editor

3175 Posts
দিল্লীৰ প্ৰদূষণ ৰাজনৈতিক যুদ্ধৰ বিষয় নহয়, ইয়াত মানুহৰ স্বাস্থ্যক হত্যা কৰা হৈছেঃ উচ্চতম ন্যায়ালয়

দিল্লীৰ প্ৰদূষণ ৰাজনৈতিক যুদ্ধৰ বিষয় নহয়, ইয়াত মানুহৰ স্বাস্থ্যক হত্যা কৰা হৈছেঃ উচ্চতম ন্যায়ালয়

দিল্লীত প্ৰদূষণক লৈ চলি থকা ৰাজনৈতিক যুঁজ বন্ধ কৰক। ৰাজধানীৰ বায়ুৰ গুণাগুণে শ্বাসৰুদ্ধকৰ মাত্ৰাত উপনীত হৈছে যিয়ে ‘মানৱ স্বাস্থ্যক হত্যা কৰিছে’। দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। যোৱা এসপ্তাহ ধৰি দিল্লীৰ বায়ুৰ গুণাগুণ ‘অতি ভয়ানক’ স্তৰত উপনীত হৈছে। ৰাজধানী চহৰখনৰ প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰে ইতিমধ্যে ১০ নৱেম্বৰলৈ প্ৰাথমিক বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে দিল্লী আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহক দিল্লীৰ প্ৰদূষণৰ বাবে ধমক দিয়ে। আদালতে কয় যে দিল্লীৰ এই প্ৰদূষণৰ মূল কাৰণ হৈছে প্ৰতি শীতকালত চুবুৰীয়া ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাত শস্যৰ অৱশিষ্ট জ্বলোৱা। সেয়ে এই দুয়োখন ৰাজ্যক শস্যৰ খোলা জ্বলোৱা বন্ধ…
Read More
শোকাবহ! ভাৰত-পাক সীমান্তত কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি আকস্মিক মৃত্যু ভাৰতীয় জোৱানৰ

শোকাবহ! ভাৰত-পাক সীমান্তত কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি আকস্মিক মৃত্যু ভাৰতীয় জোৱানৰ

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত মঙলবাৰে কৰ্তব্যৰত অৱস্থাত এজন জোৱানৰ মৃত্যু হয়। চৰকাৰী সূত্ৰই জনোৱা মতে, পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কৰ্তব্যৰত অৱস্থাত নায়ক ৰোহন পেটেল অজ্ঞান হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে জোৱানজনক মৃত ঘোষণা কৰে। জোৱানজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।
Read More
শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু ২ দশম শ্ৰেণীৰ ছাত্ৰৰ

শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু ২ দশম শ্ৰেণীৰ ছাত্ৰৰ

মঙলবাৰে কামৰূপ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় দুই কিশোৰ ছাত্ৰ। নিয়ন্ত্ৰণহীন হৈ বাইকেৰে গৈ থকা ছাত্ৰদুজনে পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। কামৰূপৰ পলাশবাৰী অঞ্চলত সংঘটিত এই দুৰ্ঘটনাত নিহত দুজনক দশম শ্ৰেণীৰ ছাত্ৰ অম্লান জ্যোতি দাস আৰু চন্দন আলী বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজৰ মতে, দুয়োজনেই এটা অনুষ্ঠানলৈ গৈ থকা অৱস্থাত বাইক চলোৱা এজন ব্যক্তিয়ে নিয়ন্ত্ৰণ হেৰুৱাই এটা খুঁটাৰ সৈতে খুন্দা মাৰে। দুয়োজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। পলাশবাৰী আৰক্ষী থানাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
Read More
৯০ লাখ টকা মূল্যৰ য়াবা টেবলেটসহ লক্ষীপুৰত আটক সৰবৰাহকাৰী

৯০ লাখ টকা মূল্যৰ য়াবা টেবলেটসহ লক্ষীপুৰত আটক সৰবৰাহকাৰী

কাছাৰ জিলাৰ আছাম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষী থানাৰ যৌথ অভিযানত ২৬ নৱেম্বৰত য়াবা টেবলেটসহ এজন ব্যক্তিক আটক কৰা হয়। ড্ৰাগছ বিক্ৰীৰ বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত লখিমপুৰ আৰক্ষী থানাৰ আৰক্ষী প্ৰতিনিধিৰ সৈতে অসম ৰাইফলছৰ উদ্যোগত এক যৌথ অভিযান আৰম্ভ কৰা হয়। এই অভিযানৰ সময়ত কাছাৰ জিলাৰ সাধাৰণ এলেকা হমাৰখোৱালিয়েনৰ পৰা আনুমানিক ৯০ লাখ টকা মূল্যৰ ৩০ হাজাৰ য়াবা টেবলেটসহ এজন ব্যক্তিক আটক কৰে অভিযানকাৰী দলটোৱে। জব্দ কৰা সামগ্ৰীসহ ব্যক্তিজনক অধিক তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে লক্ষীপুৰ আৰক্ষী থানাত গতাই দিয়ে।
Read More
আৰক্ষীৰে সংঘৰ্ষত নিহত ২ দুৰ্ধৰ্ষ ডকাইত, আঘাতপ্ৰাপ্ত আৰক্ষীও

আৰক্ষীৰে সংঘৰ্ষত নিহত ২ দুৰ্ধৰ্ষ ডকাইত, আঘাতপ্ৰাপ্ত আৰক্ষীও

গোৱালপাৰা জিলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আগিয়া আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুটা দুৰ্ধৰ্ষ ডকাইত। আৰক্ষীয়ে ডকাইত দুটাৰ পৰা অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে এই সংঘৰ্ষত এগৰাকী আৰক্ষীও সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়। যোৱা নিশাৰ ভাগত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তেওঁৰ বেটেলিয়নে ঘাইপথত টহল দি থকাৰ সময়তে উত্তেজনাপূৰ্ণ সংঘৰ্ষৰ সৃষ্টি হয়। বিপৰীত দিশৰ পৰা এখন বাহনত অহা ডকাইতৰ দল এটাই আৰক্ষী বিষয়াক গুলীচালনা কৰাত পৰিস্থিতি অধিক তীব্ৰতৰ হৈ পৰে। দ্ৰুত আৰু সাহসী সঁহাৰি জনাই আৰক্ষীয়ে প্ৰতিশোধ লয়, যাৰ ফলত আধা ঘণ্টা ধৰি তীব্ৰ গুলীচালনাৰ আদান-প্ৰদান হয়। এই ক্ৰছ ফায়াৰত দুজন ডকাইত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়। লগে লগে আৰক্ষীয়ে আহত…
Read More
শোকাবহ! নিয়ন্ত্ৰণহীন হৈ ৰে’লপথৰ ওপৰত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৪জনৰ মৃ্ত্যু

শোকাবহ! নিয়ন্ত্ৰণহীন হৈ ৰে’লপথৰ ওপৰত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৪জনৰ মৃ্ত্যু

ৰাজস্থানৰ দৌছা জিলাত সোমবাৰে পুৱা এখন বাছ পথৰ পৰা আঁতৰি ৰে’লপথত বাগৰি পৰাত চাৰিজন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি হৰিদ্বাৰৰ পৰা উদয়পুৰলৈ ৩০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা বাছখন পুৱা ২:১৫ বজাত দৌছা কালেক্টৰেটৰ সমীপৰ অভাৰব্ৰিজৰ পৰা ৰেলপথত বাগৰি পৰে। দুৰ্ঘটনাৰ পিছত ২৮জন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে চাৰিজনে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। বাকী যাত্ৰীসকলে সম্প্ৰতি চিকিৎসা সেৱা গ্ৰহণ কৰি আছে। দৌছাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰাজকুমাৰ কাছৱাই তদন্তৰ বাবে দুৰ্ঘটনাস্থলীলৈ এছডিএমক প্ৰেৰণ কৰিছে।
Read More
দিল্লীৰ বতাহত মাৰাত্মক বিহ! ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

দিল্লীৰ বতাহত মাৰাত্মক বিহ! ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

দিল্লীত প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ‘চৰম’ স্তৰত উপনীত হৈছে বায়ুৰ গুণাগুণ সূচকাংক। এনে পৰিস্থিতিত কেন্দ্ৰই GRAP (Graded Response Action Plan)ৰ চতুৰ্থ পৰ্যায়ত উল্লেখ কৰা ব্যৱস্থাসমূহ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত প্ৰদূষণ ৰোধৰ বাবে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰই চৰকাৰ আৰু ব্যক্তিগত কাৰ্যালয়ক নিৰ্দেশ দিছে, এতিয়াৰ পৰা ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত বহি কাম কৰিব। বাকী ৫০ শতাংশই ঘৰৰ পৰাই কাম কৰিব। কেন্দ্ৰৰ বায়ু গুণাগুণ ব্যৱস্থাপনা আয়োগে প্ৰদূষণ ৰোধৰ বাবে কিছু ব্যৱস্থাৰ খচৰা প্ৰস্তুত কৰিছে। সেইটোক গ্ৰেডেড ৰেচপন্স একচন প্লেন বোলা হয়। যদি AQI ৪৫০ তকৈ অধিক হয়, তেন্তে প্ৰদূষণৰ মাত্ৰা ‘অতি গুৰুতৰ’ বুলি ধৰা হয়। সেই সময়ত GARP ৰ…
Read More
চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰতিশোধ! বাসগৃহতে মহিলা বিষয়াক নৃশংসভাৱে হত্যা গাড়ী চালকৰ…

চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰতিশোধ! বাসগৃহতে মহিলা বিষয়াক নৃশংসভাৱে হত্যা গাড়ী চালকৰ…

কৰ্ণাটকৰ খনি আৰু ভূতত্ত্ব বিভাগৰ উপ-সঞ্চালক প্ৰতিমা কে এছৰ হত্যাকাণ্ডই ৰাজ্যখনত সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। এই হত্যাকাণ্ডৰ তদন্ত চলাই সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন সন্দেহযুক্ত গাড়ী চালকক। যুৱকজনে চৰকাৰী কাৰ্যালয়ৰ গাড়ী চলাই আহিছিল। দহ দিন পূৰ্বে উপ-সঞ্চালক প্ৰতিমাৰ নিৰ্দেশত ঠিকাভিত্তিক চালকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। এক সূত্ৰৰ মতে, বৰ্খাস্ত হোৱাৰ প্ৰতিশোধ হিচাপে প্ৰতিমাক হত্যা কৰা বুলি অভিযুক্তই স্বীকাৰ কৰে। ৪৫ বছৰীয়া প্ৰতিমা আৰু তেওঁৰ পৰিয়ালে বিগত আঠ বছৰ ধৰি বেংগালুৰুৰ সুব্ৰমনাপোৰা অঞ্চলৰ এটা ঘৰত বাস কৰি আহিছে। খনি আৰু ভূতত্ত্ব বিভাগৰ উপ-সঞ্চালকৰ স্বামী-পুত্ৰ শনিবাৰে ঘৰত নাছিল। শিৱমোগা জিলাৰ তীৰ্থহল্লীলৈ গৈছিল। চৰকাৰী কাৰ্যালয়ৰ বৰ্তমানৰ চালকজনে শনিবাৰে সন্ধিয়া কামৰ অন্তত প্ৰতিমাক…
Read More
পিঁয়াজে কন্দুৱাইছে গ্ৰাহকক! এইবাৰ ২৫ টকাতে পিঁয়াজ বিক্ৰীৰ যো-জা কেন্দ্ৰীয় চৰকাৰৰ

পিঁয়াজে কন্দুৱাইছে গ্ৰাহকক! এইবাৰ ২৫ টকাতে পিঁয়াজ বিক্ৰীৰ যো-জা কেন্দ্ৰীয় চৰকাৰৰ

ক’ৰবাত ৮০, ক’ৰবাত ৯০। নৱেম্বৰৰ আৰম্ভণিতে পিঁয়াজ কিনাৰ সময়ত চকুলো টুকিবলগীয়া হৈছে গ্ৰাহকে। যিটো ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে। সেইবাবেই কেন্দ্রই পিয়াঁজৰ দাম নিয়ন্ত্রণ কৰিবলৈ খৰখেদাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতি কেজিত মাত্ৰ ২৫ টকাকৈ বিক্ৰী হ’ব পিঁয়াজ। ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন বা নাফেডে ৰাজ্যসমূহৰ খাদ্য বিভাগৰ সৈতে যৌথভাৱে পিয়াঁজ বিক্ৰী কৰিব। তাকো প্ৰতি কিলোত মাত্ৰ ২৫ টকা। কিন্তু এজন ক্ৰেতাই এটা সময়ত ২ কেজিতকৈ অধিক পিঁয়াজ কিনিব নোৱাৰে। ক’লা বজাৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত কেইখনমান ডাঙৰ চহৰত পিয়াঁজ সস্তাতে বিক্ৰী হৈছিল। কিন্তু এইবাৰ…
Read More
দ্বিতীয়বাৰলৈ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন ভাৰতীয় মহিলা হকী দল

দ্বিতীয়বাৰলৈ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন ভাৰতীয় মহিলা হকী দল

ভাৰতীয় মহিলা হকী দলে দেওবাৰে একপক্ষীয় ফাইনেল মেচত জাপানক ৪-০ গ'লত পৰাস্ত কৰি এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰে। ভাৰতীয় দলটোৱে দ্বিতীয়বাৰৰ বাবে এই খিতাপ জিকিছে। ভাৰতৰ হৈ সংগীতা (১৭ তম মিনিট), নেহা (৪৬ তম), লালৰেমচিয়ামী (৫৭তম) আৰু বন্দনা কাটাৰিয়াই (৬০ তম) গ'ল কৰে। সংগীতা আৰু বন্দনাই ফিল্ড গ'ল কৰিছিল, য'ত নেহা আৰু লালৰেমচিয়ামীয়ে পেনাল্টি কৰ্ণাৰ গ'ল কৰিছিল। দেওবাৰে ৰাঁচীৰ জয়পাল সিং এষ্ট্ৰোটাৰ্ফ হকী ষ্টেডিয়ামত চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল। বিজয়ৰ পিছত হকী ইণ্ডিয়াই টুইট কৰি কয় যে প্ৰতিজন খেলুৱৈক পুৰস্কাৰ হিচাপে তিনি লাখ টকা দিয়া হ'ব। ইয়াৰ লগতে, সহায়ক কৰ্মচাৰীৰ প্ৰতিজন সদস্যক ১.৫ লাখ টকা প্ৰদান কৰা হ'ব। ২২ মিনিটত…
Read More