Dipshikha

3313 Posts

কাছাৰৰ দিগৰখালত পুনৰ জব্দ এখন বার্মিজ চুপাৰী ভৰ্তি ট্রাক।

কাছাৰৰ দিগৰখালত পুনৰ জব্দ এখন বার্মিজ চুপাৰী ভৰ্তি ট্রাক।আজি কাছাৰৰ দিগৰখাল ছয় নম্বৰ ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে এক অভিযান চলায় আটক কৰিবলৈ সক্ষম হয় NL -01AE-0542, নম্বৰৰ এখন বার্মিজ চুপাৰী ভৰ্তি ট্রাক। অসম মিজুৰাম সীমান্ত লায়লাপুৰৰ পৰা চুপাৰী লৈ অহা সময়ত দিগৰখালত আৰক্ষীয়ে এক অভিযান চলায় আটক কৰিবলৈ সক্ষম হয়।ট্রাক খন আটক কৰিবলৈ সক্ষম হলেও পলাই যাবলৈ সক্ষম হয় চালক আৰু সহ চালক। বর্তমান ট্রাক খন কালাইন আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
Read More

দক্ষিণ কামৰূপৰ কানহাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা

দক্ষিণ কামৰূপৰ কানহাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা নম্বৰ বিহীন স্কুটি আৰু মেজিক ভেন গাড়ীৰ মুখামূখী সংঘৰ্ষত আহত হৈছে দুগৰাকী কিশোৰী আহত দুজন হৈছে কানহাৰাৰ মমতাজ বেগম আৰু আকলিমা পাৰবীন বুলি জানিব পৰা গৈছে। আহতদ্বয়ক ততাতিয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তী কৰোৱা হয় যদিও সংকটজনক অৱস্থাত মমতাজ বেগমক জি এম চি এইচলৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ইপিনে দূৰ্ঘটনা সংঘটিত কৰিয়ে পলাই যায় মেজিক ভেনৰ চালকজন ৷ জানিব পৰা মতে কিশোৰী দুগৰাকী টুক্ৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলত অধ্যয়নত ছাত্ৰী আছিল। সন্মুখৰ পৰা আহি থকা মেজিক ভেনখনে নিয়ন্ত্ৰণ হেৰাই ছাত্ৰী দুগৰাকীয়ে বহি থকা অৱস্থাত স্কুটিখনত খুন্দিয়াই বুলি জানিব পৰা গৈছে।আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।
Read More

গৌৰীপুৰত উন্নতজাতৰ চোৰাং গৰু সহ পাঁচ জনকৈ চোৰাং গো-সৰবৰাহকাৰীক আটক

গৌৰীপুৰত উন্নতজাতৰ চোৰাং গৰু সহ পাঁচ জনকৈ চোৰাং গো-সৰবৰাহকাৰীক আটককাৰ ছত্ৰছায়াত ধুবুৰী জিলাত আকৌ গা - কৰি উঠিছে চোৰাং গৰুৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত ৰমৰমীয়া বাবে চলি আছে চোৰাং গৰুৰ অবৈধ বেহা ৷ বহিঃৰাজ্য পশ্চিম বংগৰ পৰা প্ৰতিদিনে ন- ন কৌশল অৱলম্বন কৰি অসম আৰক্ষীৰ চকুত ধুলি দি অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলে দি চলাই আছে চোৰাং গৰুৰ অবৈধ বেহা। আজি গৌৰীপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পোম খেদি এখন গৰু কঢ়িওৱা অনা বলেৰো পিক আপ ভেন সহ ৬ টাকৈ উন্নতজাতৰ গৰু সহ পাঁচ জন কৈ গৰু সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষী থানাৰ টাউন উপ পৰিদৰ্শক…
Read More

সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ

সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ। ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই যেতিয়ালৈকে ইচ্ছা কৰে তেতিয়ালৈকে তেওঁ AASU ৰ মজিয়াত সন্মানীয় স্থানত বিৰাজমান হৈ থকাৰ প্ৰস্তাৱশিক্ষাত মাধ্যম বিতৰ্ক পৰিহাৰ কৰি চৰকাৰে বিষয়টোত হাত নিদিবলৈ প্ৰস্তাৱকা সন্দৰ্ভত AASU ৰ স্থিতি স্পষ্ট কৰি কা বাতিল কৰাৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণনামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ। অসমৰ কেইবাখনো বিশ্ব বিদ্যালয়ৰ শৈক্ষিক মান দণ্ডক লৈ AASU ৰ অসন্তুষ্টি।শীঘ্ৰেই এনে বিশ্ব বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণঅসমক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবই লাগিব।ইয়াক লৈ প্ৰস্তাৱ প্রাৰ্থমিক পৰ্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত কাৰিকৰী আৰু অ কাৰিকৰী বিভাগৰ ছাত্ৰ ছাত্ৰীৰ…
Read More

দুলীয়াজান টিংৰাই জাতীয় বিদ্যালয়ত অঘটন

দুলীয়াজান টিংৰাই জাতীয় বিদ্যালয়ত অঘটনবিদ্যালয়ত বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ চলি থকা অৱস্থাত হঠাৎ ১৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী অচেতন হৈ পৰে ।ততাতৈয়াকৈ বিদ্যালয়ৰ কতৃপক্ষই অসুস্থ হৈ পৰা ছাত্ৰ ছাত্ৰীক টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।প্ৰাথমিক চিকিৎসা কৰাৰ পিছত চিকিৎসকে আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে ।কিন্তু এতিয়ালৈ ৰোগৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।
Read More

মাৰ্ঘেৰিটা বৃহত পৰিমানৰ ড্রাগছসহ যুৱক আটক।

মাৰ্ঘেৰিটা বৃহত পৰিমানৰ ড্রাগছসহ যুৱক আটক। মাৰ্ঘেৰিটাত নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে অভিযান।নিতৌ আটক হৈছে ন ন ড্ৰাগছ সৰবৰাহকাৰী।ইয়াৰ পিছতো কিন্তু ড্রাগছ কানি আদি নিচাযুক্ত দ্রব্য প্রচলন বন্ধ হোৱা নাই মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাৰ নগৰকে ধৰি ইয়াৰ উপকণ্ঠ বিভিন্ন অঞ্চলসমূহ ড্ৰাগছৰ মুকলি বেহা চলি থকাটো সৰ্বজন বিদিত। আজি মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রতাপ গগৈৰ নেতৃত্বত মাৰ্ঘেৰিটা নগৰৰ ১নং লাজুমত চলোৱা এক অভিযানত ড্ৰাগছসহ আটক হয় এজন যুৱকক। আটকাধীন যুৱকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে চাবোনৰ বাকচত ভৰাই থোৱা ৯ বাকচ ড্রাগছ,(১১২.৬৮ গ্ৰাম)জব্দ কৰা হয়। ড্ৰাগছখিনি অনুমানিক বজাৰ মূল্য প্ৰায় ২,৫০ লাখ। আৰক্ষীয়ে গোপন সুত্রৰ ভিত্তিত মাৰ্ঘেৰিটা ১নং লাজুম স্থিত পৱন…
Read More

গোৰেশ্বৰৰ নাওকাটাত সংঘটিত হৈছে ভংয়কৰ অগ্নি কাণ্ড

গোৰেশ্বৰৰ নাওকাটাত সংঘটিত হৈছে ভংয়কৰ অগ্নি কাণ্ড ।৫ বিঘাত কৈ অধিক খেতি জাহ গ'ল অগ্নি কাণ্ডৰ ফলত। আজি বিয়লি প্ৰায় ১:৩০ বজাত গোৰেশ্বৰৰ ৰাজহ চক্রৰ অন্তৰ্গত পুৱ নাওকাটাত সংঘটিত হয় এক অগ্নিকাণ্ড ঘটনা।ধান খেৰ জ্বলাই দিয়াৰ ফলত সংঘটিত হয় এই ঘটনা।। হঠাৎ জ্বইৰ লেলিহান শিখাই আগুৰি ধৰি অঞ্চল। ঘটনাস্থলিত উপস্থিত হৈ নিৰ্বাপক কৰে জুই।
Read More

মাৰ্ঘেৰিটাত শালি ধানৰ পথাৰত বন্যহস্তী উপদ্ৰৱ

মাৰ্ঘেৰিটাত শালি ধানৰ পথাৰত বন্যহস্তী উপদ্ৰৱ। মাৰ্ঘেৰিটাৰ ৰিতুপথাৰত শ শ বিঘা পকা শালিধানৰ খেতি নষ্ট বনৰীয়া হাতীজাকৰ।বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে টোপনি সৰিছে গঞা ৰাইজৰ।ইনথেম ৰিতুপথাৰত শ শ বিঘা পকা শালি ধানৰ পথাৰ নষ্ট কৰিলে বন্যহস্তীয়ে। স্থানীয় ৰাইজৰ অভিযোগ যে ডিগবৈ বন সংমণ্ডল তথা মাৰ্ঘেৰিটা পূৱ বনাঞ্চলিক কাৰ্যলয়ত ৰাইজে বন্যহস্তী উপদ্ৰৱৰ বিষয়ে বহু আবেদন নিৱেদন কৰি আহিছে যদিও বন বিভাগে তিলমানো গুৰুতৰ প্ৰদান কৰা নাই।ফলত উপায়হীন গঞা ৰাইজে বছৰটো ভাত মুঠি যোগাৰৰ বাবে জীউটো হাতৰ মুঠিত লৈ নিশা ধাননী পথাৰত পহৰা দিবলৈ বাধ্য হৈ পৰিছে।গঞা ৰাইজৰ তীব্ৰ ক্ষোভ বন বিভাগৰ বিষয়া কৰ্মচাৰী বিৰুদ্ধে।বন্য হাতীক ৰোধিবলৈ বন বিভাগৰ হাতত…
Read More

অবৈধ ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ জোৰশিমুলী আৰক্ষী এলেকাধীন ভাউৰীয়াভিঠাত অবৈধ ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই আজি ভাউৰীয়াভিঠাত অতৰ্কিতভাৱে অভিযান চলায়৷ আৰক্ষীৰ অভিযানত ভাউৰীয়াভিঠা গাঁৱৰ মৈজুদ্দিনৰ নিজৰ ঘৰত গোপনে ৰোপন কৰা কেইবাটাও ভাংগছ কাটি ধ্বংস কৰে৷ পিচত আৰক্ষীয়ে ভাংগছ কেইটা জ্বলাই নষ্ট কৰে৷ আৰক্ষীয়ে ধ্বংস কৰা ভাংখিনিৰ বজাৰ মূল্য আনুমানিক ডেৰ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে।
Read More

চৰকাৰৰ ঘৰত সিন্ধী খান্দিলে চোৰে

চৰকাৰৰ ঘৰত সিন্ধী খান্দিলে চোৰে ৷ নিলে বহুতো আজবাব পত্ৰ ৷ চাঞ্চল়্য বকোৰ ছমৰীয়া অঞ্চলত।উল্লেখ্য যে কামৰূপ জিলাৰ ছমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত তলা ভাঙি চোৰে লুটিলে বহুত সা-সামগ্ৰী ৷ তিনিটা দৰ্জাৰ তলা ভাঙি ৰাজহ চক্ৰ কাৰ্যালয় গৃহত প্ৰৱেশ কৰি ১৬ টা বেটাৰী, কম্পিউটাৰৰ সা-সামগ্ৰী চোৰে লুটি নিয়ে ৷ ৰাতিপুৱা ৰাহজ চক্ৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনে কাৰ্যালয় খুলিবলৈ আহি তলা ভঙা প্ৰত্যক্ষ কৰি হুৱদুৱা লগায় ৷ পিছত ছমৰীয়া আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কালী চৰন ৰয়ে তদন্ত আৰম্ভ কৰে ৷ কাৰ্যালয়ৰ সন্মূখত জংঘলত চোৰৰ দলটোৱে কম্পিউটাৰৰ ই পি এচ, ফিটা আদি পেলাই থৈ যায় ৷ এই ঘটনাই অঞ্চলটোত…
Read More