editor

3175 Posts
দুখন বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৫ জনৰ মৃত্যু, আহত ৬০ জন

দুখন বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৫ জনৰ মৃত্যু, আহত ৬০ জন

তামিলনাডুত দুখন বাছৰ সংঘৰ্ষত ৫ জন লোকৰ মৃত্যু। লগতে এই দুৰ্ঘটনাত ৬০ জন লোক আহত হোৱাৰ খবৰ। আহতসকলক তিৰুপট্টৰ জিলাৰ ৱনিয়াম্বাদী চৰকাৰী চিকিৎসালয় আৰু ভেল্লোৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে পুৱা চেন্নাই-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰী বাছ আৰু আন এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত কমেও পাঁচজন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি দুয়োখন বাছৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। ঘটনাস্থলীত দহখন এম্বুলেন্সৰ জৰিয়তে আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে সহায় কৰিছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে। আৰক্ষীৰ তথ্য অনুসৰি নিহত লোকসকলৰ ভিতৰত আছে ৩২ বছৰীয়া ঋতিকা, ৩৭ বছৰীয়া ৱানিয়ামবাডীৰ মহম্মদ ফিৰোজ, এছইটিচিৰ বাছ চালক কে…
Read More
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জয়পুৰত উপস্থিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিজেপিক তীব্ৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে ৰাজস্থান মডেলক প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে আৰু বিজেপি ইছ্যুহীন। কংগ্ৰেছে কৰ্মৰ ভিত্তিত থকাৰ বিপৰীতে বিজেপি ইডি আৰু মেৰুকৰণৰ ভিত্তিত নিৰ্বাচনত অৱতীৰ্ণ হব বিচাৰিছে। জয়ৰাম ৰমেশে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে সদায় গুজৰাটৰ মডেলৰ কথা কয়, কিন্তু আমি ক’ব পাৰো যে যোৱা পাঁচ বছৰত ৰাজস্থানৰ মডেলো আহিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে চিৰঞ্জীৱ স্বাস্থ্য আঁচনি এক বৈপ্লৱিক পদক্ষেপ। বিজেপিক আক্ৰমণ কৰি জয়ৰামে কয় যে মেৰুকৰণৰ ৰাজনীতিয়ে কাম নকৰে, খোদ কৰ্ণাটকতে ৰাইজে এনে ৰাজনীতিক নাকচ কৰিছে। যোৱা পাঁচ বছৰত ৰাজস্থান…
Read More
মুকলি আকাশৰ তললৈ গুৱাহাটী ডাবল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতা

মুকলি আকাশৰ তললৈ গুৱাহাটী ডাবল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতা

গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কেছৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ আদালতৰ। খবৰ অনুসৰি বন্দনা কলিতাই সপ্তাহত দুদিন নুনমাটি থানাত হাজিৰ হ’ব লাগিব আৰু আদালতৰ অনুমতি অবিহনে গৃহ জিলাৰ পৰা ওলাই যাব নোৱাৰিব। ইয়াৰ পূৰ্বে অক্টোবৰ মাহত ৰাজ্য জোকাৰি যোৱা নুনমাটি ডাবল মাৰ্ডাৰ কাণ্ডৰ অন্যতম সহযোগীক গৌহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। মূল অভিযুক্ত বন্দনা কলিতাৰ অন্যতম সহযোগী অৰূপ ডেকাই বৃহস্পতিবাৰে জামিন লাভ কৰে। ইয়াৰ পূৰ্বে অৰূপ ডেকাক এই ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ৪ মাৰ্চত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে। বন্দনা কলিতাই ২০২২ চনৰ ২৭ জুলাইত শাহুৱেক শংকৰী দে’ক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰকৈ কাটি মেঘালয়ত পেলাই দিছিল। ২০২২ চনৰ…
Read More
অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ মৃতদেহ! গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ মৃতদেহ! গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

হিংসাজৰ্জৰ মণিপুৰত এহাল্ পুৰুষ-মহিলাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰৰ পিছতে পুনৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৱা ৭ নৱেম্বৰত লেইমাখঙৰ এখন বিয়ালৈ চুৰাচান্দপুৰৰ পৰা আহি আছিল সেনা জোৱানৰ এটা পৰিয়াল। মেইটেই বাহিনীয়ে কাংচুপ চেক পোষ্টত যৌথ বাহিনীৰ সন্মুখত তেওঁলোকৰ বাহন ৰখাই ৫ জন লোকক লৈ যায়। পিছত সেনাই সংকটজনক অৱস্থাত এজনক উদ্ধাৰ কৰে যদিও আন দুজন পুৰুষ আৰু দুগৰাকী মহিলাৰ সন্ধান পোৱা নগ’ল। আৰক্ষীয়ে জনোৱা মতে, পশ্চিম ইম্ফলৰ লামছাঙৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ গুলীবিদ্ধ মৃতদেহ। কুকিজত লিখা আছিল যে মৃতদেহটো জাখাম প্ৰৌদৰ পত্নী নেংকিম হাওকিপৰ। তেওঁলোকৰ পুত্ৰ সেনাবাহিনীত কৰ্মৰত। আনহাতে প্ৰায় একে সময়তে পূব ইম্ফলৰ ইৰিবুঙত উদ্ধাৰ হয় এজন লোকৰো মৃতদেহ। কুকি…
Read More
কাটাৰত ৮ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল ভাৰতৰ…

কাটাৰত ৮ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল ভাৰতৰ…

কাটাৰত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন জোৱানক মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে ভাৰতৰ আবেদন। কাটাৰ আদালতত এই আবেদন দাখিল কৰা হৈছে। বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, সকলো আইনী দিশ বিবেচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন দিল্লীয়ে কাটাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন ৮ গৰাকী কমাণ্ডাৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে কাটাৰ আদালতে। ইজৰাইলৰ সপক্ষে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে এই ৮ গৰাকী ভাৰতীয়ৰ বিৰুদ্ধে। ২০২২ চনৰ আগষ্ট মাহত ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই অভিযুক্ত ভাৰতীয়ক কাটাৰৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। যোৱা মাহত নিম্ন আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে কয় যে কাটাৰ আদালতে দিয়া…
Read More
বিহাৰত জাতিভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৫৬ শতাংশলৈ বৃদ্ধি! বিধানসভাত গৃহীত বিধেয়ক

বিহাৰত জাতিভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৫৬ শতাংশলৈ বৃদ্ধি! বিধানসভাত গৃহীত বিধেয়ক

চৰকাৰী চাকৰি আৰু শিক্ষাত সংৰক্ষণ বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত বিহাৰ বিধানসভাত গৃহীত এখন বিধেয়ক। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নীতেশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ বিধেয়ক উত্থাপন হোৱাৰ পাছত সৰ্বসন্মতিক্ৰমে গৃহীত হয়। সেই বিধেয়কখনত কোৱা হৈছে যে জাতি ভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৬৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ লগতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও ১০ শতাংশ পৃথক সংৰক্ষণৰ কথা কোৱা হৈছে। মঙলবাৰে বিহাৰ বিধানসভাত জাতিগত গণনাৰ দ্বিতীয়খন প্ৰতিবেদন দাখিল কৰাৰ পিছত ৰাজ্যৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱত সংৰক্ষণ বৃদ্ধিৰ বাবে বিধেয়কখন উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। বিধানসভাৰ অধিৱেশনত এই সিদ্ধান্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী নীতেশে কয় যে আমাৰ চৰকাৰে পিছপৰা ছাত্ৰ-ছাত্ৰীক অধিকাৰ দিবলৈ বদ্ধপৰিকৰ। শেহতীয়া চৰকাৰী বিধেয়কখনত…
Read More
দীপাৱলীৰ বতৰত চীনা অৰ্থনীতিত মোক্ষম আঘাত ভাৰতৰ, বৃদ্ধি পাইছে দেশত নিৰ্মিত সামগ্ৰীৰ চাহিদা

দীপাৱলীৰ বতৰত চীনা অৰ্থনীতিত মোক্ষম আঘাত ভাৰতৰ, বৃদ্ধি পাইছে দেশত নিৰ্মিত সামগ্ৰীৰ চাহিদা

দীপাৱলীৰ পূৰ্বে মোক্ষম আঘাত চীনৰ অৰ্থনীতিত। দীপাৱলীৰ বতৰত প্ৰায় চীনক প্ৰায় এক লাখ কোটি টকাৰ অৰ্থনৈতিক আঘাত ভাৰতৰ। দৰাচলতে এইবাৰ ভাৰতে উৎসৱৰ বতৰত ঘৰুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বাতিল কৰা হৈছে সস্তীয়া চীনা সামগ্ৰী। দুৰ্গা পূজা বা দীপাৱলী বা ধনতেৰাছত বাতিল হৈছে চীনত নিৰ্মত সামগ্ৰী। দেশৰ জনতাই দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ বাবেই ঘৰুৱা বজাৰে লাভ কৰিছে প্ৰাধান্যতা। কেন্দ্রৰ ‘ভ’কেল ফৰ লোকেল’ আৰু ‘মেড ইন ইণ্ডিয়া’ৰ আহ্বানৰ প্ৰতি এতিয়া সঁহাৰি জনাইছে দেশবাসীয়ে৷ চেম্বাৰ্ছ অৱ কমাৰ্চে প্ৰদান কৰা তথ্য অনুসৰি এইবাৰ ভাৰতত ধনতেৰাছ উৎসৱৰ ব্যৱসায়ৰ মূল্য ৫০ হাজাৰ কোটি টকা। আৰু এই ব্যৱসায় হৈছে স্থানীয় সামগ্ৰীৰ। প্ৰতি বছৰে এই উপলক্ষে…
Read More
দুটা দশকৰ পিছত নাগালেণ্ডত পৌৰ নিৰ্বাচনৰ পথ প্ৰশস্ত

দুটা দশকৰ পিছত নাগালেণ্ডত পৌৰ নিৰ্বাচনৰ পথ প্ৰশস্ত

নাগালেণ্ড বিধানসভাই বৃহস্পতিবাৰে নগৰীয়া স্থানীয় সংস্থাসমূহত (ইউএলবি) মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ ৰখাৰ বাবে সৰ্বসন্মতিক্ৰমে এখন বিধেয়ক গৃহীত কৰে। ইয়াৰ সৈতে, দুটা দশকৰ পিছত ৰাজ্যখনত পৌৰ নিৰ্বাচনৰ পথ প্ৰশস্ত কৰা হৈছে। মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মহিলাসকলৰ বাবে ইউএলবিত এক-তৃতীয়াংশ সংৰক্ষণ ৰখাৰ ব্যৱস্থা বিধেয়কখনত দিয়া হৈছে। ৰিঅ'ই কয় যে শীৰ্ষ জনজাতীয় সংস্থাটোৱে, যি আগতে এনে সংৰক্ষণৰ বিৰোধিতা কৰিছিল, এতিয়া ইয়াক গ্ৰহণ কৰিছে আৰু ৰাজ্যিক নিৰ্বাচন আয়োগে (এছইচি) শীঘ্ৰেই পৌৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। তেওঁ লগতে কয় যে এই আইন শেষ নহয়, কিন্তু কেৱল আৰম্ভণি। মহিলাসকলে নগৰীয়া স্থানীয় সংস্থাসমূহৰ প্ৰশাসনত অংশগ্ৰহণ কৰাৰ সময় আহি পৰিছে। চুবুৰীয়া…
Read More
সংসদৰ শীতকালীন অধিৱেশনত হ’ব ১৫ খন বৈঠক

সংসদৰ শীতকালীন অধিৱেশনত হ’ব ১৫ খন বৈঠক

সংসদৰ শীতকালীন অধিৱেশন ৪ ডিচেম্বৰত আৰম্ভ হ'ব আৰু ২২ ডিচেম্বৰত সমাপ্ত হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয়- ৪ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ চলি থকা শীতকালীন অধিৱেশনত ১৫ খন বৈঠক হ'ব। অমৃত কালৰ মাজত অধিৱেশনৰ সময়ত আইনী ব্যৱসায় আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনাৰ বাবে অপেক্ষা কৰা হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰ নিযুক্তি সম্পৰ্কীয় বিধেয়কখন অধিৱেশনত আলোচনা হোৱাৰ সম্ভাৱনা আছে। এই বিধেয়ক অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰ মৰ্যাদা কেবিনেট সচিবৰ সমান হোৱাৰ ব্যৱস্থা আছে। বৰ্তমান, তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সমতুল্য মৰ্যাদা লাভ কৰে। এই বিধেয়কৰ বিৰোধিতা কৰি বিৰোধী দলসমূহে কয়…
Read More
মিছ নৰ্থ ইষ্ট ২০২৩ত উজলিল অসম কন্যা অনামিকা – ৰিয়া

মিছ নৰ্থ ইষ্ট ২০২৩ত উজলিল অসম কন্যা অনামিকা – ৰিয়া

যোৰহাটৰ অনামিকা বৰাই সদ্য সমাপ্ত মিছ নৰ্থ ইষ্ট ২০২৩ ত ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰাৰ বিপৰীতে গুৱাহাটীৰ ৰিয়া বৰাই মিছ ফ্ল’লেছ স্কীন বঁটাৰ ছাৱ টাইটেল অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বুধবাৰে দুয়োগৰাকীকে গুৱাহাটী প্ৰেছ ক্লাবত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷ সন্মানজনক মিছ নৰ্থ ইষ্ট সৌন্দৰ্য প্ৰতিযোগিতাখন মিছ ছিকিম অৰ্গেনাইজেচনৰ উদ্যোগত ছিকিমৰ সৌন্দৰ্য্যশালী ৰাজধানী গেন্টকত ৫ নৱেম্বৰত অনুষ্ঠিতহৈছিল৷ প্ৰতিযোগিতাখনত অনামিকাই সুন্দৰ প্ৰদৰ্শনেৰে বিচাৰকৰ লগতে দৰ্শকৰ হৃদয় জয় কৰে৷ সৌন্দৰ্য্য প্ৰতিযোগিতাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে প্ৰতিযোগিতাখনৰ গাম্ভীৰ্য অধিক বৃদ্ধি কৰে৷ উল্লেখ্য যে এই বছৰৰ আৰম্ভণিতে মিছ আছাম অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত সন্মানজনক…
Read More