২০২৬ চনৰ ফিফা বিশ্বকাপৰ এক ৰুদ্ধদ্বাৰ খেলত স্পেইনে পৰ্তুগালক ১-০ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ একেবাৰে শেষ মুহূৰ্তত (৯১ মিনিটত) স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোই ফেৰান টৰেছৰ পাছৰ সহায়ত এই নিৰ্ণায়ক গলটো স্ক’ৰ কৰে।এই পৰাজয়ৰ লগে লগে বিশ্ব ফুটবলৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জিকাৰ সপোন ভংগ হ’ল আৰু তেওঁৰ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰিল।
সমগ্ৰ খেলখনত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। খেলৰ শেষ মুহূৰ্তলৈকে কোনো দলেই গ’ল কৰিব পৰা নাছিল। কিন্তু ইনজুৰী টাইমত ফেৰান টৰেমৰ পাছৰ পৰা মিকেল মেৰিনোৱে কৰা এটা সুন্দৰ গ’লেৰে স্পেইনে জয় লাভ কৰে। এই পৰাজয়ৰ লগে লগে ৪১ বছৰীয়া ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন ভংগ হয়। সম্ভৱতঃ এয়া তেওঁৰ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল আছিল।
বিশ্বকাপ ট্ৰফী জিকিব নোৱাৰিলেও, পৰ্তুগাল তথা বিশ্ব ফুটবললৈ ৰোনাল্ডোৰ অৱদান সদায় অতুলনীয় হৈ থাকিব। ২০১০ চনৰ পিছত এইয়া প্ৰথমবাৰৰ বাবে স্পেইনে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। অহা শুকুৰবাৰে লছ এঞ্জেলছত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেল মেচত স্পেইনে বেলজিয়ামৰ মুখামুখি হ’ব, যিয়ে আন এখন খেলত আমেৰিকাক ৪-১ গ’লত পৰাস্ত কৰে।
