editor

3175 Posts
ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল দিৱস উদযাপন

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল দিৱস উদযাপন

তিনিচুকীয়া জিলাত থকা তথা প্ৰখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা আন্ত:ৰাষ্ট্ৰীয় জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল দিৱসত ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলখনৰ গৰিমা আৰু সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয় । ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ পূব আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগ আৰু ডিব্ৰু ছৈখোৱা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল/ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু আৰণ্যকৰ (www.aaranyak.org)ৰ সহযোগত এই দিৱস উদযাপন কৰা হৈছিল । দিনজোৰা উদযাপনৰ অংশহিচাপে পুৱা প্ৰকৃতিভ্ৰমণ আৰু মাগুৰি মোটাপুং বিলত পক্ষী নিৰীক্ষণ, জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ প্ৰত্যাহ্বান আৰু মহিলাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা গাওঁসভা আৰু বিশিষ্ট ব্যক্তি আৰু দৰ্শকৰ বাবে মুকলি অধিবেশন অনুষ্ঠিত কৰা হয় ।…
Read More
গুদামত বিধ্বংসী অগ্নিকাণ্ড! দুগৰাকী মহিলাসহ ৬ জনৰ অগ্নিদগ্ধ হৈ মৃত্যু

গুদামত বিধ্বংসী অগ্নিকাণ্ড! দুগৰাকী মহিলাসহ ৬ জনৰ অগ্নিদগ্ধ হৈ মৃত্যু

হায়দৰাবাদৰ এটা ৰাসায়নিক গুদামত সোমবাৰে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ২ গৰাকী মহিলাকে ধৰি ৬ জন লোকৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে চাৰি মহলালৈ বিয়পি পৰে। অধিক তথ্য দি ডিচিপি চেণ্ট্ৰেল জ’ন ভেংকটেশ্বৰ ৰাওৱে কয় যে হায়দৰাবাদৰ নামপাললীৰ বজাৰঘাটত এপাৰ্টমেণ্ট কমপ্লেক্সত অৱস্থিত এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুগৰাকী মহিলা আৰু ৪ জন পুৰুষৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে। ইফালে অগ্নিকাণ্ডৰ পিছতে উদ্ধাৰ অভিযান চলাই সামান্য আহত ১৬ জনক নিৰাপদে উদ্ধাৰ কৰা হয়। হায়দৰাবাদ (টি এছ)ৰ নামপল্লী থানাৰ সীমাৰ অন্তৰ্গত এটা গুদামত সংঘটিত হৈছে এই ঘটনা। অগ্নিনিৰ্বাপক বাহিনীয়ে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণ কৰে।
Read More
প্ৰতি দহ মিনিটত মৃত্যুক সাৱটিছে এটিকৈ শিশুৱে… ইজৰাইলক সমৰ্থন কৰাসকলে লাজ পোৱা উচিতঃ প্ৰিয়ংকা গান্ধী

প্ৰতি দহ মিনিটত মৃত্যুক সাৱটিছে এটিকৈ শিশুৱে… ইজৰাইলক সমৰ্থন কৰাসকলে লাজ পোৱা উচিতঃ প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই গাজা ষ্ট্ৰিপত ইজৰাইলী সামৰিক বাহিনীৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰে যুদ্ধবিৰতিৰ বাবে আহ্বান জনায়। গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক কাৰ্য্যকলাপক সমৰ্থন কৰা সেই চৰকাৰসমূহকো তেওঁ পৰোক্ষভাৱে আক্ৰমণ কৰে। সোমবাৰে (১৩ নৱেম্বৰ) প্ৰিয়ংকা গান্ধীয়ে এক্সত পোষ্ট কৰি গাজা ষ্ট্ৰিপৰ শিশুসকলৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ লিখিছে, “কি যে নিন্দনীয় আৰু অপমানজনক কাণ্ড। গাজাত ১০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে প্ৰায় আধা শিশু।” প্ৰিয়ংকাই দাবী কৰিছে যে প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। তেওঁ লিখিছে, “বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতি দহ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। এতিয়া সৰু ল’ৰা-ছোৱালীক অক্সিজেনৰ…
Read More
ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। এই ক্ৰমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ নিৰ্বাচনী সভাত ভাষণ দি ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ আহ্বান জনাই বিৰোধী দল কংগ্ৰেছক আক্ৰমণ কৰে। জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে যদি আমি ডাবল ইঞ্জিন চৰকাৰ গঠন কৰোঁ তেন্তে ৬ হাজাৰ টকাৰ আঁচনিখন ১২ হাজাৰ টকালৈ ৰূপান্তৰিত কৰিম। কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক আক্ৰমণ কৰি তেওঁ কয়, ‘ৰাহুল বাবাই কৈছিল, ৩৭০ অনুচ্ছেদ আঁতৰাই নিদিব, কাশ্মীৰত বৈ যাব তেজৰ নদী। এডাল লাঠিও ব্যৱহাৰ কৰা নহ’ল। কাশ্মীৰ আমাৰ। কংগ্ৰেছ দলে ৭০ বছৰ ধৰি ৩৭০ অনুচ্ছেদ নিজৰ কোলাত ৰাখিছিল।” ইয়াৰ বাহিৰেও গৃহমন্ত্ৰীগৰাকীয়ে ইউ পি এ চৰকাৰক স্মৰণ…
Read More
এটা অভাৰতে ডাবল হেট্ৰিক! বিশ্বকাপৰ মাজতে কোন ক্ৰিকেটাৰে গঢ়িলে এই অনন্য অভিলেখ

এটা অভাৰতে ডাবল হেট্ৰিক! বিশ্বকাপৰ মাজতে কোন ক্ৰিকেটাৰে গঢ়িলে এই অনন্য অভিলেখ

বিশ্বকাপৰ খেলৰ মাজতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে। ঘৰুৱা ক্ৰিকেটত তেওঁ অভাৰৰ ৬টা বলত ৬টা উইকেট দখল কৰি ৰচনা কৰে অনন্য ইতিহাস। এতিয়ালৈকে এই ঘটনা ক্ৰিকেটৰ ইতিহাসত এয়াই প্ৰথম। অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটত গোল্ড কোষ্ট প্ৰিমিয়াৰ লীগত চাৰ্ফাৰ্ছ পেৰাডাইজৰ বিৰুদ্ধে মুডগীৰাবাৰ খেলখন চলি আছিল। সেই মেচখন জয় কৰিবলৈ শেষৰ অভাৰত ৫ ৰানৰ প্ৰয়োজন হৈছিল চাৰ্ফাৰছক। শেষৰ অভাৰত বলিং কৰিবলৈ আহিছিল মুডগীৰাবাৰ অধিনায়ক গেৰেথ মৰ্গানে। অভাৰৰ প্ৰতিটো বলত তেওঁ এটা উইকেট লয়। মৰ্গানে দলটোক ৪ ৰানত জয়লাভ কৰোৱায়। মৰ্গানে প্ৰথমটো বলতে চাৰ্ফাৰ্ছৰ অ’পেনাৰ জেক গাৰ্লেণ্ডক আউট কৰে। জেকে ৬৫ ৰান খেলি আছিল। পৰৱৰ্তী পাঁচটা বলত শূন্য ৰাণত ক্ৰমান্বয়ে পতন…
Read More
প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই ‘ডিপফেক’ৰ সহায়ত যুৱতীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল, গ্ৰেপ্তাৰ যুৱক

প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই ‘ডিপফেক’ৰ সহায়ত যুৱতীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল, গ্ৰেপ্তাৰ যুৱক

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই ডিপফেক প্ৰযুক্তিৰ জৰিয়তে যুৱতীৰ অশ্লীল ফটো বনাই সামাজিক মাধ্যমত ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। কৰ্ণাটকৰ খানাপুৰ অঞ্চলত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিছতে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২২ বছৰীয়া যুৱকজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱকজন বাংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। যুৱকজনে এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰে। ইয়াৰ পিছতে প্ৰতিশোধৰ অগণিত জ্বলা যুৱকজনে যুৱতীগৰাকী ছবিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ‘ডিপফেক’ প্ৰযুক্তি ব্যৱহাৰ কৰি অশ্লীল ছবি নিৰ্মাণ কৰে। আৰক্ষীয়ে দাবী কৰে যে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱত সন্মতি নিদিলে সেই ছবিসমূহ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিব বুলিও ভাবুকি দিছিল। আৰক্ষীৰ মতে, অভিযুক্তই ছোৱালীজনীৰ…
Read More
৬ ঘণ্টাৰ বাবে অসুস্থ পত্নীক দেখা কৰিবলৈ তিহাৰ জে’লৰ পৰা স্বগৃহত উপস্থিত কাৰাবন্দী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া

৬ ঘণ্টাৰ বাবে অসুস্থ পত্নীক দেখা কৰিবলৈ তিহাৰ জে’লৰ পৰা স্বগৃহত উপস্থিত কাৰাবন্দী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়া তিহাৰ জেলৰ পৰা নিজ গৃহত উপস্থিত হৈছে। অসুস্থ পত্নীক দেখা কৰিবলৈ স্বগৃহত উপস্থিত হয় ছিছ’দিয়া। কটকটীয়া নিৰাপত্তাৰ মাজতে দিল্লী আৰক্ষীৰ এটা দলে তেওঁক ঘৰলৈ লৈ যায়। উল্লেখ্য যে চিছ’দিয়াই তেওঁৰ পত্নীক লগ পাইছে সেই ঘৰত যিটো ঘৰ এতিয়া আনুষ্ঠানিকভাৱে আতিশীক দিল্লী চৰকাৰে আবণ্টন দিছে। এই ঘৰটো আগতে তেতিয়াৰ মন্ত্ৰী মনীষ ছিছ’দিয়াৰ নামত আবণ্টন দিয়া হৈছিল। দিল্লী সুৰা কেলেংকাৰিত জেলত আছে ছিছ’দিয়া। কালি আদালতে তেওঁক ৬ ঘণ্টাৰ বাবে পত্নীক লগ কৰাৰ অনুমতি দিছিল, সেই অনুসৰি ছিছ’দিয়াই পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ পত্নীক সাক্ষাৎ কৰি আছে। এই সময়ছোৱাত সংবাদ মাধ্যমৰ সৈতে কথা…
Read More
দিপাৱলীৰ নিশা ২ ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকাঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

দিপাৱলীৰ নিশা ২ ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকাঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

প্ৰদূষণৰ কথা মনত ৰাখি ব’ম্বে উচ্চ ন্যায়ালয়ে ফটকা জ্বলোৱাৰ সময় ৩ ঘণ্টাৰ পৰা ২ ঘণ্টালৈ হ্ৰাস কৰিছে। দীপাৱলীৰ দিনা নিশা ৮ৰ পৰা ১০ বজালৈহে অনুমতি দিয়া হ’ব। মুম্বাইৰ AQIৰ কথা ক’বলৈ গ’লে শনিবাৰে (১১ নৱেম্বৰ) ইয়াত AQI স্তৰ আছিল ৮২। বায়ুৰ গুণাগুণৰ উন্নতি দেখা যায় যদিও তথাপিও ইয়াৰ মানুহে ব’ম্বে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি চলিব লাগিব। মুম্বাইৰ দাদৰ অঞ্চলত দীপাৱলীৰ সামগ্ৰীৰ বজাৰ আৰম্ভ হৈছে। এই বজাৰত উপস্থিত থকা ৰাইজে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত মানি চলিব বুলি কয়। প্ৰদূষণৰ কথা মনত ৰাখি উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত লৈছে, মুম্বাই চহৰৰ অৱস্থা দিল্লীৰ দৰে হ’ব নালাগে, সেয়েহে আমি সকলো নিয়ম মানি চলিম। মুম্বাইৰ…
Read More
পাকিস্তানত আয়োজন হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫

পাকিস্তানত আয়োজন হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫

২০১৭ৰ পৰা চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হোৱা নাই, কিন্তু যোৱা কেইসপ্তাহমানত চেম্পিয়নছ ট্ৰফীৰ আলোচনা আৰম্ভ হৈছে। আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ত পাকিস্তানৰ দ্বাৰা আয়োজন কৰা হ'ব। আইচিচিয়ে কৈছে যে বিশ্বকাপ ২০২৩ৰ শীৰ্ষ-৭ (পাকিস্তানৰ বাহিৰে) স্থানত থকা দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে চেম্পিয়নছ ট্ৰফী প্ৰতিবাৰৰ দৰে ৫০ অভাৰৰ ফৰ্মেটত নে ২০ অভাৰৰ ফৰ্মেটত অনুষ্ঠিত হ'ব। দৰাচলতে, এই বছৰৰ এদিনীয়া বিশ্বকাপত এদিনীয়া ফৰ্মেটত দৰ্শকৰ আগ্ৰহ হ্ৰাস হোৱাৰ ফলত আইচিচিৰ অফিচিয়েল ব্ৰডকাষ্টাৰ ষ্টাৰ স্পৰ্টছ বিচলিত হৈছে। ভাৰতত ক্ৰিকেট যথেষ্ট পছন্দ কৰা হয়, আৰু এইবাৰ বিশ্বকাপও ভাৰতত হৈ আছে, কিন্তু যিখন খেলত ভাৰতে নেখেলে, সেই খেলখনত…
Read More
২০২৪ৰ টি-২০ বিশ্বকাপ খেলিব নোৱাৰিব শ্ৰীলংকা ক্ৰিকেট দলে

২০২৪ৰ টি-২০ বিশ্বকাপ খেলিব নোৱাৰিব শ্ৰীলংকা ক্ৰিকেট দলে

শ্ৰীলংকাৰ ক্ৰিকেট দলে এই বিশ্বকাপত অতি দুৰ্বল প্ৰদৰ্শন কৰিছে। শ্ৰীলংকাৰ ক্ৰিকেট দলে লীগ পৰ্যায়ৰ ৯ খন খেলৰ ভিতৰত মাত্ৰ ২ খনত জয়লাভ কৰিছে আৰু ৭ খন মেচ হেৰুৱাইছে। এই বিশ্বকাপত তেওঁলোকৰ যাত্ৰা সমাপ্ত হৈছে, কিন্তু তেওঁৰ বাবে আটাইতকৈ বেয়া খবৰটো হ'ল যে আইচিচিয়ে শ্ৰীলংকা ক্ৰিকেটৰ সদস্যপদ বাতিল কৰিছে। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে শুকুৰবাৰে শ্ৰীলংকা চৰকাৰৰ দ্বাৰা শ্ৰীলংকা ক্ৰিকেটৰ শাসনত হস্তক্ষেপ কৰাৰ বাবে তেওঁৰ সদস্যপদ নিলম্বন কৰে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হয় যে শ্ৰীলংকা ক্ৰিকেটৰ বিশ্বকাপৰ ওপৰত আইচিচিয়ে আৰোপ কৰা এই নিষেধাজ্ঞাৰ প্ৰভাৱ কি হ'ব?শ্ৰীলংকাৰ ক্ৰিকেট দলৰ বাবে বিশ্বকাপ অভিযান সমাপ্ত হৈছে, কিয়নো তেওঁলোক মাত্ৰ ২খনত জয় আৰু ৪ পইণ্টৰ সৈতে পইণ্ট…
Read More