চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক

চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক ৷ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা বুলি নিউজৱায়াৰ লংকাই খবৰ প্ৰকাশ কৰিছে ৷বিষয়টোৰ সৈতে পৰিচিত বিষয়াসকলৰ উদ্ধৃতি দি নিউজৱায়াৰে প্ৰকাশ কৰিছে যে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কলম্বোৰ অপৰাধ অনুসন্ধান বিভাগৰ (চি আই ডি) সন্মুখত হাজিৰ হোৱাৰ পিছতহে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে লণ্ডনলৈ যোৱা ৰানিল উইক্ৰেমসিংহই ব্যক্তিগত ভ্ৰমণৰ খৰচৰ বাবদ ব্যয় কৰিছিল চৰকাৰী ধন ৷ যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *