Dipshikha

3401 Posts
বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র । “ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্রতিজ্ঞা” শীর্ষক সংকল্প পত্ৰখনৰ যোগেদি বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইস্তাহাৰ তথা সংকল্প পত্রখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।
Read More
ৰাজ্যত হব ধাৰাসাৰ বৰষুণ

ৰাজ্যত হব ধাৰাসাৰ বৰষুণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা থকাৰ কথা ৰাজহুৱা কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। একেদৰে কেইবাঠাইত ৭০-৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ কথাও জানিবলৈ দিয়ে। বতৰৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। তাৰোপৰি বিভিন্ন এলেকাত অ’ৰেঞ্জ এলাৰ্ট, ইয়েল এলাৰ্ট জাৰি কৰিছে।ওদালগুৰি, বৰপেটা আৰু নলবাৰী জিলাত জাৰি কৰিছে অ’ৰেঞ্জ এলাৰ্ট। এইকেইখন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকণি অহাৰ প্ৰবল সম্ভাৱনা আছে।
Read More
বিপদত ট্ৰাম্প

বিপদত ট্ৰাম্প

বিপদত ট্ৰাম্প! নিজ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৫০খনকৈ চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৱাশ্বিংটনত ‘ন’ কিংছ’ ৰেলী উলিয়াই প্ৰতিবাদ জনতাৰ। লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে শাসন কৰাৰ অভিযোগ জনতাৰ। লোকতন্ত্ৰৰ বিৰুদ্ধে ট্ৰাম্প ক্ষতিকাৰক বুলি উল্লেখ প্ৰতিবাদকাৰীৰ।
Read More
দুৰ্নীতিৰ সৈতে জড়িত কোনো নেতা সাৰি যাব নোৱাৰে

দুৰ্নীতিৰ সৈতে জড়িত কোনো নেতা সাৰি যাব নোৱাৰে

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক গ্ৰেপ্তাৰ কৰাৰ পাছত দেশখনত একাংশই প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে প্ৰতিবাদ আৰু প্ৰতিৰোধৰ মাজতো দেশখনৰ নতুন প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ঘোষণা কৰিছে যে, দুৰ্নীতিৰ সৈতে জড়িত কোনো নেতা সাৰি যাব নোৱাৰে। যিমান প্ৰতিবাদ-প্ৰতিৰোধ হ'লেও দুৰ্নীতি নিৰ্মূলৰ বাবে আমি যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া কৰিবলৈ সাজু।এই এজেণ্ডাৰ কথামতেই দেশখনত দুৰ্নীতিৰ সৈতে জড়িত গ্ৰেপ্তাৰ হোৱা প্ৰথম দুগৰাকী ব্যক্তি হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী।ইফালে চৰকাৰে স্পষ্টকৈ ইংগিত দিছে যে এই কাৰ্য কেৱল গ্ৰেপ্তাৰতে সীমাবদ্ধ নাথাকিব। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ হৈছে। এই পৰিকল্পনাৰ অধীনত প্ৰথম পৰ্যায়ত ২০০৬ চনৰ পৰা ২০২৬…
Read More
ঔটেঙাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ঔটেঙাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ঔটেঙা (Elephant Apple) অসমীয়া খাদ্য সংস্কৃতিৰ এটি অতি স্বাস্থ্যসন্মত আৰু ঔষধি গুণসম্পন্ন টেঙা ফল। ভিটামিন C, A আৰু প্ৰচুৰ ফাইবাৰ থকা বাবে ই হজম শক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণ, উচ্চ ৰক্তচাপ হ্ৰাস আৰু চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ই এণ্টি-অক্সিডেন্ট সমৃদ্ধ হোৱাৰ বাবে বৃক্কৰ (Kidney) ৰোগতো সুফল দিয়ে।ঔ টেঙাৰ প্ৰধান উপকাৰিতা:হজম শক্তি বৃদ্ধি: ঔ টেঙাত থকা ফাইবাৰে পেটৰ পাচনতন্ত্ৰ সুস্থ ৰাখে আৰু কোষ্ঠকাঠিন্যতা দূৰ কৰে।ডায়েবেটিছ নিয়ন্ত্ৰণ: ই তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ বাবে ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী।ৰোগ প্ৰতিৰোধ ক্ষমতা: প্ৰচুৰ ভিটামিন C থকাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।চকু আৰু ছালৰ বাবে:…
Read More
কাজিৰঙাত ভয়ংকৰ ঘটনা

কাজিৰঙাত ভয়ংকৰ ঘটনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা (কহঁৰা) বনাঞ্চলত বৃহস্পতিবাৰে এজন বনকৰ্মী গুলীবিদ্ধ হয় ৷ গৰৈমাৰী বনশিবিৰত ‘পেট্ৰলিঙ’ কৰি বেঙা বনশিবিৰৰ পিনে আহি থকা সময়তে পিচল পৰি দুৰ্ঘটনাবশত বনকৰ্মীজন গুলীবিদ্ধ হয় ৷ কাজিৰঙা (কহঁৰা) বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে কয়, “কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত গৰৈমাৰী বনশিবিৰত কৰ্মৰত লাহন কাৰ্দং নামৰ এজন দ্বিতীয় এ এফ পি এফৰ কনিষ্টবলৰ আজি এটা ফায়াৰিং হোৱাত তেওঁৰ ভৰিত আঘাতপ্ৰাপ্ত হৈছে ৷ তেওঁৰ নিজৰ যিটো ছাৰ্ভিছ ৰাইফল আছিল তাৰপৰা গুলী গৈ তেওঁৰ সোঁ ভৰিত আঘাত কৰিছে ৷”
Read More
পানীত পৰিল বাছ

পানীত পৰিল বাছ

বাংলাদেশৰ পদ্ম নদীত এখন যাত্ৰীবাহী বাছ ডুব যোৱাৰ ফলত ২৩ জন লোক নিহত হোৱাৰ লগতে লগতে আন কেইবাজনো লোক এতিয়াও সন্ধানহীন হৈ আছে ৷ ৰাজবাৰীৰ দক্ষিণ-পশ্চিম জিলাৰ দৌলদিয়া টাৰ্মিনেলত বাছখন এখন পৰিবহণ ফেৰীত উঠিবলৈ লওতেই পদ্ম নদীত ডুব যায় ৷ বুধবাৰে সন্ধিয়া প্ৰায় ৫:১৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৷বিষয়াসকলে অনুমান কৰা মতে, ঢাকা অভিমুখী বাছখনত কেইবাটাও শিশুকে ধৰি প্ৰায় ৪০ জন যাত্ৰী আছিল; বেছিভাগেই ঈদৰ বন্ধৰ পিছত ৰাজধানীলৈ উভতি আহিছিল ৷
Read More
অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ

অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ

অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ। ৰাজ্যৰ জনতাই ৰন্ধন গেছৰ বিচাৰি ঘন্টাৰ ওপৰত ঘন্টা শাৰী পাতিবলগীয়া হোৱা সময়তে আকৌ ভূতৰ ওপৰত দানহ পৰাদি পেট্ৰ'ল-ডিজেলৰ নাটনিয়ে দেখা দিছে অসমত।প্ৰায় প্ৰতিটো পেট্ৰ'ল পাম্পতে তেলৰ নাটনিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। পুৱাৰ পৰা নিশালৈ পে’ট্ৰল পাম্পত জনতাই পাতিছে দীঘলীয়া শাৰী।এইখিনিতে উল্লেখ কৰিব লাগিব যে- এই সমূহ দৃশ্যই প্ৰমাণ কৰিছে মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ বিপৰীত ছবি। যাৰ বাবে আশংকাত ভুগিছে এতিয়া ৰাজ্যবাসী।মুখ্যমন্ত্ৰীয়ে আশ্বাস ঠিকেই দিছে , কিন্তু এই দৃশ্যসমূহ দেখাৰ পাছত সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন সচাঁকৈ নাটনি হ'ব নেকি পেট্ৰ'ল-ডিজেল।
Read More
সাধাৰণ মৃত্যু আছিল জুবিনৰ

সাধাৰণ মৃত্যু আছিল জুবিনৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰ'নাৰ্ছ আদালতে ৰায় প্ৰদান কৰিছে ।কৰ'নাৰ্ছ আদালতৰ ৰায়দান অনুসৰি দুৰ্ঘটনাৱশতঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ । হত্যা বা সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰ অভিযোগ সন্দৰ্ভতো কোনো তথ্য-প্ৰমাণ পোৱা নাই । জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে' হোৱা নাই বুলি ক'ষ্ট গাৰ্ডে দিয়া তথ্যকো আদালতে সমৰ্থন কৰিছে ।
Read More
ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

কংগ্ৰেছ সংসদীয় পাৰ্টীৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কংগ্ৰেছৰ বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে মঙলবাৰে অসুস্থ অনুভৱ কৰাত ততাতৈয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই বিষয়ে সদৰী কৰিছে কংগ্ৰেছ দলৰ এক সূত্ৰই । "মঙলবাৰে সন্ধিয়া অসুস্থ হোৱাত কংগ্ৰেছ সংসদীয় পাৰ্টীৰ অধ্যক্ষ ছোনিয়া গান্ধীক ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।"
Read More