Dipshikha

3313 Posts

মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী।

কিছুদিন পূৰ্বে নগাঁও জিলাৰ নিজ ধিং গাঁৱৰ পৰা ৰাইজে কৰায়ত্ত কৰি ধিং আৰক্ষীক চমজাই দিয়া কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আচমিনা খাতুন মিনা এইবাৰ মৈৰাবাৰী আৰক্ষীৰ জালত।আজি সন্দিয়া মৈৰাবাৰী থানাৰ নিকটৱৰ্তী পেট্ৰল পাম্পৰ ওচৰৰ পৰা দুজনকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক মৈৰাবাৰী আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাই ৪৪ টা ড্ৰাগছ ভৰ্তি কেণ্টিনাৰ,দুটা মোবাইল ফোন আৰু এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ সহ হাতে লুটে গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে-ধিংৰ ১০ নং ৱাৰ্ডৰ আচমিনা খাতুন মিনা আৰু হৰজত আলি বুলি জানিব পৰা গৈছে।আনহাতে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুজনক মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোচ অব্যাহত ৰাখিছে।
Read More

বিজনী ৰেলৱে ষ্টেচনত DYFIৰ প্ৰতিবাদ কাৰ্যসূচী

বিজনী ৰেলৱে ষ্টেচনত DYFIৰ প্ৰতিবাদ কাৰ্যসূচী । NFRৰ GM লৈ স্মাৰক পত্ৰ প্ৰেৰণ ।আজি দিনৰ ১১ বজাত বিজনী ৰেলৱে ষ্টেচনত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ( DYFI)ৰ বঙাইগাঁও চিৰাং জিলা কমিটিৰ উদ্যোগত ৯ দফা দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে কভিড ১৯ৰ পৰিস্থিতিৰ ফলত বন্ধ হৈ থকা ৰেল পৰিসেৱা সমূহ পুনৰ পৰিসেৱা প্ৰাপ্তিৰ লগতে হাওৰা আৰু দক্ষিণ ভাৰতগামী ৰেল পৰিসেৱা পোৱাৰ দাবিত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। লগতে লোকাল ট্ৰেন সমূহ এক্সপ্ৰেছ নাম দি অধিক ভাৰা বৃদ্ধি কৰা বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজনী ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰৰ যোগে NFR GM লৈ ৯ দফা…
Read More

বিজনীত চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছৰ মূল্য বৃদ্ধি পৌৰকৰ বৃদ্ধিক লৈ তিনি ঘন্টায়া ধৰ্ণা কাৰ্যসূচী ।

এফালে আকাশলংঘী মূল্য বৃদ্ধি আন ফালে পৌৰকৰ বৃদ্ধিক লৈ অতিষ্ঠ সাধাৰণ জনতা । সেয়ে আজি চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছৰ উদ্যোগত বিজনী মহকুমা ধিপতিৰ কাৰ্যালয়ত সন্মুখত তৃণমূল কংগ্ৰেছৰ মূল্য বৃদ্ধি আৰু পৌৰকৰ বৃদ্ধিক লৈ তিনি ঘন্টায়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । তৃণমূল কংগ্ৰেছে আজি আকাশ লংঘী মূল্য বৃদ্ধিক লৈ ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।উক্ত তিনি ঘন্টীয়া ধৰ্ণাত বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক ‌, পৌৰকৰ হ্ৰাস কৰক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে বিজনী মহকুমাৰ সন্মুখ ।
Read More

কোভিড ভেকচিন লোৱা সকলৰ বাবে দুখবৰ!

আপুনি কোভিড ভেকচিন লৈছিল নেকি?যদি লৈছিল তেন্তে আপোনাৰ বাবে আহিছে বেয়া খবৰ।কিয়নো কোভিড ভেকছিনে বৃদ্ধি কৰে হাৰ্ট এটেকৰ আশংকা , মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত বেছি বিপদৰ আশংকা! মাৰ্কিন বিশেষজ্ঞৰ দাবীত তীব্ৰ জোকাৰণি |ফ্লৰিডাৰ শল্য চিকিৎসক জেনেৰেল ড. জোচেফ লাডাপোৱে কয় যে কোভিড-১৯ এমআৰএনএ ভেকছিনে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ আশংকা বৃদ্ধি কৰে। বিশেষকৈ ১৮ ৰ পৰা ৩৯ বছৰ বয়সৰ পুৰুষৰ ক্ষেত্ৰত এনে আশংকা অধিক দেখা গৈছে।
Read More

ভয়ংকৰ গৰাখহনীয়াৰ কবলত দলগাঁও সমষ্টিৰ খেৰনী চাপৰি গাঁৱৰ ৰাইজ ৷

ভয়ংকৰ গৰাখহনীয়াৰ কবলত দলগাঁও সমষ্টিৰ খেৰনী চাপৰি গাঁৱৰ ৰাইজ ৷ৰাজ্যত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দলগাঁৱৰ খেৰনী চাপৰিৰ মাজেৰে পাৰ হৈ যোৱা ধনশ্ৰী নৈৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷যাৰ ফলত ধনশ্ৰী নৈৰ বুকত জাহ গৈছে কৃষকৰ কৃষি ভূমিৰ লগতে একাংশৰ সপোনৰ ঘৰ-বাৰী ৷ইতিমধ্যে ধনশ্ৰী নৈৰ গৰাখহনীয়াৰ ফলত ১০০ বিঘাৰো অধিক কৃষি ভূমিৰ লগতে ৩০ ৰো অধিক পৰিয়ালৰ ঘৰবাৰী জাহ গৈছে নৈখনত ৷গাঁও খনৰ বহু পৰায়ালে ইতিমধ্যে নিজৰ ঘৰখন গৰাখহনীয়াৰ পৰা বচাই নিৰাপদ স্থানলৈ লৈ গৈছে ৷নৈ খনৰ পৰা মাত্ৰ কিছু নিলগত আছে এখন প্ৰাথমিক বিদ্যালয়৷অচিৰেই যদি বিভাগীয় কৰ্তৃপক্ষ তথা দৰং জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে এই প্ৰাথমিক বিদ্যালয়…
Read More

অসমৰ সংস্কৃতিৰ ওপৰত চৌদিশৰ পৰা আক্ৰমণ !

অসমৰ সংস্কৃতিৰ ওপৰত চৌদিশৰ পৰা আক্ৰমণ ! মিঞা মিউজিয়াম বিতৰ্ক শেষ নহওতেই এইবাৰ অসমীয়াৰ স্বাভিমান 'গামোচাৰ' ওপৰত একাংশ কলিকতীয়া বঙালীৰ আক্ৰমণ ! অসমীয়াৰ হিয়াৰ আঁ‌মঠু গামোচাৰ ওপৰত মদৰ বটল সজাই মদ্যপান কৰি এই সকল কলিকতীয়াৰ সামাজিক মাধ্যমত অট্টহাস্য ! উল্লেখ্য যে আটাইকেইজন ব্যক্তি উচ্চ শিক্ষিত আৰু মেডিচিন কোম্পানীত উচ্চ পদবীত কৰ্মৰত ! আনহাতে কৰ্মসূত্ৰে এই সকল ব্যক্তি প্ৰায় অসমলৈ আহে আৰু গামোচাখন যে অসমীয়া সংস্কৃতিৰ অন্যতম ধ্ব্জ্জা সেই কথা এই সকল ব্যক্তিয়ে অতি ভালকৈ জানে ! ইয়াৰে 'বিশ্বজৎ দাস' আৰু 'অভ্ৰ মুখাৰ্জী' Universal Nutriscience চমুকৈ UNS আৰু 'প্ৰান্তিক ঘোষ' Pharmed Limited নামৰ মেডিচিন কোম্পানীত উচ্চ পদবীত কৰ্মৰত ! উল্লেখ্য যে…
Read More

প্ৰসংগ মিঞা মিউজিয়াম

মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷বাংলাদেশী মূলৰ মানুহ আহি আজি অসমত মিঞা মিউজিয়াম খুলিব আৰু কাইলৈ মিঞালেণ্ড দাবী কৰিব আৰু আমি অসমীয়া সকল হাত সাবটি বহি থাকিম নেকি বুলি প্ৰশ্ন কৰি এয়া অসমীয়া জাতিলৈ এক প্ৰতিকী ভাবুকি দিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই৷মিঞা মিউজিয়ামক লৈ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা তাৎক্ষণিকভাৱে স্থিতিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে সেইসকলে আজি মিঞা মিউজিয়াম খুলিছে কাইলৈ আমাৰ ৰাজ্যখনত অস্ত্ৰ সস্ত্ৰৰ কাৰখানাও খুলিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷আনহাতে কংগ্ৰেছ দল প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয় যে মিঞা…
Read More

এ পি এছ চি উত্তীৰ্ণ যুৱকক ঢোলে দগৰে আদৰণি জনালে গাওঁবাসীয়ে ।

বটদ্ৰৱাৰ ৰাইদঙীয়াত এ চি এছ উত্তীৰ্ণ যুৱকক ঢোলে দগৰে আদৰণি জনালে গাওঁবাসীয়ে ।ৰাইদঙীয়াৰ প্ৰথমজনা এ পি এছ চি প্ৰাপ্ত যুৱক অমৰ জ্যোতি শইকীয়াক আদৰনি জনায় ৰাইজে আনন্দত বিভোৰ হয় পৰা পৰিলক্ষিত হল।উল্লেখযোগ্য যে বাঅসম লোক সেৱা আয়োগৰ APSE ত ৫১ সংখ্যক স্থান লাভ কৰা বটদ্ৰৱাৰ ৰাইডঙীয়াৰ যুৱক অমৰ জ্যোতি শইকীয়াক আদৰণি জনায় ৰাইজে । ৰাইডঙীয়ালৈ গৌৰৱ কঢ়িয়াই অনা অমৰ জ্যোতি শইকীয়াক ফুলাম গামোচা আৰু বিশাল শুভাযাত্ৰাৰে আদৰণি জনালে ৰাইডঙীয়াবাসী ৰাইজে।
Read More

বৰপেটাৰোড আৰক্ষীৰ বৃহৎ সাফল্য চুৰি হোৱা কাঠ আৰু ট্ৰাক উদ্ধাৰ

বৰপেটা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৱা 17 অক্টোবৰৰত কাঠ ভৰ্তি ট্ৰাক সহ নিৰুদ্দেশ হোৱাৰ দহ দিন পাছত বৰপেটাৰোড আৰক্ষীয়ে কাঠ সহ ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে আটক কৰা ট্ৰাক চালকজনৰ নাম আছাদ আলী বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণি মতে বৰপেটাৰ বহৰিৰ মহিদুল শ্বেইখ নামৰ এজন কাঠ বেপাৰীয়ে কাজলগাওৰ DFO কাৰ্যালয়ৰ পৰা ৮২ টা বনচোম আৰু খোকন কাঠৰ পিচ অক্সনত ক্ৰয় কৰিছিল ৷ উক্ত কাঠ সমূহ কাজলগাওঁৰ পৰা বৰপেটাৰ বহৰিলৈ কঢ়িয়াই আনিবলৈ কাঠ বেপাৰী মহিদুল শ্বেইখে AS -09C-7632 নম্বৰ ট্ৰাকখন ভাৰাত লৈছিল ৷ উক্ত কাঠ সমূহ কঢ়িয়াই আনি থাকোতে 17 অক্টোবৰৰ নিশা প্ৰায় 11-30 মান বজাত বৰপেটাৰোডৰ…
Read More

শিমুলটাপু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ

গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত জব্দ হয় বৃহত পৰিমানৰ বিলাতী সুৰা। NL 02 L 1297 নম্বৰৰ কন্টেইনাৰ গোপন চেম্বাৰৰ মাজত লুকাই আনিছিল বিলাতী সুৰা খিনি।শিমুলটাপু আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কন্টেইনাৰ খন ৰখাই তালাচী চলোৱাত গোপন চেম্বাৰৰ পৰা ওলাই পৰে ১৩০ কাৰ্টুন বিলাতী সুৰা।জানিব দিয়া মতে কন্টেইনাৰ খন গুৱাহাটীৰ পৰা শিলিগুৰী অভিমূখে গৈ আছিল। বিহাৰৰ মুতিহাৰী নিবাসী অমল গিৰি কন্টেইনাৰ খালাচীক আটক।জব্দকৃত বিলাতী সুৰা খিনি বজাৰ মূল্য কেইবা লাখ টকা হব বুলি অনুমান কৰা হৈছে
Read More