Dipshikha

3128 Posts
অসমত বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেইবাগৰাকীও ষ্টাৰ কেম্পেইনাৰে

অসমত বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেইবাগৰাকীও ষ্টাৰ কেম্পেইনাৰে

অসমত বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেইবাগৰাকীও ষ্টাৰ কেম্পেইনাৰে । ইতিমধ্য়ে এই নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত কৰি ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰৰণ কৰিছে ৰাজ্য়িক বিজেপিয়ে । এই কথা সদৰী কৰিছে বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়াই ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীয়ে অশ্বিনী বৈষ্ণৱ, শিৱৰাজ সিং চৌহান আদিয়ে অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ।"
Read More
চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে

চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে

মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে । ঘোষণা কৰিলে ১৩ টা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ।কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত ১৩ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে দলটোৱে । গৌৰীপুৰ, পূব গোৱালপাৰা, মানস, দলগাঁও, ধিং, কলিয়াবৰ, তেজপুৰ, চিচিবৰগাঁও, মাৰ্ঘেৰিটা, ডিগবৈ, শিৱসাগৰ আৰু মৰিয়নী সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰে যদিও বোকাখাত সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব সেয়া ঘোষণা কৰিব দেওবাৰে ।
Read More
অমৰাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অমৰাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদিত এবিধ ফল হৈছে অমৰা। টেঙা আৰু কেঁহা সোৱাদৰ এইবিধ ফল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, আইৰণ আৰু কেলচিয়াম থাকে।অমৰাৰ উপকাৰিতা তথা ঔষধি গুণৰ বিষয়ে আজি জানো আহক- ভিটামিন চি-ৰ ভঁৰাল: অমৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু স্কাৰ্ভি ৰোগ প্ৰতিৰোধ কৰে।হজম শক্তি বৃদ্ধি: ইয়াত থকা প্ৰচুৰ আঁহ (fiber) হজম প্ৰক্ৰিয়া উন্নত কৰাত আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।ছালৰ যত্ন: অমৰাৰ পাত উতলাই সেই পানীৰে গা ধুলে খজুৱতি, খৰ আদি ছালৰ সমস্যা দূৰ হয়।ৰক্তহীনতা দূৰ কৰা: আয়ৰণৰ এক ভালো উৎস হোৱা বাবে অমৰাই…
Read More
বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা

বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা

বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ ৰাজনৈতিক মহলত তীব্ৰ উৎকণ্ঠা আছিল ৷ সেই উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত প্ৰকাশ পালে বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা ৷আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে বৃহস্পতিবাৰে ৮৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলৰ পৰা দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে ৷
Read More
নিৰ্বাচন খেলাৰ সপোন পূৰণ নহ’ল

নিৰ্বাচন খেলাৰ সপোন পূৰণ নহ’ল

নিৰ্বাচন খেলাৰ সপোন পূৰণ নহ'ল । নতুন মুখ হিচাপে প্ৰথমবাৰৰ বাবে টিকট লাভ কৰিছিল যদিও নিৰ্বাচনৰ ২০ দিন পূৰ্বে টিকট প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল । পিতৃয়ে হঠাতে দল ত্যাগ কৰি আন এটা দলত যোগদান কৰাৰ পিছতে পুত্রই প্ৰত্যাহাৰ কৰিলে নিজৰ দলীয় টিকট । হয়, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্র প্ৰতীক বৰদলৈৰ কথাই কোৱা হৈছে ।পিতৃৰ বিজেপি গমনে প্ৰতীক বৰদলৈক লৈ চৰ্চা আৰম্ভ হৈছিল । অৱশেষত প্ৰতীক বৰদলৈয়ে টিকট প্ৰত্যাহাৰৰ সিদ্ধান্ত ল'লে । দিল্লীত সাক্ষাৎ কৰিলে কংগ্ৰেছৰ শীৰ্ষনেতাক । দিল্লীত কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰিলে প্ৰতীক বৰদলৈয়ে । ইফালে প্ৰতীক বৰদলৈয়ে নিজৰ টিকট প্ৰত্যাহাৰ কৰাৰ কথা জনাই কংগ্ৰেছৰ…
Read More
ৰাজনীতিত দলত্যাগৰ জোৱাৰ

ৰাজনীতিত দলত্যাগৰ জোৱাৰ

কংগ্ৰেছৰ এগৰাকী শক্তিশালী তথা জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগে জোঁকাৰণি তুলিছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ৷ মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত বুধবাৰে নতুন দিল্লীত বিজেপিত যোগদান কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে ৷ তাৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দৰেই দেৱব্ৰত শইকীয়াই প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱব্ৰত শইকীয়াও বিজেপিলৈ আহিব বুলি কৰা এক মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেতাগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মোৰ ক্ষেত্ৰতো বহু কথা ওলাই আছে, মুখ্যমন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰি আছে বুলি মই শুনা পাইছোঁ ৷ বিজেপিৰ…
Read More
বাহী ভাত আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ?

বাহী ভাত আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ?

আজিকালি অধিকাংশ লোকেই ৰাতি ৰৈ যোৱা ভাত ৰাতিপুৱালৈ ব্যৱহাৰ নকৰে। ধাৰণা এয়ে যে, বাহী ভাত স্বাস্থ্যৰ বাবে অপকাৰী। কিন্তু, বাহী ভাত আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ? বাহী ভাতত ভাল বেক্টেৰীয়া থাকে। যিয়ে গেছৰ লগতে পেটৰ বহু সমস্যাৰ সমাধান দিয়ে। ওজন হ্ৰাসত সহায়কবাহী ভাতৰ গ্লাইচেমিক সূচকাংক কম। অৰ্থাৎ, ই তেজৰ চেনিৰ পৰিমাণ কমায়। সেয়েহে, যদি আপুনি ওজন কমাবলৈ বিচাৰে, বাহী ভাত খাব পাৰে। নিয়ন্ত্ৰণ কৰে ডায়েবেটিছবাহী ভাতত থকা প্ৰতিৰোধী ষ্টাৰচ(Resistant Starch) লাহে লাহে হজম হয়, যিয়ে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতাবাহী ভাত প্ৰ’বায়টিক। ই ভাল আন্ত্ৰিক বেক্টেৰিয়াৰ বৃদ্ধিত সহায়…
Read More
মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা

মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা

মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। ইৰানৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণে ১৬ টা দিন অতিক্ৰম কৰিলে।ইপিনে যুদ্ধ ইমানেই ভয়াবহ হৈছে যে, সোমবাৰে ইউ এ ইৰ ৰাজধানী আবুধাবিৰ উপকণ্ঠ অঞ্চলত ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন পেলেষ্টাইনী নাগৰিক নিহত হয়। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পাছত উপসাগৰীয় অঞ্চলত ইৰানে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে এই ঘটনা সংঘটিত হয় ।
Read More
বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা ।একে দিনাই মিত্ৰ দলৰ প্ৰাৰ্থীসহ বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ।১২৬ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব দলটোৱে ।তাৰ পূৰ্বে দিল্লীত বুধবাৰে আবেলি অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় কমিটিৰ বৈঠক ।এই বৈঠকতে প্ৰাৰ্থী তালিকাত চূড়ান্ত ছীল মোহৰ মাৰিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ।
Read More
গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে

গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে

হঠাৎ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে । ফলত বহুতে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলগা হৈছে নাইবা খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে ।আমেৰিকা, ইজৰাইল, ইৰাণৰ সৈতে জড়িত বিশ্বজনীন উত্তেজনাৰ সৈতে জড়িত এই নাটনিৰ ফলত যোগানৰ সমস্যাৰ সৃষ্টি হৈছে, যিটো এতিয়া বিজয়াৱাড়া, গুণ্টুৰ, বিশাখাপট্টনম, তিৰুপতি, নেল্লোৰকে ধৰি কেইবাখনো চহৰত অনুভৱ কৰা হৈছে ।হোটেলৰ মালিকসকলে কয় যে বিগত দুদিনত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বজাৰৰ পৰা বাণিজ্যিক এল পি জি চিলিণ্ডাৰ কাৰ্যতঃ নোহোৱা হৈ গৈছে ।
Read More