editor

3175 Posts
মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক…

মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক…

মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু আন ২০৪ গৰাকী আৰক্ষীক ২০২৩ চনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ বিভিন্ন পদত কাম কৰি বৰ্তমান কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত পদবীত থকা জ্যেষ্ঠ আই পি এছ বিষয়া অমিত কুমাৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। মে’ মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছতে মণিপুৰ আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছিল আই পি এছ অমিত কুমাৰক। চি আৰ পি এফৰ মহাপৰিদৰ্শক হিচাপে পূৰ্বৰ ভূমিকাত কৰা কামৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২০৪ জন আৰক্ষী জোৱান ১০খন ৰাজ্যৰ তিনিটা কেন্দ্ৰীয়…
Read More
বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ ইংলেণ্ড, বাংলাদেশ, নেডাৰলেণ্ড আৰু পাকিস্তান

বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ ইংলেণ্ড, বাংলাদেশ, নেডাৰলেণ্ড আৰু পাকিস্তান

ভাৰতে চলিত বিশ্বকাপত অপৰাজিত যাত্ৰা অব্যাহত ৰাখিছে। ভাৰতে কালি ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত সুন্দৰ প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ ষষ্ঠ খন মেচত জ়য় লাভ কৰে। ভাৰতে খেলখন ১০০ ৰানৰ ব্যাৱধানত জয় লাভ কৰে। ভাৰতৰ দ্ৰুত বলাৰ মহম্মদ ছামী এই খেলখনৰ নায়ক আছিল। তেওঁ কম ৰানৰ খেলখনত ভাৰতৰ আশা সজীৱ ৰাখিছিল আৰু লক্ষ্ণৌ খেলপথাৰত সুন্দৰ বলিং কৰিছিল আৰু ৭ অভাৰত ২২ ৰানত চাৰিটা উইকেট দখল কৰিছিল। একেদৰে, বুমৰাহে তিনিটা কৈ উইকেট দখল কৰে, কুলদীপ আৰু জাদেজাই এটাকৈ উইকেট দখল কৰে। এই বিজয়ৰ সৈতে, কেৱল ছেমি ফাইনেললৈ ভাৰতৰ পথ মুকলি হোৱাই নহয়, ভাৰতে এতিয়া অন্তিম চাৰিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ লগতে নিউজিলেণ্ড…
Read More
৬০ জন শিক্ষক আৰু কৃষকে অংশগ্ৰহণ

৬০ জন শিক্ষক আৰু কৃষকে অংশগ্ৰহণ

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহনক্ষমতা শিক্ষাৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংস্থা আৰণ্যকে উইপ্ৰ’ ফাউণ্ডেশ্যেনৰ সহযোগত আয়োজিত এক কাৰ্যসূচীত অসমৰ যোৰহাট জিলাৰ গ্ৰাম্য খণ্ডৰ প্ৰায় ৬০ জন শিক্ষক আৰু কৃষকে অংশগ্ৰহণ কৰে । যোৱা ২৫ অক্টোবৰত অনুষ্ঠিত এই কাৰ্যসূচীত যোৰহাট জিলাৰ বৈশহাবি চাহ বাগিছাস্থিত আৰু ২০১৯ চনত স্থাপিত অলাভজনক ষ্টাৰ্ট-আপ কৰুণা খেতি ন্যাসৰ শিক্ষক, শিক্ষাদাতা আৰু কৃষকসকলে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰী সকলে বিদ্যালয় চৌহদৰ চৌপাশৰ জৈৱ বৈচিত্ৰ্যক উপলব্ধি আৰু চিনাক্তকৰণ, আৱৰ্জনা ব্যৱস্থাপনা আৰু পানীৰ সংৰক্ষণ বিষয়বস্তু ভিত্তিক কাম কাজ হাতে কামে কৰে । দৰাচলতে এই সজাগতা কাৰ্যসূচীত তিনিটা মূল বিষয় ক্ৰমে - আৱৰ্জনা ব্যৱস্থাপনা, পানী সংৰক্ষণ আৰু জৈৱ…
Read More
অন্ধ্ৰপ্ৰদেশত ভয়াবহ ৰে’ল দুৰ্ঘটনা! দুখন ৰে’লৰ সংঘৰ্ষত মৃত্যু ১৩ জন, আহত শতাধিক

অন্ধ্ৰপ্ৰদেশত ভয়াবহ ৰে’ল দুৰ্ঘটনা! দুখন ৰে’লৰ সংঘৰ্ষত মৃত্যু ১৩ জন, আহত শতাধিক

দেওবাৰে অন্ধ্ৰ প্ৰদেশত দুখন ৰে’লৰ মাজত সংঘটিত হোৱা ব্যাপক সংঘৰ্ষত এতিয়ালৈকে ১৩ জন যাত্ৰীৰ মৃত্যু হৈছে। অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰম জিলাৰ কান্তকাপালি আৰু আলমাণ্ডা ষ্টেচনৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত শ শ যাত্ৰী আহত হৈছে। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত ইষ্ট ক’ষ্ট ৰে’লৱেৰ চিপিআৰঅ’ বিশ্বজিৎ চাহুৱে কয় যে বৰ্তমানৰ পৰিসংখ্যা অনুসৰি ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৯ জন লোক আহত হৈছে। তথ্য অনুসৰি একেটা ট্ৰেকতে ওড়িশালৈ অহা দুখন যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষ হৈছে। এই দুৰ্ঘটনাটোৰ অনুমান কৰিব পাৰি যে সংঘৰ্ষৰ পিছত যাত্ৰীবাহী ৰে’লৰ ডবাবোৰ সিঁচৰতি হৈ আনটো ট্ৰেকত পৰি যায়। একে সময়তে আনটো ট্ৰেকত অহা মালবাহী ৰেলখনে খুন্দা মাৰে…
Read More
উচ্চতম ন্যায়ালয়ত মুখথেকেচা কাৰাবন্দী মণীষ ছিচ’ডিয়াৰ, জামিন আবেদন নাকচ

উচ্চতম ন্যায়ালয়ত মুখথেকেচা কাৰাবন্দী মণীষ ছিচ’ডিয়াৰ, জামিন আবেদন নাকচ

দিল্লী আবকাৰী নীতিৰ কথিত কেলেংকাৰিৰ সৈতে জড়িত দুৰ্নীতি আৰু ধন সৰবৰাহৰ গোচৰত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক জামিন দিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে তেওঁৰ আবেদন নাকচ কৰি বিচাৰ আদালতক ছয়ৰ পৰা আঠ মাহত শুনানি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে নিয়মীয়া জামিনৰ আবেদন নাকচ কৰি কয় যে গোচৰটোত ৩৩৮ কোটি টকাৰ হস্তান্তৰ সাময়িকভাৱে নিশ্চিত কৰা হৈছে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰ বিচাৰপীঠে কয় যে ছয়ৰ পৰা আঠ মাহৰ ভিতৰত এই গোচৰসমূহৰ বিচাৰ সম্পূর্ণ হ’ব বুলি তদন্তকাৰী সংস্থাসমূহৰ বক্তব্য লিপিবদ্ধ কৰিছে৷ বিচাৰপীঠে কয় যে যদি বিচাৰ প্ৰক্ৰিয়া পলম হয় তেন্তে তিনি মাহৰ ভিতৰত এই গোচৰসমূহত ছিছ’ডিয়াই জামিনৰ বাবে…
Read More
গেৰেজত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড, ১০ খন বাছ জ্বলি ভষ্মীভূত

গেৰেজত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড, ১০ খন বাছ জ্বলি ভষ্মীভূত

বাংগালুৰুৰ বীৰভদ্ৰ নগৰত অৱস্থিত বাছ ষ্টেণ্ডৰ ওচৰৰ এটা গেৰেজত হঠাতে সংঘটিত অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ আতংকৰ। বাতৰি অনুসৰি এই অগ্নিকাণ্ডত গেৰেজটোত সেই সময়ত ৰখাই থোৱা ১০ খন বাছ জ্বলি সম্পূৰ্ণৰূপে ছাই হৈ পৰে। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত আৰক্ষীয়ে চৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।
Read More
দুই সন্তানক এৰি পাকিস্তানী প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা অঞ্জু এতিয়া পুনৰ উভতিব ভাৰতলৈ! কিন্তু কিয়?

দুই সন্তানক এৰি পাকিস্তানী প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা অঞ্জু এতিয়া পুনৰ উভতিব ভাৰতলৈ! কিন্তু কিয়?

দুই সন্তান, ১৫ বছৰীয়া কন্যা আৰু ছয় বছৰীয়া পুত্ৰক ভাৰতত এৰি ফেচবুকত লগ পোৱাৰ পিছত প্ৰেমিকক বিয়া কৰাবলৈ পাকিস্তানলৈ যোৱা অঞ্জুৱে এতিয়া ভাৰতলৈ উভতি আহিব। উল্লেখ্য যে ৩৪ বছৰীয়া অঞ্জুৱে ভাৰতৰ পৰা পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ এখন দুৰ্গম গাঁওলৈ গৈছিল নিজৰ ফেচবুক বন্ধুক বিয়া কৰাবলৈ, যি এতিয়া পাকিস্তান চৰকাৰৰ অনুমোদন লৈ ভাৰতলৈ উভতি আহিব। অঞ্জুৰ পাকিস্তানী স্বামী নছৰুলাই এই তথ্য দিছে। আগষ্ট মাহত পাকিস্তান চৰকাৰে অঞ্জুৰ ভিছা এবছৰৰ বাবে বৃদ্ধি কৰিছিল। ভাৰতৰ পৰা প্ৰেমিকক বিয়া কৰাবলৈ পাকিস্তানলৈ অহা অঞ্জুৱে ধৰ্মান্তৰিত হৈছিল আৰু নছৰুল্লাক বিয়া কৰাই তেওঁৰ নাম সলনি কৰি ফাতিমা কৰা হৈছিল। অঞ্জুৰ পাকিস্তানী স্বামীয়ে পিটিআইক কয় যে আমি ইছলামবাগৰ স্বৰাজ…
Read More
ইজৰাইলৰ দৰে ভাৰতেও ২০২৮-২৯ চনৰ ভিতৰত নিৰ্মাণ কৰিব থলুৱা আইৰন ড’ম, ডি আৰ ডি অ’ই চলাইছে প্ৰস্তুতি

ইজৰাইলৰ দৰে ভাৰতেও ২০২৮-২৯ চনৰ ভিতৰত নিৰ্মাণ কৰিব থলুৱা আইৰন ড’ম, ডি আৰ ডি অ’ই চলাইছে প্ৰস্তুতি

ভাৰতে ২০২৮-২০২৯ চনৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয়ভাৱে স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰতিৰক্ষা ব্যৱস্থাৰ ৩৫০ কিঃমিঃতকৈ অধিক দূৰত্বত অহা ষ্টীল্থ ফাইটাৰ্ছ, বিমান, ড্ৰ’ন, ক্ৰুজ মিছাইল আৰু নিখুঁত গাইড অস্ত্ৰ ধৰা পেলোৱা আৰু ধ্বংস কৰাৰ ক্ষমতা আছে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি সূত্ৰসমূহে প্ৰকাশ কৰিছে যে প্ৰজেক্ট কুশাৰ অধীনত ডি আৰ ডি অ’ই থলুৱা দীৰ্ঘ দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ (এল এম-এছ এ এম) ব্যৱস্থা প্ৰস্তুত কৰি আছে। এই প্ৰকল্পটো ইন্টাৰচেপচন ক্ষমতাৰ সৈতে জড়িত। যদি আমি এই ব্যৱস্থাৰ কথা কওঁ তেন্তে ই শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা ৰাছিয়াৰ এছ-৪০০ ট্ৰাইমফ এয়াৰ ডিফেন্স চিষ্টেমৰ দৰেই হ’ব। ২০২২ চনৰ মে’ মাহত নিৰাপত্তা…
Read More
২০ কোটি টকা দিয়ক, অন্যথা হত্যা কৰা হ’ব! মুকেশ আম্বানীলৈ পুনৰ ভাবুকি ভৰা ই-মেইল

২০ কোটি টকা দিয়ক, অন্যথা হত্যা কৰা হ’ব! মুকেশ আম্বানীলৈ পুনৰ ভাবুকি ভৰা ই-মেইল

পুনৰ হত্যাৰ ভাবুকি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীলৈ। আৰক্ষীৰ তথ্য অনুসৰি ই-মেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰি আম্বানীৰ পৰা দাবী কৰা হৈছিল ২০ কোটি টকা। আৰক্ষীৰ তথ্য অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে মুকেশ আম্বানীয়ে এনে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল। ই-মেইলত লিখা আছিল, “২০ কোটি টকা নিদিলে হত্যা কৰা হ’ব। আমাৰ হাতত দেশৰ ভিতৰতে শ্ৰেষ্ঠ শ্বুটাৰ আছে।" ঘটনাৰ পিছতে আম্বানীৰ ঘৰৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেওঁলোকে জানিব পাৰিছে যে যোৱা ২৭ অক্টোবৰত ছাদাব খান নামৰ এজন ব্যক্তিৰ পৰা এই ভাবুকি আহিছিল। এই ভাবুকিৰ আঁৰত কোনো ডাঙৰ গেং আছে নে নাই সেই বিষয়েও তদন্ত…
Read More
‘অশ্লীল’ পোষ্টত লাইক কৰাটো অপৰাধ হ’ব নোৱাৰেঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘অশ্লীল’ পোষ্টত লাইক কৰাটো অপৰাধ হ’ব নোৱাৰেঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

'অশ্লীল' পোষ্ট এটা লাইক কৰাটো অপৰাধ হ'ব নোৱাৰে। শ্বেয়াৰ কৰা বা পুনৰ পোষ্ট কৰাটো শাস্তিযোগ্য অপৰাধ। এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত এনে পৰ্যবেক্ষণ কৰি মন্তব্য কৰে। আদালতত মহম্মদ ইমৰাণ কাজী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ শুনানি চলি আছিল। সেই গোচৰ খাৰিজ কৰিছিল ন্যায়াধীশ অৰুণ কুমাৰ সিঙে। অবৈধ সমাৱেশৰ এটা পোষ্ট লাইক কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। ন্যায়াধীশগৰাকীয়ে কয়, "আৱেদনকাৰীক কোনো আপত্তিজনক পোষ্টৰ সৈতে সংযোগ কৰিব পৰা কোনো সামগ্ৰী মই পোৱা নাই। কাৰণ আবেদনকাৰীৰ ফেচবুক আৰু হোৱাটছএপ একাউণ্টত কোনো আপত্তিজনক পোষ্ট পোৱা নগ’ল। গতিকে আবেদনকাৰীৰ বিৰুদ্ধে কোনো গোচৰ থাকিব নোৱাৰে।” একে সময়তে তেওঁ কোৱা শুনা যায়, "অভিযুক্তই ফাৰহান উছমানৰ…
Read More