সন্ধিয়াৰে পৰা সন্ধানহীন! নলবাৰীত একেলগে উদ্ধাৰ প্ৰেমিক যুগলৰ মৃতদেহ, চাঞ্চল্য

ৰাতিৰ আন্ধাৰত ঘৰৰ পৰা ওলাই গৈছিল দুয়ো। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ কৰিও লাভ কৰা নাছিল কোনো সন্ধান। কিন্তু পুৱাৰ ভাগত পথাৰত গৰু এৰাল দিবলৈ অহা স্থানীয় লোকে প্ৰত্যক্ষ কৰে এক হৃদয়বিদাৰক দৃশ্য। জংঘলৰ মাজত এডাল গছত একেদাল ৰচিৰে ওলমি আছিল প্ৰেমিক যুগল।

নলবাৰী জিলাৰ বালিতাৰা অঞ্চলত সংঘটিত এই ঘটনাই সমগ্ৰ এলেকাটোত শোকৰ ছাঁ পেলাইছে। মৃতসকল হৈছে বালিতাৰা গাঁৱৰ উজ্বল কলিতা আৰু ৰঙাফালি গাঁৱৰ নিশা কলিতা। নিশা দশম শ্ৰেণীৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা প্ৰায় ১২ বজাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল দুয়ো। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ চলালেও তেওঁলোকৰ কোনো সন্ধান লাভ কৰা নাছিল।

বৃহস্পতিবাৰে পুৱা বালিতাৰাৰ পথাৰৰ কাষৰ জংঘলত গৰু এৰাল দিবলৈ অহা কেইবাজনো লোকে প্ৰথমে মৃতদেহ দুটা প্ৰত্যক্ষ কৰে। খবৰ লাভ কৰি ঘটনাস্থলত উপস্থিত হয় আৰক্ষী।

প্ৰাথমিকভাৱে একেদাল ৰচিৰে চিপ লৈ আত্মহত্যা কৰাৰ আশংকা কৰা হৈছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাস্থলত ভিৰ কৰে বহু স্থানীয় লোকে। একেলগে দুয়োজন যুৱক-যুৱতীৰ এই কৰুণ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *