Dipshikha

2951 Posts
জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

জম্মু-কাশ্মীৰৰ সীমান্তৰ গুৰেজ ছেক্টৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় গুলীচালনা। নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দেখা গৈছিল এই ২ সন্ত্ৰাসবাদীক, তেওঁলোকে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে জোৱানৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা দুজন সন্ত্ৰাসবাদীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে। ভাৰতীয় সেনাই প্ৰদান কৰিছে। বুধবাৰে ২৭ আগষ্টত সেনাই এই তালাচী অভিযান আৰম্ভ কৰিছিল
Read More
অসুস্থ ড’নাল্ড ট্ৰাম্প

অসুস্থ ড’নাল্ড ট্ৰাম্প

অসুস্থ ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ অসুস্থতাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু হৈছে জে ডি ভ্যান্স। খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ সুস্থ নহয়।যোৱা কিছু দিন ধৰি এনে বাতৰি সঘনে প্ৰকাশ পাইছে। এনে খবৰৰ মাজতে আহিছে আন এক ডাঙৰ খবৰ। ড’নাল্ড ট্ৰাম্পৰ অসুস্থতাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে জেডি ভ্যান্স। ট্ৰাম্পৰ অসুস্থতাৰ কথা উল্লেখেৰে উপ-ৰাষ্ট্ৰপতি জেডি ভ্যান্সে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু বুলি মন্তব্য কৰিছে
Read More
ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি ? 

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি ? 

বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায় । মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয় । বৰ্তমান মানুহৰ মাজত আধুনিক জীৱনশৈলীৰ বাবে যিবোৰ সমস্যাই গা কৰি উঠিছে, সেইবোৰৰ ভিতৰত অন্যতম হৈছে ফেটি লিভাৰ । কিছুবছৰ পূৰ্বে এই ৰোগ সম্পৰ্কে মানুহৰ মাজত বিশেষ ধাৰণা নাছিল । কিন্তু বৰ্তমান সময়ত বয়স্ক লোকৰ পৰা আৰম্ভ কৰি কম বয়সৰ ল'ৰা-ছোৱালীৰ মাজতো এই সমস্যা বাৰুকৈয়ে পৰিলক্ষিত হয় ।এইমছ দিল্লীৰ গৱেষণাৰ মতে সাধাৰণতে মদ্যপান কৰা লোকৰ ক্ষেত্ৰত ফেটি লিভাৰ দেখা যায় যদিও আজিকালি মদ্যপান নকৰা লোকৰ ক্ষেত্ৰতো ই দ্ৰুতগতিত বৃদ্ধি পাইছে, যাক নন-এলকহলিক ফেটি লিভাৰ ডিজিজ…
Read More
আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা। আমেৰিকাৰ সময় অনুসৰি ২৭ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা ভাৰতত এই শুল্ক কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ শুল্ক ৫০% লৈ বৃদ্ধি পাব।ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় ,কৰাৰ পৰিপ্ৰেক্ষিততেই ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰে আমেৰিকাই।কিন্তু, ৩টা চৰ্ত আছে?সামগ্ৰী লোডিঙৰ চৰ্ত: যদি ভাৰতৰ পৰা পঠোৱা সামগ্ৰীসমূহ ২৭ আগষ্ট ২০২৫ তাৰিখৰ দুপৰীয়া ১২:০১ বজাৰ আগতে (আমেৰিকাৰ সময়) জাহাজত ভৰাই আমেৰিকালৈ ৰাওনা হয়, তেন্তে ইয়াৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাথাকিব। প্ৰৱেশৰ…
Read More
ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক খেদিবলৈ এফালৰ পৰা চলাই গৈছে বুলড'জাৰ।বনবিভাগ আৰু প্ৰশাসনে গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে গছপুলি ৰোপণ। ১৩৮ হেক্টৰ ভূমিত ৩ লাখ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷এই গছপুলি ৰোপণৰ জৰিয়তে অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে অঞ্চলটো সেউজীয়া কৰি প্ৰদুষণমুক্ত অঞ্চল হিচাবে গঢ়ি তুলিব বন বিভাগে।
Read More
শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল যদিও এতিয়া ইয়াৰ সংখ্যা কমি আহিছে। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।মূলতঃ ৰাসায়নিক পদাৰ্থযুক্ত প্ৰাণীৰ মৃতদেহ ভক্ষণৰ বাবেই শগুনৰ মৃত্যু ঘটনা বিভিন্ন সময়ত আমি দেখি আহিছোঁ। যাৰ বাবে বিশেষজ্ঞসকলে সংৰক্ষণৰ প্ৰচেষ্টাত তৃণমূল পৰ্যায়ৰ লোকক অধিক জড়িত হোৱাৰ আহ্বান জনাইছে।শগুনৰ প্ৰধান খাদ্য হিচাপে পৰিগণিত জীৱ-জন্তুৰ মৃতদেহত ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী (NSAID) ঔষধ ব্যৱহাৰ কৰাৰ ফলতেই ৰাজ্যখনত ইয়াৰ জনসংখ্যা হ্ৰাস পোৱা পাবলৈ ধৰিছে।
Read More
এক মৰ্মান্তিক ঘটনা

এক মৰ্মান্তিক ঘটনা

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ । পিতা-পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল । খগেন বৰুৱা (৪৫) নামৰ লোকজনে নিজৰ বাহনখনেৰেই পুত্ৰক লৈ বিদ্য়ালয়লৈ যাত্ৰা কৰাৰ সময়তেই ৰাজপথতেই ৰৈ আছিল মৃত্য়ুদূত । হঠাতেই ঘটিল কোনোৱে নভৱা হৃদয়বিদাৰক ঘটনাটো ।এই দুৰ্ঘটনাৰ ফলত খগেন বৰুৱাই চলাই যোৱা বাহনখন চুচূৰ্মৈ হৈ পৰে । আনহাতে ব'লেৰ' পিকআপখন পথৰ ওপৰতে বাগৰি পৰে ৷ বাহনত অহা মৰাণৰ পথালিবামৰ খগেন বৰুৱা আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) থিতাতে নিহত হয় ৷চাৰিলেনযুক্ত পথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতে মৰাণত এটাৰ পাছত আন এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ মাজতে আজি পুনৰ এক…
Read More
বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব !

বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব !

সংসদত গৃহীত অনলাইন গেমিং বিধেয়ক অনুসৰি বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব ! নতুন স্পনছ'ৰৰ প্ৰক্ৰিয়া আৰম্ভ ।সংসদৰ বৰ্ষাকালীন অধিৱেশনত অনলাইন গেমিং বিল গৃহীত হোৱাৰ পিছতে ফেণ্টাচি স্প'ৰ্টছ কোম্পানী 'Dream 11' ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য স্পনছ'ৰশ্বিপৰ পৰা বাদ পৰিছে । লগে লগে বি চি চি আই নতুন স্পনছ'ৰৰ সন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে অহা মাহত এছিয়া কাপ অনুষ্ঠিত হ'ব । তেতিয়ালৈ ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ মুখ্য স্পনছ'ৰ কোন হ'ব সেয়া চূড়ান্ত হোৱাৰ সম্ভাৱনা নাই ।
Read More
চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক

চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক

চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক ৷ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা বুলি নিউজৱায়াৰ লংকাই খবৰ প্ৰকাশ কৰিছে ৷বিষয়টোৰ সৈতে পৰিচিত বিষয়াসকলৰ উদ্ধৃতি দি নিউজৱায়াৰে প্ৰকাশ কৰিছে যে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কলম্বোৰ অপৰাধ অনুসন্ধান বিভাগৰ (চি আই ডি) সন্মুখত হাজিৰ হোৱাৰ পিছতহে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে লণ্ডনলৈ যোৱা ৰানিল উইক্ৰেমসিংহই ব্যক্তিগত ভ্ৰমণৰ খৰচৰ বাবদ ব্যয় কৰিছিল চৰকাৰী ধন ৷ যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ৷
Read More
এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল

এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল

এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল। কেৱল সিমানেই নহয়, দলটোৰ এতিয়া নাম সলনিৰ দিশেও আগবাঢ়িছে ভাৰতীয় স্বত্বাধিকাৰগৰাকী। ইংলেণ্ডৰ এই দলটো ক্ৰয় কৰিছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে।সমগ্ৰ ক্ৰিকেট বিশ্বত সাম্প্ৰতিক সময়ত বাণিজ্যিক দিশত আন দেশতকৈ বহুগুণে আগবাঢ়ি আছে ভাৰত। বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে পৰিগণিত হৈ আহিছে ভাৰতৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল। ক্ৰিকেটৰ বাণিজ্যিক দিশত ভাৰতৰ এই উত্থান ইংৰাজ ভূমিতো পৰিলক্ষিত হৈছে। এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল।তথ্য অনুসৰি ৰিলায়েঞ্চে এই ইংৰাজ দলটোৰ ৪৯ শতাংশ অংশীদাৰিত্ব ৬ কোটি পাউণ্ড (প্ৰায় ৭০৮ কোটি টকা)ত ক্ৰয় কৰিছে। আৰু এতিয়া তেওঁলোকে ‘Oval…
Read More