Dipshikha

3128 Posts
তিতা কেৰেলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তিতা কেৰেলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তিতা কেৰেলা (Bitter Gourd) স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যি তেজৰ চেনি (sugar) নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু পাচন তন্ত্ৰ উন্নত কৰাত সহায় কৰে। ইয়াত থকা পলিটেপটাইড-পি, এণ্টিঅক্সিডেন্ট, আৰু ভিটামিন-বি গোটৰ বাবে ই ডায়েবেটিছ, চৰ্মৰোগ, আৰু কোষ্ঠকাঠিন্যৰ বাবে এক মহৌষধৰ দৰে কাম কৰে। গ্ৰীষ্মকালত ই শৰীৰ শীতল কৰি ৰাখে। তিতা কেৰেলাৰ প্ৰধান স্বাস্থ্য উপকাৰিতাসমূহ তলত উল্লেখ কৰা হ’ল:ডায়েবেটিছ নিয়ন্ত্ৰণ: তিতা কেৰেলাত থকা বিশেষ উপাদানসমূহে (যেনে- পলিপেপটাইড-পি) ইনছুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি তেজত গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ধৰণৰ ভাইৰেল সংক্ৰমণৰ পৰা ৰক্ষা কৰে।পাচন প্ৰক্ৰিয়া উন্নত: ফাইবাৰযুক্ত হোৱা বাবে কোষ্ঠকাঠিন্য দূৰ কৰে…
Read More
ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ওমানৰ সোহৰত শুকুৰবাৰে ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে ১০ জন আহত হয় ৷ ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণ-আমেৰিকা-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত স্থল অঞ্চলত ভাৰতীয় লোকৰ মৃত্যুৰ এয়া প্ৰথম ঘটনা ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (উপসাগৰীয়) অসীম মহাজনে মহাজনে পশ্চিম এছিয়াত চলি থকা সংকটৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ওমানত দুজন ভাৰতীয়ৰ মৃত্যু হোৱাটো নিশ্চিত কৰে ৷
Read More
মিত্ৰতা ভংগ

মিত্ৰতা ভংগ

ৰাজ্যৰ ৰাজনীতিত আন এক জোকাৰণি ৷ পিছে এয়া ভূমিকম্পৰ জোকাৰণি নহয় ৷ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰহে চিহ্ন ৷ অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বহু চৰ্চিত মিত্ৰতাৰ আলোচনা অমীমাংসিতভাৱে সমাপ্ত হ'ল । অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্রতা নহ'ল । শুকুৰবাৰে নিশা এক বিবৃতিযোগে এই কথা ঘোষণা কৰে ৰাইজৰ দলৰ নেতৃত্বই ।
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

দেশত চিলিণ্ডাৰৰ নাটনি লৈ সৃষ্টি হোৱা পৰিৱেশৰ বাবে সাধাৰণ ৰাইজ বাৰুকৈয়ে বিবুধিত পৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চিলিণ্ডাৰ সংগ্ৰহৰ বাবে এজেঞ্চীৰ বাহিৰত লাইন ধৰি থাকোতেই এগৰাকী বৃদ্ধৰ মৃত্যু হৈছে। যোৱা শুকুৰবাৰৰ ঘটনা এয়া। উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত সংঘটিত হৈছিল ঘটনাটো। ফাৰুখাবাদৰ কোটোৱালি অঞ্চলত চিলিণ্ডাৰ সংগ্ৰহৰ বাবে পুৱাৰে পৰা লাইন ধৰি আছিল এগৰাকী ৭৫বছৰীয়া বৃদ্ধই। পুৱা প্ৰায় ৬.৩০বজাৰ পৰা লাইন ধৰি ধৰা বৃদ্ধ গৰাকীৰ দুপৰীয়া সময়ত হঠাতে অচেতন হৈ পৰে। মন কৰিবলগীয়া যে পাঞ্জাৱৰ বৰ্ণালাত শাৰী পাতি ৰৈ থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয়।
Read More
জম্মুত ভয়ংকৰ ঘটনা

জম্মুত ভয়ংকৰ ঘটনা

জম্মুৰ এক বিবাহ অনুষ্ঠানত সংঘটিত এক নিৰাপত্তাজনিত ঘটনাই সকলোকে জোকাৰি গৈছে ৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাক বুধবাৰে নিশা হত্যাৰ প্ৰচেষ্টা চলোৱা হয় । অৱশ্যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবে এই হত্যাৰ চেষ্টা ব্যৰ্থ হয় ।চিচিটিভিৰ ফুটেজ অনুসৰি, কমল সিং জামৱাল (৬৮) নামৰ এগৰাকী বৃদ্ধই শূন্য দূৰত্বৰ পৰা ফাৰুক আব্দুল্লাক পিষ্টলেৰে গুলী চলাবলৈ চেষ্টা কৰিছিল । অৱশ্যে প্ৰবীণ নেতাজনে কোনো আঘাত নোপোৱাকৈ কথমপি ৰক্ষা পৰে ।
Read More
মেঘালয়ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত দুজন লোক

মেঘালয়ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত দুজন লোক

মেঘালয়ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত দুজন লোক । পশ্চিম গাৰো পাহাৰ জিলাত সংঘটিত হৈছে এই ঘটনা । জিলাখনৰ স্থানীয় পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়াক লৈ জনজাতীয় আৰু অজনজাতীয় গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে । এই সংঘৰ্ষ ৰোধৰ বাবে আৰক্ষীয়ে মঙলবাৰে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । আৰক্ষীৰ গুলীচালনাত দুজন লোক নিহত হয় । এই ঘটনাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কাৰ্ফিউ জাৰি কৰাৰ লগতে সেনাবাহিনী মোতায়েন কৰিছে ।
Read More
অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে

অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে

৮ মাৰ্চৰ সেই দিনটো সকলো ভাৰতীয়ৰ বাবে আছিল এক আনন্দৰ দিন। কিয়নো টি-২০ বিশ্বকাপ জয় কৰিছিল টীম ইণ্ডিয়াই। আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি টীম ইণ্ডিয়াই ইতিহাস সৃষ্টিৰে তৃতীয়বাৰৰ বাবে ট্ৰফী দখল কৰিছিল। অৱশ্যে এই খিতাপ জয়ৰ মাত্ৰ চাৰিদিন পাছতে দলটোৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে এতিয়া। জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি পুনেৰ এজন অধিবক্তাই হাৰ্দিকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰে।উল্লেখ্য যে, পাণ্ডিয়াৰ বিৰুদ্ধে পুনেৰ শিৱাজীনগৰ থানাত দাখিল কৰিছে অভিযোগ।স্থানীয় অধিবক্তা ৱাজিদ খানে এই অভিযোগ দাখিল কৰে। এজাহাৰত তেওঁ হাৰ্দিক পাণ্ডিয়াই মেচত জয়ী হোৱাৰ পাছত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰিছিল বুলি অভিযোগ উত্থাপন কৰে।
Read More
প্ৰচণ্ড ধুমুহা বৰষুণ

প্ৰচণ্ড ধুমুহা বৰষুণ

বুধবাৰে নিশা প্ৰায় ১বজাৰ পৰা ৪ ঘন্টা ধৰি অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে নামৰূপ আৰু পাৰ্শ্বৱৰ্তী বহু অঞ্চলত।পশ্চিম দিশৰ পৰা প্ৰচণ্ড বেগত অহা ধুমুহা জাকৰ লগতে বিজুলী ধেৰেকনি আৰু প্ৰবল শিল বৰষুণত নামৰূপ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলৰ বহু বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হয় ৷আনহাতে নিশাৰ প্ৰচণ্ড ধুমুহাজাকে নামৰূপত এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰে ৷একাধিক ব্যৱসায়ীক প্ৰতিস্থানৰ হৰ্ডিং উৰুৱাই নিয়ে বতাহে ৷ চহৰখনৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহতে গছ বাগৰি পৰাৰ ফলত নামৰূপত বিদ্যুত সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। বিধ্বংসী ধুমুহাজাকত বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰে আৰু বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। মূল পথ সমূহত গছ বাগৰি…
Read More
ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা

ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে ৷ নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে ৰাজ্য চৰকাৰে চমক সৃষ্টিৰে এক অভিলেখ ৰচনা কৰিলে ৷ একেদিনাই আৰু প্ৰায় একে সময়তে ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা ৷ অৰুণোদয়ৰ ৪০ লাখ হিতাধিকাৰীক মঙলবাৰে ৯ হাজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে দিয়া হয় ৷ ইয়াৰ পূৰ্বে একেদিনাই একেসময়ত ইমান বৃহৎ পৰিমাণৰ পুঁজি ৰাজ্য চৰকাৰে কেতিয়াও হস্তান্তৰ কৰা নাছিল ৷ সেই হিচাপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক অভিলেখ সৃষ্টি কৰিলে ৷
Read More
কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে

কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে

নলবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে । সোমবাৰে নিশা প্ৰায় ১২:৪৫ বজাত নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে তেওঁক আটক কৰে । মঙলবাৰে দিনৰভাগত আটক কৰা ১২ কংগ্ৰেছীৰ ভিতৰত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী শৰ্মাসহ ১১ গৰাৰীক আৰক্ষীয়ে মুকলি কৰি দিয়ে । অৱশ্য়ে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৰাগ চক্ৰৱৰ্তীক এতিয়াও মুকলি কৰি দিয়া নাই ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত কংগ্ৰেছ কৰ্মীক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰা ঘটনাৰ ন্য়ায় বিচাৰি থানাত প্ৰতিবাদ কৰা সময়তেই আৰক্ষীয়ে তেওঁক আটক কৰে ।
Read More