09
Nov
অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফৰ যৌথ উদ্যোগত স্থাপন কৰা এখন ঋতুসাপেক্ষ, এডলীয়া তাঁৰযুক্ত সৌৰশক্তি-চালিত বেৰে অসমৰ কামৰূপ জিলাৰ মিৰ্জাৰ সমীপৱৰ্তী মালিয়াটা অঞ্চলত ২০ হেক্টৰ শস্য ভূমি ব্যাপি থকা পকা ধান এজাক বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিছে । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে কয়, “ঋতুসাপেক্ষ সৌৰ বেৰক মানৱ-হাতী সংঘাত (এইচ ই চি) প্ৰৱণ অঞ্চলত ধান খেতিৰ সুৰক্ষাৰ এক নতুন পদ্ধতি হিচাপে গ্ৰহণ কৰা হৈছে। ধান চপোৱাৰ পাছত এই একক তাঁৰযুক্ত সৌৰশক্তিচালিত বেৰবোৰ আঁতৰাই পেলোৱা হয় যাতে গোটেই বছৰজুৰি বনৰীয়া হাতীৰ চলাচল বাধাগ্ৰস্ত নহয় । আমি এতিয়ালৈকে পূব অসমৰ বহু অঞ্চলত এই ব্যৱস্থা ব্যাপকভাৱে প্ৰয়োগ…
