Dipshikha

3401 Posts
গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

'গাজিনী'ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান।বলীউড আৰু দক্ষিণ ভাৰতৰ চলচিত্ৰ অভিনেতা প্ৰদীপ ৰাৱটে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ লগানৰ সহ অভিনেতা যশপাল শৰ্মাই ইনষ্টাগ্ৰামত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰে ।যশপাল শৰ্মাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰদীপ ৰাৱটক স্মৰণ কৰি কয়, "আমাৰ গাজনী, লগানৰ দেৱ প্ৰদীপ ৰাৱট আৰু নাই । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।"
Read More
লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায় বিচাৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে ।সামাজিক মাধ্যম যোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনালে অভিনেত্ৰী তথা নৃত্যশিল্পীগৰাকীয়ে । অভিনেত্ৰীগৰাকীক এই অনুষ্ঠানত সংগ দিয়ে তেওঁৰ স্বামী তথা অভিনেতা নীল দাস আৰু ছাত্ৰী ইন্দ্ৰানীয়ে ।
Read More
দ্ৰুতগতিত বৃদ্ধি চাণ্ডীপুৰা ভাইৰাছ

দ্ৰুতগতিত বৃদ্ধি চাণ্ডীপুৰা ভাইৰাছ

চাণ্ডীপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখি(বালি মাখি)ৰ (Sandfly) কামোৰৰ পৰা বিয়পে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ'ব পৰা ভাইৰাছ। ই শিশুসকলৰ মাজত দ্ৰুতগতিত বিয়পে আৰু গুৰুতৰ ক্ষেত্ৰত মগজুত প্ৰদাহ (Encephalitis) সৃষ্টি কৰিব পাৰে।দ্ৰুতগতিত বৃদ্ধি পোৱা চাণ্ডীপুৰা ভাইৰাছ (Chandipura Virus)য়ে এতিয়া সমগ্ৰ দেশজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ ১৫ বছৰৰ তলৰ শিশুসকলক লক্ষ্য কৰি লোৱা এই সংক্ৰমণৰ ফলত ইতিমধ্যে ২২টা শিশুৰ মৃত্যু হৈছে, আনহাতে বহু শিশু চিকিৎসালয়ত জীৱনৰ সৈতে যুঁজি আছে। স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ক নিৰ্দেশ দিয়া হৈছে যে যদি কোনো শিশুৰ শৰীৰত চাণ্ডীপুৰা ভাইৰাছৰ দৰে লক্ষণ দেখা যায়,…
Read More
২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।আমেৰিকা- ইৰাণৰ যুদ্ধৰে অংশ হিচাপে এই আক্ৰমণ চলোৱা হৈছে বুলি ইৰাণী সংবাদ মাধ্যমে সদৰি কৰিছে যদিও বিষয়টোৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো পক্ষই একো তথ্য প্ৰকাশ কৰা নাই। ডুবাই প্ৰশাসনে এই ঘটনাৰ পাছতে অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰিছে।ডুবাইৰ সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰা হৈছে।
Read More
১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে

১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে

দেওবাৰে ১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে ৷ ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ সৈতে ৩৯টা পদকৰে প্ৰতিয়োগিতাখনত চতুৰ্থ স্থান দখল কৰে ৷ বক্সিং চেম্পিয়ন জেচমিন লেম্ব’ৰিয়াক সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হিচাপে নিৰ্বাচিত কৰা হয় ৷গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত চাৰি বছৰ পূৰ্বৰ বাৰ্মিংহামৰ ২১০ জন খেলুৱৈৰ তুলনাত মাত্ৰ ১২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ পাছতো ভাৰতে চতুৰ্থ স্থান অক্ষুণ্ণ ৰাখি পদক জয়ৰ হাৰ উন্নত কৰিলে ৷ পদক লৈ ঘৰলৈ উভতি আহিল ৩৯ গৰাকী খেলুৱৈ । দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলৱীৰ সিং আছিল একমাত্ৰ ভাৰতীয় যিয়ে দুটা পদক লাভ কৰিছিল ।২০৩০ চনৰ কমনৱেলথ গেমছ হ’ব শতবাৰ্ষিকী সংস্কৰণ আৰু ভাৰতক…
Read More
উজনিৰ বানপীড়িত প্ৰায় ৬২ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা মুকলি

উজনিৰ বানপীড়িত প্ৰায় ৬২ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা মুকলি

উজনিৰ ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ অসম চৰকাৰ তৎপৰ হৈ পৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ ১৫ হাজাৰ ঘোষণা কৰিছিল । সোমবাৰে পুৱাৰ ভাগতে এই ধন বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ।এই আৰ্থিক সাহায্য চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় ৬২,৬৯৬ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ চৰকাৰে আগবঢ়াইছে । শিৱসাগৰ জিলাৰ ৩৫ হাজাৰ ২৯৮টা পৰিয়াল, চৰাইদেউৰ ১৯ হাজাৰ ৮৮৩টা পৰিয়াল, গোলাঘাটৰ ২ হাজাৰ ৫৯৩টা পৰিয়াল আৰু যোৰহাটৰ ৪ হাজাৰ ৯২২টা পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা আগবঢ়াইছে ।দ্বিতীয় পৰ্যায়ত বানত ক্ষতিগ্ৰস্ত ৰাইজে ১০ হাজাৰ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।…
Read More
কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে

কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে

ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে । আই এম ডিয়ে সোমবাৰে ৰাজ্যখনত ‘ইয়ে’ল্ল এলাৰ্ট’ জাৰি কৰিছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলত জৰুৰীকালীন সাৱধানতা অৱলম্বন কৰাৰ লগতে দ্ৰুতগতিত সাহায্য অভিযান চলোৱা হৈছে ।বৰষুণ আৰু ধুমুহাৰ ফলত মুঠ ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ জন নিৰুদ্দেশ হৈছে । ইয়াৰ উপৰিও ১৩ জন লোক আহত হৈ চিকিৎসাধীন হৈ আছে । ২৭টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ১৯৬টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰিও ৫,৭৯২ জন লোকক ২০৯টা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ।
Read More
মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড

মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত এই পৰ্যন্ত ৫ জন লোকৰ কৰুণ মৃত্যু ঘটিছে আৰু ৪১ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে আঞ্চলিক উদ্ধাৰকাৰী দলে ব্যাপক ৰূপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।তথ্য অনুসৰি, ফেৰীখনত কৰ্মচাৰীসহ মুঠ ২৭১ জন যাত্ৰী আছিল। অগ্নিকাণ্ডৰ পাছতে চলোৱা ক্ষিপ্ৰ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২২৫ জন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলসমূহে। লগতে সন্ধানহীন হৈ থকা ৪১ জন যাত্ৰীৰ সন্ধানত সাগৰত উদ্ধাৰকাৰী নাও আৰু হেলিকপ্টাৰৰ সহায়ত নিৰৱচ্ছিন্ন অভিযান চলাই থকা হৈছে।
Read More
বানপীড়িতৰ কাষত দীপলিনা ডেকা

বানপীড়িতৰ কাষত দীপলিনা ডেকা

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ তৰফৰ পৰা এক বিশেষ যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা হৈছে । চলিত বানপানীৰ ফলত সৰ্বস্ব হেৰুওৱা ১০০ টা দুৰ্ভগীয়া পৰিয়ালৰ বাবে ফাউণ্ডেশ্বনে ১০০ টা নতুন ঘৰ নিৰ্মাণ কৰি দিবলৈ সিদ্ধান্ত লৈছে ।এই বৃহৎ আৰু মহান কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিবলৈ ফাউণ্ডেশ্বনে জনসাধাৰণৰ সহায়-সহযোগিতা আৰু দান-বৰঙণি বিচাৰিছে । আপোনাৰ এক ক্ষুদ্ৰ সহায়েও বিপদে গৰকা এটা পৰিয়ালক নতুন জীৱন দিব পাৰে ।পানী কমিছে যদিও বানপীড়িত লোকসকল এতিয়া অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সংকটত ভুগিছে । বানাক্ৰান্ত লোকসকলক সহায় কৰিবলৈ দল-সংগঠন, সাংবাদিক, সমাজকৰ্মী আৰু অসমৰ লগতে বহিঃৰাজ্যৰ বহু লোক আগবাঢ়ি আহিছে । জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকায়ো বানাক্ৰান্ত অঞ্চল ভ্ৰমণ…
Read More
স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা

স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা

গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে'ই ইতিহাস ৰচনা কৰে ৷ অস্মিতাই শুকুৰবাৰে কানাডাৰ হাইডি কোৱাচক ৰোমাঞ্চকৰ ‘গোল্ডেন স্ক’ৰ’ মেচত পৰাস্ত কৰি মহিলাৰ-৪৮ কেজি শাখাৰ খিতাপ দখল কৰে ৷ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ ইভা ইউইঙক পৰাস্ত কৰাৰ পিছত ছেমি ফাইনেলত ঘৰুৱা প্ৰতিযোগী সমৰ শ্ব’ক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।
Read More