ই-২০ ইন্ধনক লৈ বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতিবাদ; সদনৰ ভিতৰতো উত্তপ্ত বাদ-বিবাদ

ই-২০ ইন্ধন নীতিৰ বিৰোধিতাই মঙলবাৰে উত্তপ্ত কৰি তোলে অসম বিধানসভাৰ চৌহদ। বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ৰাজপথত মটৰচাইকেল ঠেলাগাড়ীত তুলি আনি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। ইয়াক কেন্দ্ৰ কৰি পিছত সদনৰ ভিতৰতো শাসক-বিৰোধীৰ মাজত তীব্ৰ বাদ-বিতণ্ডাৰ সৃষ্টি হয়।

সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে বিধানসভা চৌহদত সংবাদমাধ্যমৰ আগত অখিল গগৈয়ে কয় যে ই-২০ ইন্ধনৰ ব্যৱহাৰে মধ্যবিত্ত শ্ৰেণীৰ অসংখ্য বাহনৰ ক্ষতি কৰিছে। সাধাৰণ পেট্ৰ’ল আৰু ই-২০ ইন্ধনৰ মাজৰ পৰা গ্ৰাহকে নিজেই বাছনি কৰাৰ সুযোগ দিবলৈ তেওঁ দাবী জনায়।

পেট্ৰ’লত ইথানল মিহলোৱাৰ পিছত ইন্ধনৰ মূল্য হ্ৰাস পাইছেনে বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে। তেওঁৰ মতে, এই নীতিৰ ফলত লাখ লাখ বাহন ক্ষতিগ্ৰস্ত হৈছে।

গগৈৰ এই প্ৰতিবাদক লৈ সদনৰ ভিতৰত আপত্তি উত্থাপন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই। তেওঁ কয় যে বিধানসভা প্ৰতিবাদৰ মঞ্চ নহয়। প্ৰতিবাদৰ বাবে চচলত নিৰ্দিষ্ট স্থান আছে। যি বিষয়ত সদনৰ ভিতৰত আলোচনা কৰা নহয়, সেই বিষয় লৈ বিধানসভাৰ বাহিৰত প্ৰতিবাদ কৰাটো উচিত নহয় বুলিও মন্তব্য কৰে তেওঁ।

পীয়ূষ হাজৰিকাই অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক বিষয়টো সাধাৰণ উদ্দেশ্য সমিতিলৈ প্ৰেৰণ কৰাৰ আহ্বান জনায়। তেওঁৰ অভিযোগ, শেহতীয়া বছৰকেইটাত কিছুমান বিধায়কে সদনত বিষয় উত্থাপন কৰাৰ সলনি সংবাদমাধ্যমৰ সন্মুখত প্ৰতিবাদ কৰাক অধিক গুৰুত্ব দি আহিছে।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে বিৰোধী দলৰ বিধায়কসকলে। তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে কয় যে বিধায়কসকলে সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ পূৰ্ণ স্বাধীনতা আছে। সদনত কোনো বিষয় উত্থাপন নকৰিলেও বাহিৰত সেই বিষয়ে কথা কোৱাৰ অধিকাৰ কেতিয়াও খৰ্ব কৰিব নোৱাৰি।

দীঘলীয়া বাদ-বিতণ্ডাৰ ফলত প্ৰশ্নোত্তৰ পৰ্বৰ মূল্যৱান সময় নষ্ট হোৱা বুলিও অসন্তুষ্টি প্ৰকাশ কৰে একাধিক বিধায়কে। কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে কয় যে সমষ্টিৰ বহু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ সুযোগ নাপালে বিধায়কসকলে জনসাধাৰণৰ ওচৰত জবাবদিহি হ’বলগীয়া হয়।

আনহাতে, এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানে বিধানসভাত বিধি উত্থাপন কৰি কয় যে অখিল গগৈক কেন্দ্ৰ কৰি সঘনাই সৃষ্টি হোৱা বাদ-বিতণ্ডাৰ ফলত সদনৰ স্বাভাৱিক কাৰ্যসূচী ব্যাহত হয়। বিধায়কসকলৰ বহু প্ৰশ্ন উত্তৰহীন হৈ ৰৈ যায় বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, বাজেট অধিৱেশনৰ প্ৰথম দিনাও বাৰিষাৰ পুনৰাবৃত্ত বান সমস্যাক লৈ লাইফ জেকেট পিন্ধি আৰু প্লে-কাৰ্ড প্ৰদৰ্শন কৰি বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল অখিল গগৈ আৰু ৰাইজৰ দলৰ বিধায়ক মেহবুব মুক্তাৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *