Dipshikha

3128 Posts
৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

ৰাজ্যৰ ৰাজনীতিৰ আন এক গুৰুত্বপূৰ্ণ দল হৈছে এ আই ইউ ডি এফ । বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে এই দলটোৰ ওপৰত সকলোৰে দৃষ্টি থাকে । অৱশ্যে এইবাৰ কোনো মিত্ৰজোঁটত নাই আজমলৰ দলটো । কিন্তু তথাপিও দলটোৱে নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ যে পেলাব সেইটো খাটাং । সেয়ে দলীয় প্ৰাৰ্থীক লৈ সকলো দলে একপ্ৰকাৰ উদগ্ৰীৱ হৈ আছে । তাৰ মাজতে এ আই ইউ ডি এফে প্ৰকাশ কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা । ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ।প্ৰথমখন তালিকাত ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা…
Read More
গুৰৰ উপকাৰী গুণৰ বিষয়ে জানেনে

গুৰৰ উপকাৰী গুণৰ বিষয়ে জানেনে

গুড় স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যি শৰীৰত আইৰন, মেগনেছিয়াম আৰু পটাছিয়ামৰ যোগান ধৰে। ই হজম শক্তি বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে আৰু ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ উপৰিও, গুড়ে শৰীৰক ডিটক্স (বিষাক্ত পদাৰ্থ বাহিৰ) কৰাত সহায় কৰে, উষ্ণতা প্ৰদান কৰে আৰু চৰ্দি-কাহ হ্ৰাস কৰাত সহায় কৰে। গুড়ৰ প্ৰধান উপকাৰিতা:হজমৰ উন্নতি: গুড়ে পাচক এনজাইম সক্ৰিয় কৰি পাচনতন্ত্ৰ সুস্থ ৰাখে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।ৰক্তহীনতা প্ৰতিৰোধ: আইৰনৰ প্ৰাকৃতিক উৎস হোৱাৰ বাবে, ই হিমোগ্ল'বিনৰ মাত্ৰা বৃদ্ধি কৰে, যি ৰক্তহীনতাত ভোগা লোকৰ বাবে খুবেই উপকাৰী।লিভাৰ ডিটক্স: গুড়ে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ বাহিৰ কৰি লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: ইয়াৰ…
Read More
শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ।পুৱাই প্ৰেমিক-প্ৰেমিকাই ল'লে এই চৰম সিদ্ধান্ত।জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুয়োৱে ।এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয় ।কিহৰ বাবে এই ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
Read More
অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি।এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণু গোপালে জাৰি কৰিছে নিৰ্দেশনা।নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়াসকল ক্ৰমে-পলাশ পৱন শইকীয়া, দিপাংকৰ বৰা আৰু জনচন চাংমা।
Read More
ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে

ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে

নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে। কংগ্ৰেছে প্ৰথমখন ৪২জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত ৰাইজৰ দলেও ১১টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। অহা ১৩, ১৪ আৰু ১৫মাৰ্চত দলটোৰ ভগ্নী সংগঠনৰ সমূহৰ নেতৃত্বৰ সৈতে ৰাজ্যিক নেতৃত্ব এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।তাৰ পাছতহে কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন সাপেক্ষে দলটোৱে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰি ২০মাৰ্চৰ ভিতৰত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।
Read More
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

৮ মাৰ্চৰ পৰা যান বাহনৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী জনতাৰ নামত উৎসৰ্গা কৰিছিল দলঙখন ৷ এই দলংখনৰ ফলত এতিয়াৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰাৰ সময় ৪৫-৬০ মিনিটৰ পৰা ৭-১০ মিনিটলৈ হ্ৰাস পাইছে ৷
Read More
প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

ইৰাণৰ শাসকীয় ধৰ্মগুৰুসকলে দেওবাৰে আমেৰিকা আৰু ইজৰাইলৰ ভাবুকিক আওকাণ কৰি প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে । ইৰাণৰ প্ৰেছ টিভিয়ে এক্সত পোষ্ট কৰি এই কথা প্ৰকাশ কৰিছে । পোষ্টটোত কোৱা হৈছে, “ইৰাণৰ বিশেষজ্ঞ বিধানসভাই আয়াতুল্লাহ ছায়েদ মোজতাবা খামেইনীক ইছলামিক ৰিপাব্লিকৰ নতুন নেতা হিচাপে নিযুক্তি দিছে ।"মুজতাবা আলী খামেইনী আয়াতুল্লাহ আলী খামেইনীৰ দ্বিতীয় পুত্ৰ । খবৰ অনুসৰি ইৰাণৰ বিশেষজ্ঞ বিধানসভাই ইৰাণীসকলক ঐক্য বজাই ৰাখিবলৈ আৰু মুজতাবা খামেইনীৰ সৈতে থিয় দিবলৈ আহ্বান জনাইছে ।
Read More
দাম বৃদ্ধি পালে এল পি জি ছিলিণ্ডাৰৰ মূল্য

দাম বৃদ্ধি পালে এল পি জি ছিলিণ্ডাৰৰ মূল্য

পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বিশেষকৈ শক্তি খণ্ডত প্ৰভাৱ স্পষ্ট হৈ পৰিছে । তাৰ মাজতে দেশত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পালে । ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও ১১৪.৫ টকা বৃদ্ধি পাইছে । ভাৰতীয় তেল নিগমৰ ৱেবছাইটৰ তথ্য অনুসৰি ৭ মাৰ্চৰ পৰা এই মূল্যবৃদ্ধি কাৰ্যকৰী হৈছে ।১১ মাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে । যোৱা বছৰৰ এপ্ৰিল মাহত অন্তিমবাৰৰ বাবে ৫০ টকা বৃদ্ধি পাইছিল । মুম্বাইত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ নতুন মূল্য এতিয়া ৯১২.৫০ টকা । পূৰ্বে ৮৫২.৫০ টকা আছিল । কলকাতাত ৮৭৯…
Read More
অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা

অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা

অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা ৷ এই যাত্ৰা আৰম্ভ হোৱাৰ দিন নিচেই চমু চাপিছে ৷ শুকুৰবাৰৰ পৰা উত্তৰাখণ্ড পৰ্যটন ব’ৰ্ডে চাৰিধাম যাত্ৰাৰ বাবে অনলাইন পঞ্জীয়ন মুকলি কৰিছে । আনহাতে, ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব অফলাইন পঞ্জীয়ন । বিশ্ববিখ্যাত চাৰিধাম যাত্ৰা ২০২৬ ৰ বাবে অনলাইন পঞ্জীয়ন আৰম্ভ হোৱাৰ লগে লগে ভক্তসকল উৎসাহী হৈ পৰিছে । এই সেৱা মুকলিৰ প্ৰথমটো দিনতে যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ দৰ্শনৰ বাবে মুঠ ১,২৩,৭৮৮ গৰাকী তীৰ্থযাত্ৰীয়ে পঞ্জীয়ন কৰে ।
Read More
১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব

এতিয়াৰে পৰা ১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু লাখ লাখ একাউণ্ট ব্লক কৰা হৈছে।
Read More