধ্বনিত হৈছে। কিছু মহিলাই তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱাৰ দুখত অচেতন হৈ পৰিছে, যাক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যাব লগা হৈছে। চিউৰি গাঁৱৰ ১৩ জন লোকক…
Read More
পুনৰ এনকাউণ্টাৰ, ধুবুৰীত আৰক্ষীৰ গুলীত আহত গৰু সৰবৰাহকাৰী

পুনৰ এনকাউণ্টাৰ, ধুবুৰীত আৰক্ষীৰ গুলীত আহত গৰু সৰবৰাহকাৰী

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। শনিবাৰে ধুবুৰী জিলাৰ তামাৰহাটৰ ধুতুৰামাৰী গাঁৱত গৰু সৰবৰাহৰ সময়তে আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলায় গুলীবিদ্ধ হয় এজন গৰু সৰবৰাহকাৰী। প্ৰাথমিক খবৰ অনুসৰি আহত গৰু সৰবৰাহকাৰীজনক তামাৰহাটৰ পোকলাগী গাঁৱৰ চৈয়দ আলী বুলি চিনাক্ত কৰা হৈছে। আন দুজন সহযোগীৰ সৈতে গৰু লৈ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় চৈয়দ আলী। ইফালে আন দুজন সহযোগী ক্ৰমে অসম-বংগ সীমান্তৰ কুকিলাডাঙাৰ মিজানুৰ ৰহমান আৰু আলমগঞ্জৰ অষ্টমী চৰৰ চাহাবৰ পৰমণিকক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা AS16 K-6727 (Waganor) আৰু AS17 C-2518 (Bolero Pick up) নম্বৰৰ দুখন বাহনো জব্দ কৰে। গুলীবিদ্ধ গৰু সৰবৰাহকাৰীজনক…
Read More
সুধাকণ্ঠবিহীন সংগীত জগত! ২০১১ চনৰ আজিৰ দিনটোতে বিদায় মাগিছিল ড০ ভূপেন হাজৰিকাই…

সুধাকণ্ঠবিহীন সংগীত জগত! ২০১১ চনৰ আজিৰ দিনটোতে বিদায় মাগিছিল ড০ ভূপেন হাজৰিকাই…

আজি ১৩ বছৰ অতিক্ৰম কৰিলে সুধাকণ্ঠবিহীন অসমীয়া সংগীত জগতখনে! আজিৰ দিনটোতে ২০১১ চনত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই। আজি তেখেতৰ পূণ্য মৃত্যু তিথিত প্ৰসিদ্ধ কণ্ঠশিল্পীগৰাকীক সশ্ৰদ্ধাৰে সুঁৱৰিছে সমগ্ৰ অসমবাসীয়ে। উল্লেখ্য যে, ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল ড০ ভূপেন হাজৰিকাই। ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ৮৫ বছৰ বয়সত তেওঁ অন্তিম নিশ্বাস ত্যাগ কৰিছিল। শেহতীয়াকৈ তেওঁৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ অসমৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জনায়। দেশজুৰি কেইবাগৰাকীও ৰাজনৈতিক ব্যক্তিয়েও এই কিংবদন্তি শিল্পীগৰাকীক স্মৰণ কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে নিজৰ অফিচিয়েল ‘এক্স’ হেণ্ডেলত লিখিছে, “সুধাকণ্ঠ ভূপেন হাজৰিকাই তেওঁৰ কণ্ঠেৰে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল।।…
Read More
ভয়ংকৰভাৱে বৃদ্ধি পাইছে দিল্লীৰ প্ৰদূষণ! ১০ নৱেম্বৰলৈ সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ

ভয়ংকৰভাৱে বৃদ্ধি পাইছে দিল্লীৰ প্ৰদূষণ! ১০ নৱেম্বৰলৈ সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ

দিল্লীত ক্ৰমাগতভাৱে বৃদ্ধিপোৱা প্ৰদূষণৰ মাত্ৰাই ভয়াবহ কৰি তুলিছে পৰিস্থিতি। দেওবাৰৰ দিনটোতো দিল্লীৰ বায়ুত প্ৰদূষণৰ মাত্ৰা অত্যাধিক হোৱা পৰিলক্ষিত হয়। এনে পৰিস্থিতিত চৰকাৰে ৰাজধানী চহৰখনৰ প্ৰাথমিক বিদ্যালয়সমূহ ১০ নৱেম্বৰলৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ গৱেষণা সংস্থা ছুইছ গ্ৰুপ আইকিউএয়াৰৰ তথ্য অনুসৰি দেওবাৰে দিল্লীৰ গড় বায়ুৰ গুণাগুণ (AQI) আছিল ৪৮৩। বেছিভাগ অঞ্চলতে বায়ুৰ গুণাগুণ ৪০০ ৰ ওপৰত। ইয়াৰ বাবেই ভাৰতৰ ৰাজধানীখনে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ খিতাপ অৰ্জন কৰিছে। শনিবাৰে এক্স-হেণ্ডলত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশিয়ে ১০ নৱেম্বৰলৈ প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰে। কিন্তু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান অব্যাহত থাকিব বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে। জনা যায় যে তেওঁলোকৰ বাবে অনলাইন ক্লাছৰ…
Read More
নিৰ্বাচনৰ ৩ দিন পূৰ্বে ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ, তীব্ৰ চাঞ্চল্য

নিৰ্বাচনৰ ৩ দিন পূৰ্বে ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ, তীব্ৰ চাঞ্চল্য

নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন! তাৰ পূৰ্বেই মাওবাদীৰ হাতত নৃশংস হত্যাৰ বলি হ’ল ছত্তীশগড়ৰ এজন বিজেপি নেতা। তিনিদিন পিছত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ছত্তীশগড়ত। তাৰ পূৰ্বেই বিজেপি নেতাগৰাকীৰ হত্যাকাণ্ডই ছত্তীশগড়ত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে নেতাজনৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত চত্তীশগড়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। গেৰুৱা শিবিৰৰ বাবে প্ৰচাৰ চলাই আছিল বিজেপি নেতা ৰতন ডুবেয়ে। নাৰায়ণপুৰ জিলা সংগঠনৰ উপ সভাপতি ৰতন। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে কৌশলনাৰ অঞ্চলত মাওবাদীয়ে বিজেপি নেতাজনক হত্যা কৰে। এইজন বিজেপি নেতা এসময়ত জিলা পঞ্চায়তৰ সদস্যও আছিল। এই তথ্য লাভ কৰাৰ পিছতে…
Read More
পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰা হ’ব প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা, ৮০ কোটি ভাৰতীয়ই লাভ কৰিব বিনামূলীয়া ৰেচনঃ প্ৰধানমন্ত্ৰীৰ ঘোষণা

পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰা হ’ব প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা, ৮০ কোটি ভাৰতীয়ই লাভ কৰিব বিনামূলীয়া ৰেচনঃ প্ৰধানমন্ত্ৰীৰ ঘোষণা

এক গুলীত দুই চিকাৰ! বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ছত্তীশগড়লৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। তাৰ পৰাই চলালে লোকসভা নিৰ্বাচনৰ প্ৰচাৰো। প্ৰধানমন্ত্ৰী মোদীয়ে ছত্তীশগড়ত জনসভা সম্বোধন কৰি আগন্তুক পাঁচ বছৰৰ বাবে ৮০ কোটি ভাৰতীয়ক বিনামূলীয়া ৰেচন প্ৰদানৰ ঘোষণা কৰে। শনিবাৰে ছত্তীশগড়ৰ দুৰ্গত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, "মই সিদ্ধান্ত লৈছো যে বিজেপি চৰকাৰে দেশৰ ৮০ কোটিৰো অধিক দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচন প্ৰদানৰ আঁচনিখন আৰু ৫ বছৰ বৃদ্ধি কৰিব। মানুহৰ মৰম আৰু আশীৰ্বাদে মোক সদায় পবিত্ৰ সিদ্ধান্ত ল’বলৈ শক্তি প্ৰদান কৰে।” মোদীৰ এই ঘোষণাৰ অৰ্থ হ’ল ক’ভিডৰ পিছৰ যুগত দেশবাসীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা ২০২৯…
Read More
প্ৰসিদ্ধ কৃষ্ণাক ভাৰতীয় দলৰ প্লেয়িং১৫ ত অন্তৰ্ভুক্ত বিচিচিআইৰ

প্ৰসিদ্ধ কৃষ্ণাক ভাৰতীয় দলৰ প্লেয়িং১৫ ত অন্তৰ্ভুক্ত বিচিচিআইৰ

আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ত সুন্দৰ প্ৰদৰ্শন কৰা ভাৰতীয় দলটোৱে এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। বাংলাদেশৰ বিৰুদ্ধে খেলখনৰ সময়ত আঘাতপ্ৰাপ্ত হাৰ্ডিক পাণ্ডিয়া এতিয়া সমগ্ৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। ইয়াৰ পূৰ্বে, তেওঁ ছেমি ফাইনেললৈকে ফিট থাকিব বুলি অনুমান কৰা হৈছে। একে সময়তে, পাণ্ডিয়াৰ সলনি বিচিচিআইয়ে ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বাংলাদেশৰ বিৰুদ্ধে খেলখনৰ সময়ত আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়াই গোৰোহাৰ আঘাতৰ পৰা আৰোগ্য হ'ব নোৱাৰিলে। যাৰ বাবে বিচিচিআইয়ে আইচিচিৰ কাৰিকৰী সমিতিৰ পৰা পাণ্ডিয়াক সলনি কৰাৰ দাবী জনায়, যাক অনুমোদন জনোৱা হৈছে। এতিয়া বিচিচিআইয়ে ফাষ্ট বলাৰ প্ৰসিদ্ধ কৃষ্ণাক প্লেয়িং১৫ ত অন্তৰ্ভুক্ত কৰিছে। এই মুহূৰ্তত, ভাৰতীয় দলটোৱে এতিয়ালৈকে পাণ্ডিয়াৰ আঘাতত বিশেষ পাৰ্থক্য আনিব…
Read More
৮ টা দলে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে যোগ্যতা অৰ্জন

৮ টা দলে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে যোগ্যতা অৰ্জন

এদিনীয়া বিশ্বকাপ ১০ টা দলৰ মাজত খেলা হৈছে। এই প্ৰতিযোগিতাৰ শীৰ্ষ-৮ টা দলে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে যোগ্যতা অৰ্জন কৰিব। ২০২৫ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পাকিস্তানত আঢ়ৈ সপ্তাহ দীঘলীয়া ১৫ খন খেলৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। এখন সৰু দেশৰ দলে এই প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই দলটোক প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীত খেলি থকা দেখা যাব। এতিয়ালৈকে ৬ টা দলে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এতিয়া আফগানিস্তানৰ দলটোৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশখনে প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২৩ৰ বিশ্বকাপৰ ৩৪ তম খেলত নেডাৰলেণ্ডক পৰাস্ত কৰাৰ পিছত আফগানিস্তানে এই ডাঙৰ…
Read More
নাগালেণ্ডৰ দম্পতীসহ জালি নোট চক্ৰৰ সৈতে কামপুৰত আটক ৪ জনক…

নাগালেণ্ডৰ দম্পতীসহ জালি নোট চক্ৰৰ সৈতে কামপুৰত আটক ৪ জনক…

নকল ভাৰতীয় মুদ্ৰাৰ বিৰুদ্ধে এক উল্লেখযোগ্য অভিযানত নগাঁও জিলাত আৰক্ষীয়ে শনিবাৰে অভিযান চলাই বিবাহিত দম্পতীকে ধৰি চাৰিজন ব্যক্তিক আটক কৰে। কচুৱা আৰক্ষী থানাৰ অধীনস্থ কামপুৰৰ সমীপৰ শিমলুগুৰি গাঁৱত সংঘটিত হোৱা এই অভিযানত চোৰাংচোৱা তথ্যৰ ভিত্তিত অঞ্চলটোত নকল নোট ছপা আৰু বিতৰণ নেটৱৰ্ক থকাৰ কথা জানিব পৰা গৈছে। অভিযানৰ সময়ত কৰ্তৃপক্ষই জালি নোট বুলি সন্দেহ কৰা একাধিক বাণ্ডিল নগদ ধনৰ লগতে এটা জিল নোট প্ৰিন্টিং মেচিন জব্দ কৰে। অভিযান চলাই থকা আৰক্ষী বিষয়াসকলে জব্দ কৰাটো নিশ্চিত কৰে। মূলতঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ আটকাধীন দম্পতীহালৰ নাম এই সময়ত আৰক্ষীয়ে প্ৰকাশ নকৰাত এতিয়াও চিনাক্ত হোৱা নাই। পতি-পত্নীৰ উপৰিও ঘটনাস্থলীত আৰু দুজন ব্যক্তিক জিম্মাত লোৱা…
Read More
দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ বাহন, ৪জন আহত

দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ বাহন, ৪জন আহত

মৰিগাঁও জিলাৰ অন্তৰ্গত জাগীৰোডত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ বাহন। গুৱাহাটীৰ পৰা কাজিৰঙালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি এই ঘটনাৰ সময়ত তিনিজন দেহৰক্ষী আৰু এজন চালক আহত হয়। দুৰ্ঘটনাৰ পিছতে আহত সকলক উন্নত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More