editor

3175 Posts
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৫ জনৰ মৃত্যু, আহত ২৬ জন

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৫ জনৰ মৃত্যু, আহত ২৬ জন

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ দাদৰী বান্ধৰ সমীপত শুকুৰবাৰে এখন ব্যক্তিগত বাছ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাত ৫ জন লোক নিহত হোৱাৰ লগতে ২৬ জন আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জিলা দণ্ডাধীশ প্ৰিয়ংকা নিৰঞ্জনে জানিবলৈ দিয়ে। ভুক্তভোগীৰ ভিতৰত আছে দুটা শিশুও। জানিব পৰা মতে, বাছখনে ৩১ জন যাত্ৰী কঢ়িয়াই সন্ত নগৰৰ পৰা হালিয়ালৈ গৈ থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত বাছখনৰ চালক ৪০ বছৰীয়া সত্যনাৰায়ণৰো মৃত্যু হয়। আনহাতে মমতা (২৬), মণিতা (২৫), অভিষেক (২) আৰু বিষ্ণু কুমাৰ (১০) নামৰ আন কেইজন যাত্ৰীৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এই দুৰ্ঘটনা সংঘটিত হৈছে সন্তনগৰ থানা এলেকাৰ হালিয়া দাদৰী পথত।…
Read More
ধন লৈ সংসদত প্ৰশ্ন কৰাৰ অভিযোগ! ২ নৱেম্বৰত এথিক্স কমিটীৰ সন্মুখত হাজিৰ হ’ব লাগিব TMCৰ সাংসদ মহুৱা মৈত্ৰা

ধন লৈ সংসদত প্ৰশ্ন কৰাৰ অভিযোগ! ২ নৱেম্বৰত এথিক্স কমিটীৰ সন্মুখত হাজিৰ হ’ব লাগিব TMCৰ সাংসদ মহুৱা মৈত্ৰা

সংসদত ধন লৈ প্ৰশ্ন কৰা অভিযোগ সন্দৰ্ভত টিএমচিৰ সাংসদ মহুৱা মৈত্ৰাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে লোকসভাৰ এথিক্স সমিতিয়ে। টিএমচিৰ সাংসদগৰাকীৰ অনুৰোধত এতিয়া এথিক্স সমিতিয়ে তেওঁক ৩১ অক্টোবৰৰ পৰিৱৰ্তে ২ নৱেম্বৰৰ পুৱা ১১ বজাত কমিটীৰ সন্মুখত হাজিৰ হৈ নিজৰ পক্ষত তথ্য দাখিল কৰিবলৈ অনুৰোধ জনাইছে। ধন সন্দৰ্ভত সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু জয় অনন্ত দেহাদ্ৰাইৰ সাক্ষ্যৰ পিছতে ৩১ অক্টোবৰত লোকসভাৰ নৈতিকতা সমিতিয়ে মহুৱা মৈত্ৰাক ফোন কৰি পক্ষ দাখিল কৰিছিল। শুকুৰবাৰে (২৭ অক্টোবৰ) নৈতিকতা সমিতিৰ অধ্যক্ষ বিনোদ সোণকাৰলৈ এখন পত্ৰ লিখিছিল মহুৱা মৈত্ৰাই। য’ত কোৱা হৈছিল যে তেওঁৰ সংসদীয় সমষ্টিত ইতিমধ্যে নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে তেওঁ…
Read More
আকৌ গ্ৰাহকক কন্দুৱাইছে পিঁয়াজে! শীঘ্ৰে ১০০ টকা পৰ্যন্ত হ’ব প্ৰতি কেজি পিঁয়াজৰ দাম…

আকৌ গ্ৰাহকক কন্দুৱাইছে পিঁয়াজে! শীঘ্ৰে ১০০ টকা পৰ্যন্ত হ’ব প্ৰতি কেজি পিঁয়াজৰ দাম…

আকৌ জনতাক কন্দুৱাবলৈ সাজু হৈছে পিঁয়াজে। শেহতীয়াকৈ বিলাহী আৰু পিঁয়াজৰ দামৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটিছে বজাৰত। কম সময়ৰ ভিতৰতে হঠাৎ পিঁয়াজৰ দাম বৃদ্ধি হৈ প্ৰতি কেজি ৬৫ টকাৰ পৰা ৭০ টকা পৰ্যন্ত হৈছেগৈ। শাক-পাচলি বিক্ৰেতাসকলে কয় যে পিঁয়াজৰ দাম আৰু বৃদ্ধি পাব আৰু প্ৰতি কেজিত ১০০ টকা পৰ্যন্ত হ’ব পাৰে। দিল্লীৰ গাজীপুৰ মণ্ডিত এএনআইৰ সৈতে হোৱা কথা-বতৰাত এজন পিঁয়াজ ব্যৱসায়ীয়ে কয় যে বৰ্তমান পিঁয়াজৰ আমদানি কম, যাৰ বাবে দাম বেছি হৈছে। আজি পিঁয়াজৰ দাম প্ৰতি ৫ কেজিত ৩৫০ টকা হৈ পৰিছে, আনহাতে কালি এই দাম আছিল ৩০০ টকা। কিছুদিন আগলৈকে দাম আছিল ২০০ টকা। পিয়াঁজৰ ব্যৱসায়ীজনে আৰু কয় যে যোৱা এসপ্তাহৰ…
Read More
মৰ্মান্তিক! ৰখাই থোৱা টেংকাৰত প্ৰচণ্ড খুন্দা টাটা ছুম’ৰ, ১২ জনৰ থিতাতে মৃত্যু

মৰ্মান্তিক! ৰখাই থোৱা টেংকাৰত প্ৰচণ্ড খুন্দা টাটা ছুম’ৰ, ১২ জনৰ থিতাতে মৃত্যু

কৰ্ণাটকৰ চিক্কাবল্লাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱা ৭.১৫ বজাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত, চিত্ৰৱতী যান-বাহন থানাৰ ঠিক সন্মুখত সংঘটিত হয়। এই ঘটনাত ১২ জনৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত আছে ৮ জন পুৰুষ আৰু ৪ গৰাকী মহিলা। সন্মুখৰ পৰা আহি থকা এখন টাটা ছুমোৱে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা টেংকাৰ এখনত খুন্দা মাৰে। টেংকাৰ আৰু ছুমোৰ সংঘৰ্ষৰ পিছত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ মৃত্যু হয়। সূত্ৰ অনুসৰি ঘন কুঁৱলীৰ বাবে গাড়ী চালকজনে পথৰ কাষত ৰখাই থোৱা টেংকাৰখন দেখা নাপায় আৰু তাৰ…
Read More
৩ হাজাৰ টকা ঘোচ লৈ নিলম্বন সহকাৰী জিলা উপায়ুক্ত দিপাংকৰ কলিতা

৩ হাজাৰ টকা ঘোচ লৈ নিলম্বন সহকাৰী জিলা উপায়ুক্ত দিপাংকৰ কলিতা

ঘোচ বিচাৰি চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাৰী জিলা উপায়ুক্তই। ৰাজ্য চৰকাৰে উৎকোচৰ অভিযোগত নিলম্বন কৰে কামৰূপৰ সহকাৰী জিলা উপায়ুক্ত দিপাংকৰ কলিতাক। জানিব পৰা মতে, বিষয়াগৰাকীয়ে নিজৰ বিভাগৰ চৰকাৰী ফাইল পাছ কৰিবলৈ ধন দাবী কৰাৰ সময়তে হাতেলোটে গ্ৰেপ্তাৰ কৰে চিএম ভিজিলেন্সৰ দলে। ২০২৩ চনৰ ১৬ অক্টোবৰত ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ বিষয়াসকলে আৰম্ভ কৰা ফান্দ অভিযানতহে ৩০০০ টকাৰ দাবী উৎকোচ ধন গ্ৰহণ কৰাৰ লগে লগে গ্ৰেপ্তাৰ কৰে অভিযুক্ত এচিএছ বিষয়াজনক। পৰ্যাপ্ত প্ৰমাণ পোৱাৰ পিছত দিপাংকৰ কলিতাক গ্ৰেপ্তাৰ কৰি বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয় আৰু পুংখানুপুংখ জেৰা আৰু প্ৰয়োজনীয় অনুসৰণমূলক ব্যৱস্থাৰ বাবে চাৰিদিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডত লোৱা হয়। তদুপৰি, ৰাজ্যপালে প্ৰদান কৰা ক্ষমতা…
Read More
মৰিগাঁৱৰ একাধিক বনভোজস্থলীত ১৪৪ ধাৰা জাৰি, জানক সৱিশেষ…

মৰিগাঁৱৰ একাধিক বনভোজস্থলীত ১৪৪ ধাৰা জাৰি, জানক সৱিশেষ…

মৰিগাঁও জিলা প্ৰশাসনে সন্ধিয়া ৫ বজাৰ পিছত পবিতৰা, চনকা, আমচৈ, চৰণবিল, শিৱকুণ্ড, সীতাজখলাকে ধৰি সকলো বনভোজস্থলীত বনভোজকাৰীয়ে সৃষ্টি কৰিব পৰা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰিছে। আনহাতে, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, চনকা, আমচৈ, চৰণবিল, শিৱকুণ্ড, সীতাজখলাকে ধৰি মৰিগাঁও জিলাৰ বিভিন্ন পিকনিক/পৰ্যটনস্থলীত ৰাজহুৱা স্থানত একাংশ মদ্যপান কৰা বনভোজকাৰীয়ে উপদ্ৰৱৰ সৃষ্টি কৰি শান্তি আৰু নিশ্চিন্ততা বিঘ্নিত কৰি অহাৰ খবৰ লাভ হৈছে। তদুপৰি জৈৱ-বিঘ্নিত নহোৱা প্লাষ্টিক ব্যৱহাৰ আৰু দুষ্কৃতিকাৰীয়ে প্ৰাকৃতিক জলভাগ দূষিত কৰি নদীত আৱৰ্জনা পেলোৱাটোৱেও জলজ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ পিছত আইন-শৃংখলা, আৰু জনসাধাৰণৰ শান্তি বজাই ৰাখিবলৈ আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ…
Read More
শীঘ্ৰে ১০ হাজাৰৰো অধিক শিক্ষক-শিক্ষয়ত্ৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰেঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

শীঘ্ৰে ১০ হাজাৰৰো অধিক শিক্ষক-শিক্ষয়ত্ৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰেঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ এক লাখ চাকৰিৰ আন এক পদক্ষেপ ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ নতুন ভৱনত জলসম্পদ বিভাগৰ ৬২জন সহকাৰী অভিযন্তাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ২০২১ৰ মে’ৰ পৰা আমি ধাৰাবাহিকভাৱে নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। এতিয়ালৈ ৮৭,৭৮২ গৰাকীক আমি নিযুক্তি দিছোঁ এতিয়ালৈ। অহা কিছুদিনৰ ভিতৰত ৮ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ নতুন মেডিকেল কলেজসমূহৰ বাবে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। লগতে ১০ হাজাৰৰো অধিক শিক্ষক-শিক্ষয়ত্ৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। জলসম্পদ বিভাগৰ ৬২জন সহকাৰী অভিযন্তাৰ নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমৰ বহু এনেকুৱা ঠাই আছে…
Read More
কাৰাবন্দী আপ সাংসদ সঞ্জয় সিঙৰ ন্যায়িক জিম্মাৰ ম্যাদ ১০ নৱেম্বৰলৈ বৃদ্ধি

কাৰাবন্দী আপ সাংসদ সঞ্জয় সিঙৰ ন্যায়িক জিম্মাৰ ম্যাদ ১০ নৱেম্বৰলৈ বৃদ্ধি

শুকুৰবাৰে (২৭ অক্টোবৰ) ৰাউছ এভিনিউ আদালতে দিল্লী আবকাৰী নীতি গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙৰ ন্যায়িক জিম্মা ১০ নৱেম্বৰলৈ বৃদ্ধি কৰে। ১৪ দিনৰ ন্যায়িক জিম্মাত থকাৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয়। শুনানিৰ বাবে আদালতত হাজিৰ হোৱাৰ পূৰ্বে আপৰ সাংসদগৰাকীয়ে কয় যে ক্ষমতাত থকাসকলৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে আম আদমি পাৰ্টিৰ নেতাজনে। আদালতত জিম্মাত লোৱাৰ শুনানিৰ সময়ত বিশেষ ন্যায়াধীশ এম কে নাগপালে সিঙক সংসদ সদস্য হিচাপে পৰিয়ালৰ খৰচ আৰু ক্ষেত্ৰভিত্তিক কামৰ দুখন চেকত চহী কৰিবলৈ অনুমতি দিয়ে। ন্যায়াধীশগৰাকীয়ে সংশ্লিষ্ট কাৰাগাৰ কৰ্তৃপক্ষক সঞ্জয়…
Read More
ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে জম্মু-কাশ্মীৰত গুলীয়াই হত্যা দুই সন্ত্ৰাসবাদীক

ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে জম্মু-কাশ্মীৰত গুলীয়াই হত্যা দুই সন্ত্ৰাসবাদীক

উত্তৰ কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলত সেনা জোৱানে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰি দুজন সন্ত্ৰাসবাদীক হত্যা কৰে। এই তথ্য ভাগ-বতৰা কৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে কুপৱাৰা আৰক্ষীয়ে দিয়া এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মাছাল খণ্ডত এক এনকাউণ্টাৰ আৰম্ভ হয়, য’ত এতিয়ালৈকে দুজন সন্ত্ৰাসবাদী নিহত হৈছে। অপাৰেচন চলি আছে। আৰক্ষীয়ে জনোৱা মতে, আন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তালাচী অভিযান অব্যাহত ৰখা হৈছে। আৰক্ষী বিষয়াৰ মতে, চোৰাংচোৱা ব্যৱস্থাই ইতিমধ্যে জানিব পাৰিছিল যে কুপৱাৰাৰ নিয়ন্ত্ৰণ ৰেখাত এদল সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে। এই তথ্যৰ ভিত্তিত নিৰীক্ষণ ৰখা হৈছিল। যোৱা এসপ্তাহত জম্মু-কাশ্মীৰৰ ভিতৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে দেওবাৰে সেনাই উৰি ছেক্টৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ বিফল কৰি দুজন সন্ত্ৰাসবাদীক…
Read More
মৰ্মান্তিক! ঘৰৰ সামান্য কাজিয়াৰ বাবেই বৃদ্ধা মাতৃক নৃশংসভাৱে হত্যা পাষাণ পুত্ৰৰ

মৰ্মান্তিক! ঘৰৰ সামান্য কাজিয়াৰ বাবেই বৃদ্ধা মাতৃক নৃশংসভাৱে হত্যা পাষাণ পুত্ৰৰ

মহাৰাষ্ট্ৰত পোহৰলৈ আহিছে এজন কলিযুগৰ পুত্ৰৰ এক ভয়ানক কাণ্ড। খাদ্য পৰিবেশনক লৈ সামান্য বিবাদৰ অন্তত এজন ২৬ বছৰীয়া যুৱকে নিজৰ মাতৃক নৃশংসভাৱে হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে (২৫ অক্টোবৰ) এই ঘটনাৰ সময়ত গুৰুতৰভাৱে জ্বলি যোৱা মহিলাগৰাকীৰ বৃহস্পতিবাৰে (২৬ অক্টোবৰ) পুৱা আলিবাউগৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়। মহিলাগৰাকীৰ নাম চাংগুনা নামদেৱ খোট, অভিযুক্ত পুত্ৰৰ নাম জয়শ। অপৰাধ সংঘটিত কৰাৰ পিছত তেওঁ পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁক ঘেৰি ধৰি হাবিৰ পৰা গ্ৰেপ্তাৰ কৰে। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ ৰেৱদাণ্ডাৰ সমীপৰ নৱখাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰে সন্ধিয়া মানুহজনৰ মাতৃৰ সৈতে ৰন্ধা-বঢ়াৰ সন্দৰ্ভত বিবাদ হৈছিল। তাৰ…
Read More