ইকুৱেডৰৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰে ৰাউণ্ড অৱ ১৬ত মেক্সিকো

ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৭.৫০ বজাত খেলা এখন উত্তেজনাপূৰ্ণ খেলত ইকুৱেডৰক ২-০ গ’লত পৰাস্ত কৰি মেক্সিকোৱে বিশ্বকাপৰ ৰাউণ্ড অৱ ১৬  অৰ্থাৎ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই বিজয়ৰ লগে লগে মেক্সিকোৱে বিশ্বকাপৰ নক-আউট পৰ্যায়ত বিগত ৪০ বছৰ ধৰি চলি অহা পৰাজয়ৰ ধাৰা ভংগ কৰিবলৈ সক্ষম হয়। মেক্সিকোৰ হৈ প্ৰথম অৰ্ধৰ মাত্ৰ ৯ মিনিটৰ ব্যৱধানত দুয়োটা গল স্ক’ৰ কৰা হয়। খেলৰ ২২ নম্বৰ মিনিটত জুলিয়ান কুইননেছ আৰু ৩১ নম্বৰ মিনিটত ৰৌল জিমেনিজে গল কৰি দলক জয়ী কৰায়। ইয়াৰ পূৰ্বে মেক্সিকোৱে ১৯৮৬ চনত নিজৰ দেশত অনুষ্ঠিত বিশ্বকাপৰ নক-আউট পৰ্যায়ত বুলগেৰিয়াক হৰুৱাইছিল।

তাৰ পিছত ১৯৯৪ চনৰ পৰা ২০১৮ চনলৈকে তেওঁলোকে একেৰাহে ৭ বাৰ নক-আউট পৰ্যায়ত পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছিল। ২০২২ চনৰ কাটাৰ বিশ্বকাপত তেওঁলোক গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লৈছিল।​এই টুৰ্নামেণ্টত কুইননেছৰ এয়া তৃতীয়টো গল। তেওঁ মেক্সিকোৰ হৈ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক গল কৰোঁতা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ​ৰৌল জিমেনিজে ৰাষ্ট্ৰীয় দলৰ হৈ নিজৰ ৪৭ নম্বৰ গ’লটো দি জাৰেড বৰ্গেট্টিৰ ৰেকৰ্ড ভাঙিলে। এতিয়া তেওঁ মেক্সিকোৰ সৰ্বকালৰ সৰ্বাধিক গ’ল কৰোঁতা  হাৰ্নাণ্ডেজতকৈ মাত্ৰ ৫টা গল পিছপৰি আছে।

এই জয়ৰ সৈতে মেক্সিকো বিশ্বকাপৰ নক-আউট খেলত কোনো দক্ষিণ আমেৰিকীয় দলক পৰাজিত কৰা উত্তৰ-মধ্য আমেৰিকাৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। লগতে, তেওঁলোকৰ অপৰাজিত যাত্ৰা এতিয়া ১২খন খেললৈ বৃদ্ধি পাইছে। উল্লেখ্য যে প্ৰৱল ধুমুহা-বৰষুণৰ বাবে খেলখন নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ আৰম্ভ হৈছিল। বিখ্যাত আছটেকা ষ্টেডিয়ামত  খেলা মেক্সিকোৱে অহা দেওবাৰে ইংলেণ্ড আৰু কংগোৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বিজয়ী দলটোৰ বিৰুদ্ধে পৰৱৰ্তী মেচখন খেলিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *